ETV Bharat / state

গুৱাহাটী মহানগৰীতো পালন শংকৰ দেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি - Srimanta Sankardev

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি । ৰাজ্যৰ সকলো প্ৰান্ততে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি ৷ ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও ।

Tithi of Srimanta Sankardev 2021
গুৱাহাটী মহানগৰীতো পালন কৰা ৫৪৩ সংখ্যক গুৰুজনাৰ তিৰোভাৱ তিথি
author img

By

Published : Sep 8, 2021, 7:49 PM IST

Updated : Sep 8, 2021, 7:55 PM IST

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । ক'ৰণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ মহানগৰীৰ সত্ৰ-নামঘৰ সমূহত গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয় । মহানগৰীৰ শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ পল্টনবজাৰ নামঘৰ, আমবাৰী ৰে'লৱে কলনী গোপালকৃষ্ণ নামঘৰ, কুমাৰপাৰা ৰাজহুৱা নামঘৰ, দুৰ্গাসৰোবৰ নামঘৰকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত থকা নামঘৰ সমূহত গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় ।

গুৱাহাটী মহানগৰীতো পালন কৰা 453 সংখ্যক গুৰুজনাৰ তিৰোভাৱ তিথি

নামঘৰৰ বিষয়ববীয়া সকলে জনোৱা মতে, বিগত দুবছৰ ধৰি কৰণাৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি । সম্পূৰ্ণ ক'ভিড নীতি নিয়মৰ মাজেৰে নাম প্ৰসংগ কৰা হয় । গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নামঘৰ সমূহলৈ বহু ভক্তৰ সমাগম হয় যদিও এইবাৰ ভক্তৰ সমাগম সীমিত বুলি জানিবলৈ দিয়ে নামঘৰৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক: আলফা(স্বা) ৰ নতুন ৰূপেৰে পৰেশ বৰুৱাৰ কিহৰ ইংগিত ?

আনহাতে, বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত গুৰুজনাক সুঁৱৰি নাম প্ৰসংগ অনুষ্ঠান আয়োজন কৰা হয় । নলবাৰী বৰক্ষেত্ৰীৰ পৰা অহা ভকত বৈষ্ণৱ বৃন্দই নাম প্ৰসংগত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি গুৰুজনাৰ প্ৰতি সেৱা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,দিল্লীত নামঘৰ প্ৰতিষ্ঠা কৰাৰ বাবে দিল্লীৰ উপ-ৰাজ্যপালৰ সৈতে ইতিমধ্যে আলোচনা কৰা কৰিছে । অনুষ্ঠানত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিংহাল, পৰিমল শুক্লবৈদ্য, যোগেন মোহনৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে।

ইফালে, বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ উদ্যোগত উলুবাৰীৰ পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ কাৰ্যালয়তো দিনযোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় ।

লগতে পঢ়ক: শিক্ষকৰ ৰূপত বজালী জিলাৰ উপায়ুক্ত

Last Updated : Sep 8, 2021, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.