ETV Bharat / state

ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজা লোকজন...

author img

By

Published : Feb 24, 2020, 3:11 PM IST

Updated : Feb 24, 2020, 5:58 PM IST

অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন দীঘলীয়া সংগ্ৰাম ৷ ডিঙিলৈকে অন্ধবিশ্বাসত পোত গৈ থকা সমাজৰ একাংশ অশিক্ষিত লোকক মুক্ত কৰাৰ আপ্ৰাণ চেষ্টা চলাই আহিছে দিব্যজ্যোতি শইকীয়াই ৷ জনজাতি বসতিপূৰ্ণ অঞ্চল সমূহ শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ সংকল্প লোৱা দিব্যজ্যোতি শইকীয়াই ৰক্ষা কৰিছে ডাইনী হত্যাৰ পৰা বহু নিৰীহ লোকক ৷ তাতোকৈ ডাঙৰ কথা এইগৰাকী ব্যক্তিৰ দাবীত চৰকাৰে ডাইনী হত্যা ৰোধ কৰিবলৈ প্ৰণয়ন কৰিছে এখন বিশেষ আইন ৷

ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজা লোকজন...
ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজা লোকজন...

গুৱাহাটী, 24 ফেব্ৰুৱাৰীঃ সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূল কৰাৰ উদ্দেশ্যে ১৯৯৯ চনৰে পৰা অসমৰ এগৰাকী যুৱকে চলাই আহিছে অন্ধবিশ্বাসৰ বিৰুদ্ধে সাধাৰণ জনতাৰ মাজত ব্যাপক সজাগতা আৰু এক অবিৰত সংগ্ৰাম। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি কেইবাটাও ৰাষ্ট্রীয় পৰ্যায়ৰ বঁটা বুটলিবলৈ সক্ষম হৈছে এইগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে।

THE UNSUNG HERO DIBYAJYOTI SAIKIA ASSAM ETV BHARAT REPORT
অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন দীঘলীয়া সংগ্ৰাম

ডঃ দিব্যজ্যোতি শইকীয়া,মানৱ অধিকাৰ তথা সমাজৰ হৈ কাম কৰি অহা এগৰাকী কৰ্মী ৷ অন্ধবিশ্বাসৰ বিৰুদ্ধে চলাই থকা এখন দীঘলীয়া সংগ্ৰামৰ অক্লান্ত সেনানী দিব্যজ্যোতি শইকীয়া ৷ বহুলোকৰ দৰে সমাজ সেৱা কৰিবলৈ ওলাই অহা দিব্যজ্যোতি শইকীয়াৰ বাবে কিছু কঠিন আছিল তেওঁৰ লক্ষ্য পথ ৷ কিয়নো অনগ্ৰসৰ অঞ্চলৰ একাংশ অশিক্ষিত লোকৰ সৈতে যুজিবলগীয়া হৈছিল তেওঁ ৷ কিন্তু তেওঁ সকলো জানিও বাচি লৈছিল সেই পথ ৷ ডিঙিলৈকে অন্ধবিশ্বাসত পোতগৈ থকা সমাজখনৰ পৰা ডাইনী হত্যাৰ দৰে অশুভ শক্তিক প্ৰতিহত কৰাৰ বাবে সোমাই পৰিছিল বিভিন্ন জনজাতীয় অঞ্চলত ৷ অবিৰাম গতিত চলাইছিল ডাইনী হত্যাৰ বিৰুদ্ধে প্ৰচাৰ ৷ ৰাইজৰ মাজত সিঁচি দিছিল শিক্ষাৰ পোহৰ ৷ ইয়াৰ বাবে কৰিব লগা হৈছিল বহু সংগ্ৰাম ৷

অন্ধবিশ্বাসৰ বিৰুদ্ধে চলাই থকা এখন দীঘলীয়া সংগ্ৰামৰ অক্লান্ত সেনানী

১৯৯৯ চনৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত বহু ঘাত প্ৰতিঘাটৰ সন্মুখীন হ'ব লগা হৈছিল ডঃ দিব্যজ্যোতি শইকীয়া ৷ বহুতকে বুজাবলৈ গৈ অপ্ৰীতিকৰ পৰিৱেশৰো সন্মুখীন হৈছিল তেওঁ, কিন্তু থমকি ৰোৱা নাছিল তেওঁৰ এই চেষ্টা ৷ উল্লেখ্য যে, পৰিসংখ্যাৰ ফালৰ পৰা আমি যদি চাও তেনেহ'লে

  • বিগত 18 বছৰত ডাইনী সন্দেহত মৃত্যু হৈছে 161 জন লোকৰ
  • ডাইনী সন্দৰ্ভত ৰুজু হৈছে 133 টা গোচৰ
  • অসমৰ 17 খন জিলাত সংঘটিত হৈছে ডাইনী হত্যাৰ ঘটনা
  • কোকৰাঝাৰ জিলাতে মৃত্যু হৈছে 85 জন লোকৰ
  • চিৰাং জিলাত মৃত্যু হৈছে 28 জন লোকৰ
  • গোৱালপাৰা জিলাত মৃত্যু হৈছে 17 জন লোকৰ
  • তিনিচুকীয়া আৰু ওদালগুৰি জিলাত মৃত্যু হৈছে 15 জনৰ
  • নগাঁও জিলাত মৃত্যু হৈছে 10 জন লোকৰ
  • শোণিতপুৰত মৃত্যু হৈছে 8 জন লোকৰ
  • আৰু কাৰ্বি আংলং জিলাত মৃত্যু হৈছে 6 জন লোকৰ

    একাংশ অশিক্ষিত লোকক মুক্ত কৰাৰ আপ্ৰাণ চেষ্টা

ডঃ দিব্যজ্যোতি শইকীয়াই ডাইনীৰ নামত নিৰ্যাতিত বহু লোকক নতুন জীৱন প্ৰদান কৰি তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত অন্ধবিশ্বাস বিৰোধী সংগ্ৰাম আৰু সজাগতা সভা অনুষ্ঠিত কৰি এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰবল দাবীত ডাইনী হত্যাৰ বিৰুদ্ধে চৰকাৰে প্ৰণয়ন কৰিছিল আইন, কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই আইনখন যিদৰে কাৰ্যকৰী কৰিব লাগিছিল সেইদৰে কাৰ্যকৰী হোৱা নাই আজিও ৷ অন্ধবিশ্বাস,ডাইনীকাণ্ডৰ লগতে সমাজবিৰোধী কামৰ বিৰুদ্ধে যোৱা দুটা দশক ধৰি সংগ্ৰাম চলাই থকা সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই তেখেতৰ কামৰ স্বীকৃতি স্বৰূপে লাভ কৰিছে কেবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা । গণতন্ত্ৰ দিৱস উপলক্ষে ইণ্ডিয়া ষ্টাৰ বুক অৱ ৰেকৰ্ডছে "ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱাৰ্ডেৰে সন্মানিত কৰিছিল সমাজকর্মী দিব্যজ্যোতি শইকীয়াক। সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত দিব্যজ্যোতি শইকীয়াৰ এই যাত্ৰা অব্যাহত থাকক ৷

লগতে চাওকঃ

অসমৰ ভূমিত মেঘালয়ৰ অস্থায়ী সীমান্ত আৰক্ষী চকী

Last Updated : Feb 24, 2020, 5:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.