ETV Bharat / state

press Meet of TMC at Guwahati: NRI ৰ বাবে আসন সংৰক্ষণৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Jun 19, 2023, 5:38 PM IST

Updated : Jun 20, 2023, 9:25 AM IST

প্ৰবাসী ভাৰতীয়ৰ বাবে চিকিৎসা শিক্ষাত আসন সংৰক্ষণৰ বিৰোধিতা কৰি সংবাদমেল অসম তৃণমূল কংগ্ৰেছৰ । চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ ফলত এন আৰ আইৰ বাবে মুঠ ১২৬ খন সংৰক্ষিত হ'লে ক্ষতি হ'ব অসমৰ ছাত্ৰ সমাজৰ ।

TMC demand cancellation of NRI MBBS reservation
অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ১৯ জুন:অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰবাসী ভাৰতীয়ৰ বাবে আসন সংৰক্ষণৰ তীব্ৰ বিৰোধিতা কৰিছে অসম তৃণমূল কংগ্ৰেছে । সোমবাৰে দলৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ এম বি বিএছ পাঠ্যক্ৰমত এন আৰ আইৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰিব বিচৰাটো অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্ত । ইয়াৰ ফলত অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ সুযোগৰ পৰা বঞ্চিত হ'ব ।

মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়," অসমত এমবিবিএছ পাঠ্যক্ৰমৰ মুঠ আসনৰ সংখ্যা হৈছে ১৫০০ খন । ইতিমধ্যে থকা বিভিন্ন সংৰক্ষণ আৰু এন আৰ আইৰ বাবে থকা সংৰক্ষণৰ পাছত অসংৰক্ষিত আসনৰ সংখ্যা হ'ব মাত্ৰ ৩৭৫ খন । অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ ফলত এন আৰ আইৰ বাবে মুঠ ১২৬ খন সংৰক্ষিত হ'ব । আমি এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছো । আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুযোগ সীমিত কৰি বিদেশত থকা আৰ্থিকভাৱে যথেষ্ট স্বচ্ছল ভাৰতীয়ৰ সন্তানক মেডিকেল অধ্যয়নৰ সুযোগ দিবলৈ যোৱাটো মানি ল'ব নোৱাৰি । "

তেওঁ পুনৰ কয় যে আৰ্থিকভাৱে ভাঙি পৰা চৰকাৰখনে বৃহৎ অৰ্থৰ বিনিময়ত এন আৰ আইক মেডিকেলৰ আসন দিয়া কথাটো মানি ল'ব নোৱাৰি । আনহাতে, এই সংৰক্ষণৰ ফলত মেডিকেল অধ্যয়নৰ যোগ্যতা নিৰ্ণয়কাৰী নীট পৰীক্ষাত ৫৫০ নম্বৰ পোৱা অসমৰ ছাত্ৰজনেও অধ্যয়নৰ সুবিধা নাপাব, কিন্তু এন আৰ আই হোৱাৰ বাবেই ৪০০ নম্বৰ নম্বৰ পোৱা ছাত্ৰ এজনেও অধ্যয়নৰ সুযোগ পাব । এয়া কোনো কাৰণতে মানি ল'ব নোৱাৰি বুলি তেওঁ সকীয়াই দিয়ে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত ১৯৯৩ চনত মুখ্যমন্ত্ৰী কোটাৰ বাবে ৫ খন সংৰক্ষণ কৰিছিল যদিও ছাত্ৰ সমাজৰ প্ৰতিবাদৰ বাবে এয়া প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল । সেইদৰে ভাৰতৰ বিভিন্ন ৰাজ্য যেনে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ বাবে এনে আৰ আইৰ বাবে সংৰক্ষণ ব্যৱস্থা উঠাই দিবলৈ তাৰ চৰকাৰসমূহ বাধ্য হৈছে । তেওঁ কয় ," আজি অনাহক কিছুমান খৰচেৰে চৰকাৰখনে ৰাজকোষৰ ধন অপব্যয় কৰি থকা আমি দেখি আহিছো । শেহতীয়াকৈ ১২৫ কোটি টকা খৰচ কৰি সচিবালয়ৰ মেৰামতি কৰাৰ সিদ্ধান্ত লৈছে । এনেকৈ অযথা খৰচ কৰা চৰকাৰখনে আৰ্থিক জোৰা মাৰিবলৈ এন আৰ আইক অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ আসন বিক্ৰী কৰিবলৈ যোৱাটো অৰ্থহীন কথা । অৰ্থাভাৱত ভোগা চৰকাৰখনে আজি শিক্ষা বিভাগ চলাব নোৱাৰা হৈছে । কিন্তু অযথা খৰচ কৰিবলৈও এৰা নাই । "

তেওঁ এন আৰ আইৰ বাবে মেডিকেল আসন সংৰক্ষণৰ চিন্তা বাদ দি অন্তত ৫০০ খন মান আসন অসমৰ অসংৰক্ষিত ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি ৰাখিবলৈ দাবী জনায় । ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অসম আৰু অসমীয়াৰ বিৰোধী কাম কৰাৰ পৰা বিৰত থাকিবলৈ অসম তৃণমূল কংগ্ৰেছে সকীয়াই দিয়ে ।

লগতে পঢ়ক:ATSA protest in Titabor: বৰহোলাত চাহ শ্ৰমিকৰ ভূমি পট্টাৰ দাবীত আটছাৰ ধৰ্ণা

Last Updated : Jun 20, 2023, 9:25 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.