নিউজ ডেস্ক, 7 মে': অসমবাসীৰ বহু প্ৰতিবাদ, আন্দোলন, বাদ-বিবাদ আদিক নস্যাৎ কৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে চলিত বৰ্ষৰ 15 আগষ্টৰ পৰা নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পৰ দু়টা গোটৰ উৎপাদন আৰম্ভ কৰিবলৈ বদ্ধপৰিকৰ হৈছে (NHPC to start production from august 15) ৷ প্ৰথমাৱস্থাত এই দুয়োটা গোটৰ পৰা 500 মেগাৱাটকৈ বিদ্য়ুৎ উৎপাদনৰ লক্ষ্য় নিৰ্দ্ধাৰণ কৰা হৈছে ৷
কিন্তু প্ৰশ্ন উঠিছে অসমবাসীৰ বাবে কিমান নিৰাপদ হব নামনি সোৱণশিৰিৰ এই দুটা প্ৰকল্প (Threat for Assam from NHPC's project) ! কিয়নো শেহতীয়াকৈ কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে নামনি সোৱণশিৰি প্ৰকল্পৰ চৰজমিন অধ্য়য়ন কৰাৰ অন্তত যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনে অসমৰ বাবে এক ভয়ংকৰ বিপদৰ আগজাননী দিছে ৷
প্ৰাধিকৰণে দাখিল কৰা প্ৰতিবেদন অনুসৰি যি দুটা গোটৰ উৎপাদন আগষ্টত আৰম্ভ কৰাৰ কথা ভাৰত চৰকাৰে ঘোষণা কৰিছে সেই দুয়োটা গোটৰে সুৰক্ষাৰ পকী বেৰ খহি পৰিছিল ৷ আনকি যি সময়ত প্ৰাধিকৰণৰ প্ৰতিনিধি দলে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিছিল সেই সময়ত উক্ত দুয়োখন বেৰৰ মেৰামতিৰ কাম চলি আছিল বুলিও উল্লেখ কৰা হৈছে প্ৰতিবেদনত ৷
নামনি সোৱণশিৰি প্ৰকল্পৰ ভয়াবহতাৰ বিষয়টো আইনৰ মজিয়ালৈ লৈ যোৱা বিশিষ্ট অধিবক্তা তুলাৰাম গগৈয়ে শণিবাৰে ই টিভি ভাৰতক জানিবলৈ দিয়ে যে, উৎপাদন আৰম্ভ কৰিবলৈ লোৱা গোট দুটা অতিৰিক্ত হেঁচা সহ্য কৰিব পৰাকৈ যথোপযুক্ত হয় নে নহয় সেয়া এখন সুকীয়া বিশেষজ্ঞ কমিটিৰ হতুৱাই পৰীক্ষা কৰা উচিত বুলিও প্ৰতিবেদনত কোৱা হৈছে ৷ উল্লেখ্য যে, বিগত 1 এপ্ৰিলত হুৰহুৰকৈ খহি পৰিছিল নামনি সোৱণশিৰিৰ পকী বেৰ ৷
লগতে পঢ়ক : ৰাজহ ঘাটিৰ অনুদান : অসমৰ বাবে ৪০৭.৫০ কোটি টকা মুকলি কেন্দ্ৰৰ