ETV Bharat / state

চন্দ্ৰপুৰত ডাম্পাৰ চোৰক উত্তম-মধ্যম ৰাইজৰ

author img

By

Published : Oct 8, 2020, 6:42 AM IST

চুৰিকাৰ্য কৰিবলৈ আহি হাতে-লোটে চুৰ ধৰা পৰিল গৰাকীৰ হাতত ৷ এতিয়া ৰঙাঘৰৰ আলহী হ’ল ধৃত চোৰ ভূপেন্দ্ৰ ৷ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে ৷

thief arrested at guwahati
চন্দ্ৰপুৰত ডাম্পাৰ চোৰক উত্তম-মধ্যম ৰাইজৰ

গুৱাহাটী,8 অক্টোবৰঃ গুৱাহাটী মহানগৰীত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাই আছে চুৰি-ডকাইতিৰ দৰে ঘটনা। বুধবাৰে নিশা মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এন্ধাৰৰ সুযোগলৈ চোৰে এখন ডাম্পাৰ চুৰি কৰিবলৈ চেষ্টা কৰিবলৈ লেৱাৰ সময়তে ডাম্পাৰৰ গৰাকীয়ে হাতে লোতে ধৰে চোৰটোক।

ইপিনে চোৰটোক কৰায়ত্ব কৰি ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। ধৃত চোৰটোৰ নাম ভূপেন্দ্ৰ বুলি জানিব পৰা গৈছে। চোৰটোৰ ভাষ্য অনুসৰি, চুৰিকাৰ্যৰ লগত জড়িত আছে আৰু দুজন ব্যক্তি। ৫০০০ টকাৰ বিনিময়ত ডাম্পাৰখন চুৰি কৰিব আহিছিল ভূপেন্দ্ৰে। ডাম্পাৰখন চুৰি কৰি নাৰেংগী-ফৰেষ্টগেটত নি দিব পাৰিলে ব্যক্তি দুজনে দিব উক্ত ৫০০০ টকা। আনহাতে চোৰটোক গ্ৰেপ্তাৰ কৰিছে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে। সম্প্ৰতি ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে আৰক্ষীয়ে।

লগতে পঢ়কঃ 10 মিলিয়ন যাত্ৰী পৰিচালনা কৰিবলৈ সক্ষম হোৱাৰ দিশে গুৱাহাটী বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.