গুৱাহাটী, ৮ জুন: COVID 19 ৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া আৰম্ভ হৈছে জাপানীজ এনকেফেলাইটিছৰ বতৰ । ইতিমধ্যে ৰাজ্যৰ কেতবোৰ অঞ্চলত এই ৰোগৰ প্ৰাদূৰ্ভাৱ দেখা গৈছে । অৱশ্যে এই পৰ্যন্ত ভয়ংকৰ ৰূপ ধাৰণ কৰা নাই জাপানীজ এনকেফেলাইটিছে । বিগত বৰ্ষত এই সময়চোৱাত অসমত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছিল।
স্বাস্থ্য বিভাগৰ তথ্য মতে যোৱাটো বছৰত এই ৰোগত অসমত ৬৪২ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ১৬১ গৰাকীৰ মৃত্যু ঘটিছিল। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা এন ভি বি ডি চি পিৰ এছ পি অ' ডাঃ হৰপাল সিং চুৰীয়ে। ডাঃ চুৰীয়েই এতিয়া জাপানীজ এনকেফেলাইটিছৰ সমগ্ৰ বিষয়টোৰ দায়িত্ববাহী বিষয়া ।
ইপিনে,জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা পাবলৈ প্ৰায় ২১ লাখ ৫০ হাজাৰ ঔষধযুক্ত আঠুৱা কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৱন্টন দিছে আৰু সেইখিনি শীঘ্ৰে অসম পাবহি বুলি ডাঃ চূৰীয়ে জানিবলৈ দিয়ে । মূলতঃ পাহাৰীয়া জিলাকেইখনতে এই আঠুৱাসমূহ বিতৰণ কৰা হ'ব । একেসময়তে এই ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছাম কমিউনিটি চাৰ্ভিলেঞ্চ প্ৰগ্ৰেমৰ অধীনত বিভিন্ন কাম কৰি থকা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। মন কৰিবলগীয়া যে বিগত বৰ্ষত জাপানীজ এনকেফেলাইটিছত সৰ্বাধিক লোকৰ মৃত্যু ঘটিছিল গোৱালপাৰা (১৩ জন), লখিমপুৰ (৯), ডিব্ৰুগড় (১১), যোৰহাট (১২), শোণিতপুৰ (৭) আৰু নগাঁৱত (৯) ।