ETV Bharat / state

গুৱাহাটীত সৰ্ববৃহৎ ক্লাইমেট ক্লক এচেম্বলি

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:31 PM IST

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ক্লাইমেট ক্লক এচেম্বলি (জলবায়ু ঘড়ী সমাবেশ) অনুষ্ঠানত ৫০ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰীৰ অংশগ্ৰহণ ৷

The largest climate clock assembly
জলবায়ু ঘড়ী সমাবেশ

গুৱাহাটী, ১৩ ডিচেম্বৰ : য়েছ আৰ্থ য়ুথ কৰ্পছৰ (YesEarth Youth Corps) উদ্যোগত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ গ্ল’বেল ক্লাইমেট ক্লক এচেম্বলি (জলবায়ু ঘড়ী সমাবেশ) আৰু প্ৰদৰ্শনী অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুঠ ৫০ খন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । জলবায়ু কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম কৰাটোৱেই এই অভিযানৰ মূল উদ্দেশ্য ।

অনুষ্ঠানত এটা প্ৰজন্মক পৰিৱেশৰ প্ৰবন্ধক, সমস্যা সমাধানকাৰী আৰু বহনক্ষম পদ্ধতিৰ সমৰ্থক হ’বলৈ অনুপ্ৰাণিত কৰা হয় । তেওঁলোকৰ শক্তি আৰু উদ্ভাৱনৰ সৈতে ইতিবাচক পৰিৱেশ প্ৰভাৱৰ বাবে এক শক্তিশালী শক্তিক বিকশিত কৰিব পৰা যায় আৰু এনে এটা ভৱিষ্যৎ গঢ় দিব পৰা যায় য’ত প্ৰতিটো কাৰ্যই গুৰুত্বপূৰ্ণ আৰু প্ৰতিজন ছাত্ৰই অধিক বহনক্ষম পৃথিৱী গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

য়েছ আৰ্থ ইউথ কৰ্পছৰ উদ্যোগত আৰু এনাৰ্জি স্বৰাজ ফাউণ্ডেশ্যন, এএছটিইচি (অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰ্য্যাৱৰণ পৰিষদ), এইডিএ (অসম শক্তি উন্নয়ন সংস্থা), ৰটাৰী ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট ৩২৪০ আৰু এনচিচি (নেশ্যনেল কেডেট কৰ্পছ)ৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানৰ বুধবাৰে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত শুভাৰম্ভণি কৰা হয় ।

য়েছ আৰ্থৰ চি ই অ' অভিজিত শৰ্মাই কয় যে "জলবায়ু ঘড়ীৰ টিক টিক কৰা কাটাবোৰে আমাৰ সামূহিক দায়িত্বৰ তৎকালীনতাক আলোকপাত কৰে । কথা বা চিন্তাবোৰক নতুন আকাৰ দিয়া, বহনক্ষম পৰিৱৰ্তনক আগুৱাই নিয়া আৰু এটা সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াটোও আমাৰ হাতত । জলবায়ুৰ ঘড়ীয়ে আগুৱাই যোৱাত আমাক প্ৰেৰণা দিয়ে । কেৱল কি হেৰুৱাবলগীয়া আছে তাৰ সোঁৱৰণি হিচাপে নহয়, কিন্তু এখন স্থিতিস্থাপক আৰু বহনক্ষম পৃথিৱীৰ প্ৰতি আমাৰ দায়বদ্ধতাক ক্ষীপ্ৰ কৰাৰ আহ্বান হিচাপেও প্ৰেৰণা দি আহিছে" ।

য়েছ আৰ্থ ইউথ কৰ্পছ ক্লাইমেট লিডাৰশ্বিপ প্ৰ’গ্ৰামে পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত যুৱ প্ৰজন্মক পৰিৱেশ সম্বন্ধীয় বিষয়সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষিত আৰু শক্তিশালী কৰি তোলাত গুৰুত্ব দিয়ে । য়েছ আৰ্থে জলবায়ু পৰিৱৰ্তনৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে জড়িত হৈ কাম কৰি আহিছে ।

লগতে পঢ়ক : অনিৰ্দ্দিষ্টকাললৈ খাছীয়া-জয়ন্তীয়া পাহাৰলৈ তেল যোগান বন্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.