গুৱাহাটী ১৩ জানুৱাৰী : শেহতীয়াকৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিৰোধী শূণ্য হোৱাক গণতন্ত্ৰৰ বাবে চিন্তনীয় বিষয় বুলি উল্লেখ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ’ল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ শনিবাৰে মহানগৰীৰ জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি পৰিষদৰ নিৰ্বাচন সম্পৰ্কত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে বৰাই ৷
কংগ্ৰেছে পৰিষদীয় নিৰ্বাচনত অলপো চেষ্টা নকৰাৰ বাবে বিৰোধী শূণ্য হোৱা বুলি উল্লেখ কৰি টি এম চিৰ সভাপতি বৰাই কয়, ‘‘ অসম তৃণমূল কংগ্ৰেছে কোনো ধৰণৰ আসন লাভ কৰা নাই যদিও অসমত প্ৰথমবাৰৰ বাবে আমি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিলো ৷ নিৰ্বাচনী যুঁজত শক্তিশালী কংগ্ৰেছক চেৰ পেলাই মুঠ 8 টা সমষ্টিত দ্বিতীয় সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছে অসম তৃণমূল কংগ্ৰেছ ৷ সৰ্বমুঠ 11 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল অসম তৃণমূল কংগ্ৰেছে ৷ 11 খন আসনত বিজেপিয়ে লাভ কৰে 32,277 টা ভোট, তৃণমূল কংগ্ৰেছে লাভ কৰে 7,491 টা ভোট বিপৰীতে কংগ্ৰেছে লাভ কৰে 4,924 টা ভোট ৷ ইয়াৰ দ্বাৰাই অসম প্ৰদেশ কংগ্ৰেছৰ দুৰ্বল ভূমিকাৰ কথা স্পষ্ট হৈ পৰিছে ৷ প্ৰদেশ কংগ্ৰেছৰ দলীয় নেতৃত্বই অলপ প্ৰচাৰ চলোৱা হ’লে বিজেপিৰ বাবে কঠিন আছিল ৷ কিন্তু তেওঁলোকে গুৰুত্বই নিদিলে ৷’’
তেওঁ লগতে কয়, ‘‘নিজৰ ক্ষমতা দেখুওৱাবলৈকে এখন পৰিষদীয় নিৰ্বাচনত মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ শীৰ্ষ নেতা জপিয়াই পৰিছিল ৷ তেওঁলোকে ধন, ক্ষমতাৰ অপপ্ৰয়োগ কৰিছিল ৷ তথাপিও যিদৰে ৰাইজে আমাক মৰম দিলে তাৰ বাবে ডিমা হাছাওবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো ৷ কিন্তু নিৰ্বাচনত বিৰোধী শূণ্য হোৱাটো গণতন্ত্ৰৰ বাবে এক চিন্তনীয় বিষয় ৷’’
লগতে পঢ়ক : সম্পত্তিৰ কৰ পৰিশোধ নকৰা সকললৈ মাঘ বিহুৰ বিশেষ অফাৰ জি এম চিৰ