গুৱাহাটী, 5 অক্টোবৰ: গুৱাহাটী মহানগৰীত ব্যাপক হাৰত অপৰাধমূলক ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সোমবাৰে দিছপুৰৰ জটিয়াত চিলনী চোৰে আক্ৰমণ কৰে এগৰাকী মহিলাক ।
বাইকত গৈ থকা অৱস্থাত মহিলা গৰাকীক আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিলে 4 লাখকৈ টকা । ধন কাঢ়ি দুৰ্বৃত্তই বাইকৰ পৰা পেলাই দিলে মহিলাগৰাকীক ।
উল্লেখ্য যে,দিছপুৰৰ জটিয়াস্থিত ষ্টেট বেংকৰ পৰা 4 লাখ টকা উলিয়াই ভাতৃৰ সৈতে বাইকত গৈ আছিল মহিলাগৰাকী । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলা গৰাকী কাহিলীপাৰাৰ দক্ষিণ গাঁৱৰ চুৰিয়া বেগম বুলি জানিব পৰা গৈছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ।
লগতে পঢ়ক: মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুত নাৰায়ণপুৰত ভয়াৱহ পৰিস্থিতি