ETV Bharat / state

Theme Song of Lachit Divas: লাচিত দিৱসৰ থিম ছং মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Nov 16, 2022, 8:36 PM IST

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী এইবাৰ অসম চৰকাৰৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞ‍ান ভৱনত ২৩, ২৪ আৰু ২৫ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব । এই উপলক্ষে আজি লাচিত দিৱসৰ থিম ছং মুকলি কৰা হয়(Lachit Divas Theme song launched by CM) । জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত থিম ছং আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

CM Himanta Biswa Sarma release the Theme Song of Lachit Divas programme
লাচিত দিৱসৰ থিম ছং মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী, ১৬ নৱেম্বৰ: বীৰ লাচিত বৰফুকনৰ (Lachit Borphukan) ৪০০ বছৰীয়া জয়ন্তী এইবাৰ অসম চৰকাৰৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞ‍ান ভৱনত ২৩, ২৪ আৰু ২৫ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব । এই উপলক্ষে আজি লাচিত দিৱসৰ থিম ছং মুকলি কৰা হয় । জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত থিম ছং আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

জুবিন গাৰ্গে প্ৰস্তুত কৰা গানটোৰ জৰিয়তে মহাবীৰ লাচিতৰ সাহস-ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ লগতে লাচিত দিৱসৰ গুৰুত্ব আৰু ভাবাবেগ যাতে সৰ্বস্তৰতে বিয়পি পৰে তাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ শীর্ষ গীতটোত নিগৰিত হৈ থকা স্বদেশপ্ৰেমে অসমবাসীক পুনৰ এবাৰ স্বদেশ আৰু স্বজাতিৰ প্ৰেমেৰে উজ্জীৱিত কৰাৰ লগতে মহাবীৰ গৰাকীৰ আদৰ্শক নৱপ্ৰজন্মৰ হৃদয়ত প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

থিম ছং মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ অম্লান প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী অসম চৰকাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে । এটা কাৰ্যসূচী জিলা পৰ্যায়ত আৰু এটা কাৰ্যসূচী আন্তঃৰাজ্যিক পৰ্যায়ত । জিলা পৰ্যায়ৰ কৰ্যসূচী ১৮ নৱেম্বৰৰ দিনা প্ৰতিখন জিলাত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা বাহিনী আৰু এন চি চিৰ মাৰ্চ পাচৰ দ্বাৰা আৰম্ভ হ’ব ।

১৯ নৱেম্বৰত সমগ্ৰ অসমতে জিলা ভিত্তিত শিক্ষানুষ্ঠানত ৰচনা প্ৰতিযোগীতা অনুষ্ঠিত হ’ব । ২০ নৱেম্বৰত যোৰহাটৰ লাচিত মৈদামত ইয়াৰ সম্প্ৰসাৰণৰ বাবে ৰাইজৰ পৰা ৫০ বিঘা মাটি গ্ৰহণ কৰা হ’ব । এই ভূমি অধিগ্ৰহণৰ মূল্য প্ৰায় চাৰে বাৰ কোটি টকা হ'ব । আনহাতে ২০, ২১ আৰু ২২ নৱেম্বৰত জিলা উপায়ুক্তসকলে বিভিন্ন সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰিব । সেইদৰে ২৩, ২৪ আৰু ২৫ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব ।

২৩ নৱেম্বৰত পুৱা ১১ বজাত অনুষ্ঠিত হ’বলগীয়া আলোচনাচক্ৰ অসমৰ আৰু ৰাষ্ট্ৰীয় দুগৰাকী পেনেলিষ্ট তথা বুৰঞ্জীবিদে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আলোকপাত কৰিব । আনহাতে এখন প্ৰদৰ্শনীও ২৩ নৱেম্বৰত মুকলি কৰা হ’ব । ২৪ নৱেম্বৰত দিনৰ ১১ বজাত আন এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব । সেইদিনা বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ মুকলি কৰিব ।

এই তথ্যচিত্ৰখন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় চেনেলত সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা । ২৫ নৱেম্বৰৰ দিনা সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰি দেশবাসীক সম্বোধন কৰিব । আনহাতে বুৰঞ্জীৰ ৪০০ গৰাকী শিক্ষাৰ্থীক এখন বিশেষ ৰাজধানী এক্সপ্ৰেছ যোগে দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি বিভিন্ন সংগঠনৰ ৩০০ গৰাকী লোকক দিল্লীলৈ নিয়া হ’ব । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে লাচিত বৰফুকনৰ নামত বছৰি এটা বঁটা প্ৰদান কৰাৰ বিষয়ত আলোচনা কৰি আছে ।

অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, যোগেন মহন, সঞ্জয় কিষাণ, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, বিমল বড়া আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্য কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: Millet mission in Assam: এইবাৰ চৰকাৰক ধান বেচি কৃষকে পাব প্ৰতি কুইন্টলত 2040 টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.