ETV Bharat / state

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু অসমঃ সময়ৰ ফাঁকেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী - অসমৰ ইতিহাসৰ পৃষ্ঠাৰ এক দীঘলীয়া অধ্যায় সামৰি লৈছে শেহতীয়াকৈ সম্পন্ন হ'বলৈ লোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে

অসমৰ ইতিহাসৰ পৃষ্ঠাৰ এক দীঘলীয়া অধ্যায় সামৰি লৈছে শেহতীয়াকৈ সম্পন্ন হ'বলৈ লোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে ৷ 1947চনৰ পৰা 2019চনলৈ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত অৱশেষত চলিত মাহৰ 31 তাৰিখে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিব অসমবাসীৰ বাবে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু অসমঃ সময়ৰ ফাঁকেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
author img

By

Published : Aug 14, 2019, 11:50 PM IST

Updated : Aug 30, 2019, 11:21 PM IST

নিউজ ডেস্ক, 14 আগষ্টঃ অসমৰ ইতিহাসৰ পৃষ্ঠাৰ এক দীঘলীয়া অধ্যায় সামৰি লৈছে শেহতীয়াকৈ সম্পন্ন হ'বলৈ লোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে ৷ 1947চনৰ পৰা 2019চনলৈ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত অৱশেষত চলিত মাহৰ 31 তাৰিখে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিব অসমবাসীৰ বাবে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে যিদৰে অসমবাসীক অবৈধ বাংলাদেশীৰ পৰা সকাহ দিবলৈ ওলাইছে ঠিক একেদৰেই এক দীঘলীয়া পৰিক্ৰমা পাৰ হৈ আহিছে অসমৰ ইতিহাসৰ বহু পৃষ্ঠা ৷

2018 চনৰ জুলাই মাহৰ 30 তাৰিখে প্ৰকাশ কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা সূচী ৷ সৰ্বমুঠ 32.9 মিলিয়ন আবেদনকাৰীৰ পৰা 28.9 মিলিয়ন আবেদনকাৰীৰ নাম প্ৰথমখন খচৰাত প্ৰকাশ পোৱাৰ বিপৰীতে 4 মিলিয়ন লোকৰ নাম বাদ পৰি ৰৈছিল ৷ বাদ পৰি ৰোৱা লোকসকলৰ ভিতৰত মাতৰ 2.95 মিলিয়ন লোকে 2018 চনৰ 31 ডিচেম্বৰৰ ভিতৰত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন দাখিল কৰিছিল ৷

নাগৰিকপঞ্জীৰ এই দীঘলীয়া সময়লানিৰ এক চমু অৱলোকনঃ

জুলাই 19, 1948 চনঃ

জৱাহৰলাল নেহৰুৰ সৈতে লিয়াকত আলী
জৱাহৰলাল নেহৰুৰ সৈতে লিয়াকত আলী
1948 চনৰ জুলাই মাহৰ 19 তাৰিখে 'Influx from West Pakistan (Control) Ordinance, 1948' বলৱৎ হোৱাৰ পিচতেই ভাৰতীয় নাগৰিকত্বৰ ধাৰনাৰ লগতে আৰম্ভ হৈছিল নাগৰিকত্বৰ অধিকাৰৰ সংগ্ৰাম ৷

প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু লিয়াকত আলী খানৰ মাজত সম্পাদিত চুক্তিয়ে ভাৰত-বাংলাদেশ (তেতিয়াৰ পূব-পাকিস্তান)ৰ সংখ্যালঘুসকলৰ অধিকাৰ সুনিশ্চিত কৰিছিল ৷ চুক্তি অনুসৰি, 1950 চনৰ 31 ডিচেম্বৰৰ ভিতৰত ইষ্ট বেংগল, ৱেষ্ট বেংগল, অসম আৰু ত্ৰিপুৰাৰ পৰা অহা শৰনাৰ্থীয়ে তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

মাৰ্চ 1, 1950 চনঃ

অবৈধ বিদেশীৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাক লৈ আৰম্ভ হৈছিল ছয়বছৰীয়া অসম আন্দোলন ৷ ইয়াৰ পিচতেই অবৈধ বিদেশী বিতাড়ণ আইনৰ দ্বাৰা কেন্দ্ৰ চৰকাৰে বিদেশী বহিষ্কৰণৰ ক্ষমতা নিজ হাতলৈ নিছিল ৷ আইনখনত হিন্দু শৰণাৰ্থী আৰু মুছলমান শৰনাৰ্থীৰ বিষয়ে পৃথকে-পৃথকে উল্লেখ কৰা হৈছিল ৷

1951 চনঃ

অসম আন্দোলনৰ সময়ৰ এখন ছবি
অসম আন্দোলনৰ সময়ৰ এখন ছবি
দেশৰ প্ৰথমটো জনসংখ্যা পিয়লৰ ওপৰত ভিত্তি কৰি অসমত সম্পন্ন কৰা হৈছিল প্ৰথমখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷

ডিচেম্বৰ 30, 1955 চনঃ
নাগৰিকত্ব আইন বলৱৎ তথা জন্ম, পঞ্জীয়ন আৰু বংশৰ ওপৰত ভিত্তি কৰি নাগৰিকত্বৰ সংজ্ঞা প্ৰদান ৷

1957 চনঃ
অসমৰ পৰা অবৈধ বিদেশী বিতাড়ন আইন বাতিল ৷

অক্টোবৰ 24, 1960 চনঃ
অসমত অসমীয়া ভাষাক চৰকাৰী ভাষাৰ মান্যতা প্ৰদান কৰিবলৈ বিধানসভাত গৃহীত হয় এক বিধেয়ক ৷

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতীকচিহ্ন
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতীকচিহ্ন

মে 19, 1961 চনঃ
বৰাক উপত্যকাৰ পৰা আৰম্ভ বাঙালী ভাষা আন্দোলন ৷ অসমীয়া ভাষাক চৰকাৰী ভাষা ঘোষণা কৰাৰ প্ৰতিবাদত শিলচৰৰ পৰা আৰম্ভ হয় অসমীয়া বিৰোধী আন্দোলন ৷

1961-1996 চনঃ
পাকিস্তানী নাগৰিকৰ ভাৰতত প্ৰৱেশত বাধা প্ৰকল্পৰ দ্বাৰা পূব পাকিস্তানৰ কেবাহাজাৰ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা খেদি দিয়া হয় ৷

1964 চনঃ
পূব পাকিস্তানত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ ফলত বৃহৎ হাৰে হিন্দু বাংলাদেশীৰ সীমা পাৰ হৈ ভাৰতত প্ৰৱেশ ৷

চেপ্তেম্বৰ 23, 1964 চনঃ
বিদেশী আইন 1946ৰ অধীনত কেন্দ্ৰৰ দ্বাৰা বিদেশী ন্যায়াধীকৰণ নিৰ্দেশ জাৰী ৷ অবৈধ বিদেশী চিনাক্তকৰণৰ বাবে বিদেশী ন্যায়াধীকৰণৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক আদালত স্থাপন ৷

ভাৰত-পাকিস্তান যুদ্ধই সৃষ্টি কৰা শৰনাৰ্থী শিৱিৰৰ দৃশ্য

এপ্ৰিল-চেপ্তেম্বৰ, 1965 চনঃ
ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ ৷ যুদ্ধৰ সময়তে দ্বিতীয়বাৰৰ বাবে বৃহৎ হাৰে অসমত প্ৰৱেশ বাংলাদেশী অনুপ্ৰৱেশকাৰী ৷

আগষ্ট 8, 1967চনঃ
সদৌ অসম ছাত্ৰ সংস্থা গঠন ৷ অসম চৰকাৰী ভাষা আইন সংশোধন কৰি বৰাকৰ তিনিখন জিলাত বাঙালী ভাষাক চৰকাৰী ভাষাৰ মান্যতা প্ৰদান ৷

1971 চনঃ
বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ ফলত দেশত বৃহৎ হাৰে বৃদ্ধি শৰণাৰ্থীৰ সংখ্যা ৷

অসম আন্দোলনৰ সময়ৰ এখন চিত্ৰ
অসম আন্দোলনৰ সময়ৰ এখন চিত্ৰ

1978 চনঃ
মংগলদৈ সংসদীয় সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বৃহৎ হাৰে অবৈধ নাগৰিকৰ ভোটদান ৷

ডিচেম্বৰ, 1979 চনঃ
অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন জাৰী আৰু পৰৱৰ্তী তিনিবছৰলৈ অব্যাহত ৰাষ্ট্ৰপতিৰ শাসন ৷

মে, 1980 চনঃ
অবৈধ বিদেশী বিতাড়ণৰ বাবে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু গঠন ৷

ফেব্ৰুৱাৰী 18, 1983 চনঃ
নেলীৰ গণহত্যা ৷ মাত্ৰ ছয়ঘন্টাৰ ভিতৰতে 14খনকৈ গাঁৱৰ প্ৰায় 3000তকৈয়ো অধিক লোকক হত্যা কৰাৰ লগতে তেওঁলোকৰ ঘৰ-সম্পত্তি জ্বলাই দিয়া হৈছিল ৷

আমছুৰ সংবাদমেল
আমছুৰ সংবাদমেল

1983 চনঃ
প্ৰতিবাদ আৰু বৰ্জনৰ পিচটো বলপূৰ্বকভাৱে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত ৷

ডিচেম্বৰ 12, 1983 চনঃ
অবৈধ প্ৰৱেশকাৰী( ন্যায়াধীকৰণৰদ্বাৰা চিনাক্ত) আইন গৃহীত ৷ আইনৰ দ্বাৰা 1966 আৰু 1971 চনৰ ভিতৰ অসমলৈ অহা অবৈধ অনুপ্ৰৱেশকাৰীক দহবছৰৰ বাবে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয় ৷ 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ ভিতৰত অসমত প্ৰৱেশ কৰা বুলি প্ৰমাণ দিব নোৱাৰাসকলক বিদেশী ঘোষণা কৰি বিতাড়ণ কৰা হ'ব বুলি প্ৰকাশ ৷

নেলী হত্যাকাণ্ডৰ ওপৰত লিখা এটা প্ৰবন্ধ
নেলী হত্যাকাণ্ডৰ ওপৰত লিখা এটা প্ৰবন্ধ

আগষ্ট 15, 1985 চনঃ
দীৰ্ঘদিনীয়া অসম আন্দোলনৰ সমাপ্তি আৰু অসম চুক্তি সম্পন্ন ৷ কেন্দ্ৰ চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত সম্পাদিত চুক্তি অনুসৰি নাগৰিকত্ব আইনত ব্যাপক সংশোধনৰ প্ৰস্তাৱ ৷

1-1-1966ৰ পূৰ্বেই অসমলৈ অহাসকলক পূৰ্ণ নাগৰিকত্বৰ অধিকাৰ, 1-1-1966ৰ পৰা 24-3-1971ৰ ভিতৰত অসমলৈ অহাসকলক 10 বছৰৰ বাবে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত আৰু 25-3-1971ৰ পিচত অসমলৈ অহাসকলক বিদেশী হিচাপে বিতাড়ন কৰা ৷

1983চনৰ বিধানসভা নিৰ্বাচনৰ দৃশ্য
1983চনৰ বিধানসভা নিৰ্বাচনৰ দৃশ্য

অসম চুক্তিৰ কেইটামান বিশেষ দফাঃ
* বিদেশী নাগৰিকক স্থায়ী সম্পত্তি ক্ৰয়ত বাধা আৰোপ
* জন্ম আৰু মৃত্যু পঞ্জীয়ন
* চৰকাৰী ভূমি অধিগ্ৰহণৰ পৰা বঞ্চিত কৰা
* অসমীয়া সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰসাৰ
* অৰ্থনৈতিক উন্নয়ন, শিক্ষাৰ ওপৰত গুৰুত্ব, বিজ্ঞান-প্ৰযুক্তিৰ সম্প্ৰসাৰণ
* নাগৰিকত্বৰ প্ৰমাণপত্ৰ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান
* সীমা সুৰক্ষা নিশ্চিত কৰা

1977 চনঃ
নিৰ্বাচনী আয়োগৰ দ্বাৰা D-Voter শব্দৰ অন্তৰ্ভূক্তি ৷ অসমৰ সৰ্বমুঠ 2.3 লাখ ভোটাৰক ডি-ভোটাৰ ঘোষণা ৷

অসম চুক্তি সম্পন্ন হোৱাৰ সময়ত তোলা ঐতিহাসিক ছবিখন

2003 চনঃ
নাগৰিকত্ব (সংশোধনী) আইন প্ৰৱৰ্তন ৷ 1955 চনৰ নাগৰিকত্ব আইনৰ বিপৰীতে এই আইনে 1950 চনৰ পৰা 1987 চনৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা সকলোকে ভাৰতীয় নাগৰিক আখ্যা দিয়ে ৷ 19887 চনৰ পৰা 2003 চনৰ ভিতৰত জন্মগ্ৰহণ কৰাসকল ভাৰতীয়, যদিহে তেওঁলোকৰ অভিভাৱকৰ যিকোনো এগৰাকী ভাৰতীয় ৷ 2004 চনৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা সকলোৱে ভাৰতীয় যদিহে তেওঁলোকৰ অভিভাৱকৰ যিকোনো এগৰাকী ভাৰতীয় আৰু আনগৰাকী অবৈধ বিদেশী নহয় ৷

জুলাই 2005 চনঃ
অবৈধ বিদেশী (ন্যায়াধীকৰণৰ দ্বাৰা চিনাক্ত) আইন, 1983ক অসাংবিধানিক ঘোষণা ৷ উচ্চতম ন্যায়ালয়ে অবৈধ বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ বাবে প্ৰধান বাধা বুলি উল্লেখ কৰি আইনখনক অসাংবিধানিক ঘোষণা কৰে ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকা অৱস্থা

জুলাই 2009 চনঃ
বেচৰকাৰী সংগঠন অসম পাব্লিক ৱৰ্কছৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদনযোগে অবৈধ তথা নথিভুক্ত নোহোৱা বিদেশী লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ আহ্বান ৷

জুন 10, 2010 চনঃ
অসমৰ দুটাকৈ ৰাজহখণ্ডত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পাইলট প্ৰকল্পৰ কাম আৰম্ভ ৷ আমছুৰ দ্বাৰা প্ৰতিবাদৰ পিচতে বন্ধ কৰি দিয়া হয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত নতুন দিল্লীত উলংগ প্ৰতিবাদ

জুলাই, 2011 চনঃ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত নতুন নীতি গঠন কৰিবলৈ কেবিনেটৰ সহকাৰী কমিটি গঠন ৷

জুলাই, 2012 চনঃ
অসম কেবিনেটৰ দ্বাৰা কেবিনেটৰ সহকাৰী কমিটিৰ গাঁঠনিগত প্ৰতিবেদনক স্বীকৃতি ৷

জুলাইৰ পৰা ডিচেম্বৰ 2013 চনঃ
অসম চৰকাৰৰ দ্বাৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত গাঁঠনিগত প্ৰতিবেদন দাখিল ৷
উচ্চতম ন্যায়ালয়ৰ দ্বাৰা অসম পাব্লিক ৱৰ্কছে দাখিল কৰা আবেদন গ্ৰহণ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণত গুৰুত্ব প্ৰদান ৷
উচ্চতম ন্যায়ালয়ৰ দ্বাৰা প্ৰতীক হাজেলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক নিযুক্তি ৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে চৰকাৰৰ দ্বাৰা ৰাজপত্ৰযোগে ঘোষণা ৷

লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং

2014 চনঃ
বিদেশী চিনাক্তকৰণ আইন, 1964ৰ অধীনত অসমত অতিৰিক্ত 64টা বৈদেশিক ন্যায়াধীকৰণ স্থাপন কৰি এই সংখ্যা 100লৈ বৃদ্ধি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ৷

মাৰ্চৰ পৰা আগষ্ট, 2015 চনঃ
অনলাইনযোগে লিগেচী ডাটা প্ৰকাশন ৷
উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত অসম চুক্তিৰ দফা অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে আবেদন আহ্বান আৰু পুনৰীক্ষণৰ কাম আৰম্ভ ৷

জুলাই 19, 2016 চনঃ
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সংসদত নাগৰিকত্ব (সংশোধনী) বিধেয়ক উত্থাপন ৷ বিধেয়কৰ দ্বাৰা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ অ-মুছলমান লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰস্তাৱ ৷

ডিচেম্বৰ 31, 2017 চনঃ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ ৷ অসমৰ সৰ্বমুঠ 3,29 কোটি জনসংখ্যাৰ পৰা 1.9 কোটি লোকৰ নাম খচৰা তালিকাত প্ৰকাশ ৷

মে'ৰ পৰা জুলাই 30, 2018 চনঃ
সৰ্বত্ৰ অসমব্যাপী নাগৰিকত্ব (সংশোধনী ) বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ আৰম্ভ ৷ বিধেয়কৰ ওপৰত গঠন কৰা সংসদৰ যুটীয়া কমিটিৰ অসম ভ্ৰমণ ৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ ৷ সৰ্বমুঠ 2.89 কোটি লোকৰ নাম প্ৰকাশ পোৱাৰ বিপৰীতে 40 লাখ লোকৰ নাম বাদ ৷

জানুৱাৰী 9ৰ পৰা আগষ্ট 13, 2019 চনঃ
লোকসভাত নাগৰিকত্ব (সংশোধনী) বিধেয়ক উত্থাপন কৰাৰ লগতে গৃহীত ৷
নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত জড়িত দুগৰাকী বিষয়াৰ বিৰুদ্ধে এগৰাকী মহিলাৰ পৰা ঘোচ লোৱাৰ অভিযোগ উত্থাপন কৰা পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ ৷ অসম পাব্লিক ৱৰ্কছে চূড়ান্ত খচৰাৰ নামসমূহৰ 100 শতাংশ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয় আবেদন ৷
এখন অতিৰিক্ত খচৰা প্ৰকাশ ৷ যিখন খচৰাত পূৰ্বতে প্ৰকাশ পোৱা খচৰাৰ 1,02,462গৰাকী লোকৰ নাম বাদ পৰে ৷ সমগ্ৰ অসমতে খচৰাত নাম প্ৰকাশ হোৱা শতাংশ 12.7 হোৱাৰ বিপৰীতে সীমান্ত অঞ্চলত সেই শতাংশ হয়গৈ মাত্ৰ 7.7 ৷
দেশৰ এটৰ্নী জেনেৰেল কেকে বেনুগোপাল আৰু অসমৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ দ্বাৰা উচ্চতম ন্যায়ালয়ত সমগ্ৰ খচৰাৰ এক সামগ্ৰিক পুনৰীক্ষণৰ বাবে আবেদন দাখিল ৷
উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে দাখিল কৰা আবেদন নাকচ ৷ পুনৰীক্ষণৰ বাবে আগষ্টৰ 31 তাৰিখলৈ সময়সীমা নিৰ্ধাৰণ উচ্চতম ন্যায়ালয়ৰ ৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ চূড়ান্ত দিন বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ ৷

Intro:Body:Conclusion:
Last Updated : Aug 30, 2019, 11:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.