ETV Bharat / state

Popular Books in 2022 : ’22ত সুবাস বিলোৱা কেইখনমান গ্ৰন্থ - এতিয়ালৈ ইমানেই

2022ৰ মুঠিত সময় মাত্ৰ কেইটামান ঘণ্টা বাকী আছে ৷ সকলোৱে ৰোমন্থন কৰিছে এৰি অহা দিনবোৰক ৷ ইণ্টাৰনেটে গ্ৰাস কৰা পৃথিৱীত এতিয়াও কিতাপ বিচাৰি সোঁত বৈ আছে গ্ৰন্থমেলালৈ, গ্ৰন্থৰ বিপণিলৈ ৷ পলকতে চাওচোন আহক কেইখনমান বিশেষ গ্ৰন্থ, যিয়ে বিগত বৰ্ষটোত লাভ কৰিলে বিশেষ সমাদৰ (Popular Assamese book in 2022)৷

Popular Books in 2022
22ত সুবাস বিলোৱা কেইখনমান গ্ৰন্থ
author img

By

Published : Dec 31, 2022, 7:24 PM IST

নিউজ ডেস্ক, 31 ডিচেম্বৰ: কেইটামান ঘণ্টাৰ পাছতে সলনি হ’ব চন-তাৰিখ (New year 2022)৷ বিশ্ববাসীৰ লগতে অসমীয়াই পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চলাইছে ৷ 2022 বৰ্ষ বাগৰি 2023ৰ আগমনৰ সময়ত সকলোৱে উভতি চাইছে এৰি অহা দিনবোৰলৈ ৷ ভাল-বেয়াৰ হিচাপ দাখিল হৈছে বছৰৰ মোহনাত ৷ আমিও উভতি চাও আহক এৰি থৈ অহা বছৰটোত প্ৰকাশ পোৱা কেইখনমান বহুল সমাদৃত গ্ৰন্থলৈ ৷

ইতিমধ্য গুৱাহাটী মহানগৰীত চলি আছে অসম গ্ৰন্থমেলা ৷ ইয়াৰোপৰি ৰাজ্যৰ বহুকেইখন জিলাত অব্যাহত আছে গ্ৰন্থমেলা ৷ ডিজিটেল মাধ্যমে গ্ৰাস কৰিলেও কিতাপৰ প্ৰতি টান কমা নাই নতুন প্ৰজন্মৰ লগতে প্ৰজন্মটোৰ অগ্ৰজসকলৰ ৷ এই প্ৰমাণ দাঙি ধৰিছে অব্যাহত থকা গ্ৰন্থমেলাসমূহে ৷ বহু ন-পুৰণি লেখকৰ গ্ৰন্থই ৰঙীন কৰি তুলিছে গ্ৰন্থমেলাৰ বিপণিসমূহ ৷ নতুনকৈ প্ৰকাশ পোৱা কেইবাখনো গ্ৰন্থই পাঠকসমাজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ৷ অৱশ্যে কিছু সংখ্যক গ্ৰন্থ প্ৰকাশৰ পূৰ্বেৰে পৰা চৰ্চিত হৈ আছিল গ্ৰন্থকীটৰ মাজত ৷ সামাজিক মাধ্যমতো চলিলে কিছুসংখ্যক গ্ৰন্থৰ সৰৱ চৰ্চা (Popular Assamese book in 2022)৷

প্ৰথমেই আহিছো ‘গান্ধী ফাগ্লা’ৰ প্ৰসংগলৈ ৷ ‘গান্ধী ফাগ্লা’ এখন গল্প সংকলন (Gandhi Fagla) ৷ নতুন প্ৰজন্মৰ জনপ্ৰিয় লেখক নীলোৎপল বৰুৱাৰ 14টা বচা বচা গল্পৰে সজাই তোলা হৈছে ‘গান্ধী ফাগ্লা’ ৷ উক্ত গ্ৰন্থখন 2022 বৰ্ষৰ সৰ্বাধিক সমাদৃত গ্ৰন্থ হিচাবে চৰ্চিত হৈছে ৷ গল্প সংকলনখন প্ৰকাশ কৰি উলিয়াইছে আলিবাট প্ৰকাশনে ৷ ইফালে বনলতা প্ৰকাশনে প্ৰকাশ কৰা আৰু অসীম চুতীয়াৰ দ্বাৰা সম্পাদিত ‘অপূৰ্ব শৰ্মাৰ গল্প সংকলন’ নামৰ গ্ৰন্থখনো হৈছে বহু চৰ্চিত ৷ গ্ৰন্থৰ বিপণিত পাঠকসমাজে ভিৰ কৰিছে ‘অপূৰ্ব শৰ্মাৰ গল্প সংকলন’ বিচাৰি ৷

আনহাতে 2022ৰ পহিলাতে আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিল ড৹ সংগীতা ৰাণী কলিতাৰ ‘মোৰ দেউতা আলফা নাছিল’ (Assamese Book Mor Deuta Ulfa Nasil) ৷ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণে পাঠক সমাজৰ মাজত বিপুল সমাদৰ লাভ কৰাৰ পাচত ইতিমধ্যে প্ৰকাশ পাইছে দ্বিতীয় সংস্কৰণ ৷ এটা বৰ্ষতে দুটা সংস্কৰণ প্ৰকাশ পোৱা এই গ্ৰন্থখনো গ্ৰন্থমেলাসমূহত পাঠকৰ মাজত বিপুলভাৱে সমাদৃত হৈছে ৷

ইয়াৰোপৰি আন কেইবাখনো গ্ৰন্থই এৰি অহা বৰ্ষটোত লাভ কৰিলে পাঠকৰ সমাদৰ ৷ তাৰে ভিতৰত পূৰ্বায়ণ প্ৰকাশে প্ৰকাশ কৰি উলিওৱা অংকিতা বৰুৱাৰ ‘জোনবিলৰ ভেনাছ’, উপাসনা শইকীয়াৰ ‘হালধীয়া জোতা’, মনহৰি বায়নৰ ‘নিচুকনি গীত আৰু গীতি-সাহিত্য’ আৰু বনলতা প্ৰকাশনে প্ৰকাশ কৰা দেৱকান্ত সন্দিকৈৰ ‘সুখৰ মৰীচিকা’, ড৹ জয়কৃষ্ণ মহন্তৰ ‘চাণক্য নীতি’য়ে লাভ কৰিছে গ্ৰন্থকীটৰ সমাদৰ ৷

ইয়াৰোপৰি গীতিকাৰ, কবি হিচাবে অতি কম বয়সতে জনপ্ৰিয়তা লাভ কৰা ৰাহুল গৌতম শৰ্মায়ো(Rahul Gautam Sharma) এইবাৰ ‘এতিয়ালৈ ইমানেই’ শীৰ্ষক এখন কবিতা সংকলন প্ৰকাশ কৰিছে ৷ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা কবিতা সংকলটো বছৰটোৰ বিদায় বেলাত উন্মোচনৰ পাছতে লাভ কৰিছে বিপুল সমাদৰ ৷ আনহাতে পংকজ কুমাৰ দত্তৰ ‘লাঙাদেও’এ বিশেষ সমাদৰ লাভ কৰিছে গ্ৰন্থমেলাত ৷ উল্লেখ্য যে, ‘লাঙাদেও’ অসমীয়া ভাষাৰ প্ৰথম থিমেটিক গল্প সংকলন ৷

আনহাতে অবাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সাংবাদিক তথা স্তম্ভলেখক তপন চন্দ্ৰ কলিতাৰ ‘প্ৰতিস্ৰোত’, ৰাজনৈতিক তথা সামাজিক কৰ্মী হৰেশ্বৰ বৰ্মনৰ ‘জাতীয় সমস্যা আৰু অন্যান্যঃ সমাধানৰ সূত্ৰানুসন্ধান’এ লাভ কৰিছে পাঠকসমাজৰ বিপুল সমাদৰ ৷

লগতে পঢ়ক: Controversial Comments 2022: ২০২২ বৰ্ষৰ কেইটামান বিতৰ্কিত মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.