গুৱাহাটী, ৬ জুন: বিগত সাতটা বছৰৰ ভিতৰত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণৰ হাৰ সৰ্বাধিক । এয়া নিশ্চয়কৈ এক আশাৰ বতৰা । শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ উৰ্ত্তীৰ্ণৰ হাৰ হৈছে ৬৪.৮০ শতাংশ । ৰাজ্যৰ এক অস্থিৰ বাতাবৰণৰ মাজত এইবাৰ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা । তেনে পৰিপ্ৰেক্ষিতত এই ফলাফল সাংঘাটিক ধৰণে ভাল নুবুলিলেও আশাব্যঞ্জক ।
বিগত ছটা বছৰৰ ফলাফললৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব ২০১৪ চনত উৰ্ত্তীৰ্ণৰ হাৰ আছিল ৬১.৪২ শতাংশ । ঠিক তেনেদৰে ২০১৫ ত ৬২.২০ শতাংশ, ২০১৬ ত ৬২.৭৯ শতাংশ, ২০১৭ ত ৪৭.৯৪ শতাংশ, ২০১৮ ত ৫৬.০৪ শতাংশ আৰু বিগত বছৰটোত অৰ্থাৎ ২০১৯ ত উৰ্ত্তীৰ্ণৰ হাৰ আছিল ৬০.২৩ শতাংশ ।
লগতে পঢ়কঃ প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই
অৱশ্যে ২০১৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণৰ হাৰ আছিল ৭০.৭১ শতাংশ । বিগত 10 বছৰৰ ফলাফলৰ তালিকাখনলৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব ২০১১ বৰ্ষত ৭০.৩৮ শতাংশ শিক্ষাৰ্থী উৰ্ত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০১২ ত ৬৯.৬৩ শতাংশ আৰু ২০১৩ চনত ৭০.৭১ শতাংশ ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল ।