ETV Bharat / state

এইবাৰো সম্ভব নহ’ল বিজেপি বিৰোধী মহাজোঁট বন্ধন

author img

By

Published : Jan 20, 2021, 10:49 PM IST

কংগ্ৰেছ, এআইইউডিএফ আৰু বাওঁপন্থী দল সমূহ একত্ৰিত হ’লেও কাৰ্যতঃ সমাগত নিৰ্বাচনটোৰ বাবে এইবাৰো একেখন মঞ্চত লগ হোৱাটো সম্ভৱ নহ’ল বিজেপি বিৰোধী শিবিৰৰ বাবে । কাৰ্যতঃ সম্ভৱ হৈ নুঠিল বিজেপিৰ আধিপত্য ভাঙি তচনচ কৰিব পৰা সবল বিৰোধী ঐক্যৰ ফলপ্ৰসূ মহাজোঁট। এনে প্ৰাক্ নিৰ্বাচনী পৰিস্থিতিয়ে অহা নিৰ্বাচনটোৰ ফলাফল কোন দিশে যাব সেয়া প্ৰায় স্পষ্ট কৰি তুলিছে ।

এইবাৰো সম্ভব নহ’ল বিজেপি বিৰোধী মহাজোঁট বন্ধন
এইবাৰো সম্ভব নহ’ল বিজেপি বিৰোধী মহাজোঁট বন্ধন

গুৱাহাটী, 20 জানুৱাৰী : ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি শীৰ্ষ নেতৃত্বৰ দলৰ উপস্থিতিত মঙলবাৰে গুৱাহাটীত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু অন্যান্য বাওঁপন্থী দল সমুহৰ মাজত 'মহাজোঁট বন্ধন' গঠিত হোৱাৰ খবৰে স্বাভাৱিকতেই প্ৰাক্ নিৰ্বাচনী ৰাজনীতিক এক মাত্ৰা প্ৰদান কৰিছে । কিন্তু এই মিত্ৰতাই যে সামগ্ৰিকভাৱে শাসকীয় বিজেপি বিৰোধী দল সমূহক একত্ৰিত কৰাত ব্যৰ্থ হ’ল সেয়া এই মূহুৰ্তত স্পষ্ট হৈ উঠিছে । কাৰণ কেৱল এআইইউডিএফ থকা বাবেই এই মহাজোঁটত চামিল নহ’ল নতুনকৈ গঠিত দুই আঞ্চলিকতাবাদী ৰাজনৈতিক দল ক্ৰমে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল । যোৱা 18 জানুৱাৰীত আঞ্চলিক গণ মৰ্চা নামৰ সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন সংগঠনটোৱে গুৱাহাটীত পতা ৰাজনৈতিক অভিযানত অজাপই অংশগ্ৰহণ নকৰা আৰু ৰাইজৰ দলে অংশগ্ৰহণ কৰিও এআইইউডিএফৰ দৰে সাম্প্ৰদায়িক শক্তিৰ লগত মিত্ৰতা নকৰো বুলি কোৱাৰ লগে লগে এই আঞ্চলিক শক্তি দুটা তৃতীয় স্থানত অৱস্থান লোৱাটো নিশ্চিত হৈ পৰিছিল ।

অতি লক্ষণীয়ভাৱে এই অভিৱৰ্তনৰ পিচদিনাই মহানগৰীৰ হোটেল পেলাছিঅ’ত কংগ্ৰেছৰ জিতেন্দ্ৰ সিং তথা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ উপস্থিতিত এআইইউডিএফ, আঞ্চলিক গণ মৰ্চা আৰু আন বাওঁ পন্থী ৰাজনৈতিক দল সমূহে মহাজোঁটবন্ধনৰ কথা ঘোষণা কৰে । এই ৰাজনৈতিক সিদ্ধান্ত পোহৰলৈ অহাৰ লগে লগে সমাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দী ফৈদ তিনিটা বুলি প্ৰতিপন্ন হৈছে । এই ফৈদ কেইটা হ’ল - বিজেপি-অগপ- ইউ পি পি এল আৰু শাসকীয় জোঁটবন্ধনত ইতিমধ্যেই অংশগ্ৰহণ কৰা সৰু সৰু দল সমুহ, কংগ্ৰেছ-এ আই ইউ ডি এফ- চিপিআই-চিপিএম - আঞ্চলিক গণ মৰ্চা আৰু অসম জাতীয় পৰিষদ-ৰাইজৰ দল । হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফ দলে এইবাৰ কোনটো ফৈদৰ লগত থাকিব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই । আমাৰ হাতত পৰা তথ্য অনুসৰি এইবাৰ বিটিআৰ অঞ্চলে সামৰি লোৱা প্ৰায় ওঠৰটা সমষ্টিত ইউ পি পি এল আৰু বিজেপিয়ে মিত্ৰতাৰ ভিত্তিত সমানে সমানে প্ৰাৰ্থী আগবঢ়াব ।

বিজেপি বিৰোধী শিবিৰ একলগ হ’ব নোৱাৰা পৰিস্থিতিয়ে যে শাসকীয় দল বিজেপিক উৎসাহিত কৰিছে সেয়া নিশ্চিত । তাৰ মাজতে কংগ্ৰেছৰ নেতৃত্বত আত্মপ্ৰকাশ কৰা ৰাজনৈতিক মহাজোঁটবন্ধনে উজনি অসমত কংগ্ৰেছকে বিপদত পেলাব বুলি হোৱা চৰ্চাই বিজেপিক অধিক উৎসাহিত কৰা পৰিলক্ষিত হৈছে । এই কথাত সন্দেহ নাই যে সংখ্যালঘু ভোটৰ বিভাজন ৰোধ কৰিবলৈকে কংগ্ৰেছ এআইইউডিএফৰ সৈতে মিত্ৰতা কৰিছে । আপাততঃ সেয়া সম্ভৱো । নামনি আৰু মধ্য অসমৰ প্ৰায় 34 টা সমষ্টিত সংখালঘু ভোটাৰৰ আধিপত্য থকালৈ চাই এই অঞ্চলত ভোটৰ অংকৰ দিশৰ পৰা এই জোঁটবন্ধন ফলপ্ৰসূ হ’ব। কিন্তু যদি মিত্ৰতাৰ ভিত্তিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সময়ত দুয়ো দলৰ প্ৰাৰ্থীত্ব আকাংক্ষিৰ মাজত মতবিৰোধ হয় আৰু নিৰ্দলীয় হিচাবে প্ৰতিদন্দিতা কৰাৰ প্ৰশ্ন আহি পৰে তেতিয়া হিতে বিপৰীত হোৱাৰ আশংকা আছে ।

লগতে পঢ়ক : তিনিবছৰলৈ বাহাল থাকিব অগপৰ নৱগঠিত সমিতিৰ কাৰ্যকাল

ৰাজনৈতিক বিশ্লেষক সকলৰ মতে, এআইইউডিএফ কিম্বা কংগ্ৰেছ, দুয়োটা দলৰ নেতা কৰ্মী সকল এতিয়া মৌলানা বদৰুদ্দিন আজমল আৰু ৰিপুন বৰাৰ কাঢ়া নিয়ন্ত্ৰণত নাই । গতিকে, প্ৰাৰ্থীত্ব প্ৰদান কিম্বা সমষ্টি এৰি দিয়াৰ সময়ত এইবাৰ এক জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা স্পষ্ট । আনহাতে, তৃতীয় স্থানত অৱস্থান কৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত হ’ব লগা মিত্ৰতাত মূলত দুটা উমৈহতীয়া কাৰকে ক্ৰিয়া কৰিছে । সেয়া হ’ল, আঞ্চলিকতা তথা জাতীয়তাবাদ আৰু সাম্প্ৰদায়িকতা বিৰোধী অৱস্থান । দেখাত দুয়োটা কাৰকেই প্ৰাসংগিক ।

কা বিৰোধী আন্দোলন আৰু বিজেপিৰ অতি ৰাষ্ট্ৰীয়তাবাদৰ বিপৰীতে এয়া হ’ব পাৰে এক সবল ৰাজনৈতিক অৱস্থান । কিন্তু তত্বগত মিত্ৰতাৰ পাছত সমষ্টিৰ ভাগবাটোৱাৰা আৰু প্ৰাৰ্থীত্ব প্ৰদানৰ সময়ত এই দুই দলৰ মাজতো যথেষ্ট আহুকাল হোৱাৰ আশংকা আছে । উদাহৰণ স্বৰূপে পাটাছাৰকুছি সমষ্টিত অজাপৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক পবিন্দ্ৰ ডেকাই খেলিব নে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে খেলিব, বা সৰুপথাৰ সমষ্টিত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই তেওঁৰ গৃহ সমষ্টিটো অজাপৰ ৰাজু ফুকনক এৰি দিবনে নাই সেয়া এই মূহুৰ্তত জটিল প্ৰশ্ন । সেয়ে ঘোষিত জোঁটবন্ধন আৰু পৰিস্থিতি কেন্দ্ৰিক সমৰকৌশলৰ মাজত যে এক পাৰ্থক্য আছে সেয়া এই নিৰ্বাচনে অধিক স্পষ্ট কৰিব ।

লগতে পঢ়ক : মহাজোঁট বন্ধনলৈ আহিবলৈ ৰাইজৰ দল-এজেপিক আহ্বান আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.