ETV Bharat / state

মুখ্যমন্ত্ৰীক অসম চুক্তিৰ 6নং দফাৰ চূড়ান্ত প্ৰতিবেদন দাখিল

author img

By

Published : Feb 25, 2020, 7:30 PM IST

Updated : Feb 25, 2020, 7:36 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ’ল অসম চুক্তিৰ 6নং দফাৰ চূড়ান্ত প্ৰতিবেদন । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত অৰ্পণ কৰিবলগীয়া এই প্ৰতিবেদনখন সময়ৰ অভাৱত মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিবলগীয়া হয় ৷ সমিতিখনত আছুৰ তিনিজন প্ৰতিনিধি আছিল যদিয়ো প্ৰতিবেদন দাখিল কৰা সময়ত এজনো উপস্থিত নাছিল ৷

the final report of assam accord clause 6 submitted to cm f assam guwahati etv bharat news
চূড়ান্ত প্ৰতিবেদন দাখিল

গুৱাহাটী,25 ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ’ল অসম চুক্তিৰ 6নং দফাৰ চূড়ান্ত প্ৰতিবেদন । প্ৰতিবেদন সমিতিৰ অধ‍্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এটা দলে ব্ৰহ্মপুত্ৰ অতিথিশালাত দাখিল কৰে এই প্ৰতিবেদন । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত অৰ্পণ কৰিবলগীয়া এই প্ৰতিবেদনখন সময়ৰ অভাৱত মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিবলগীয়া হয় ৷

প্ৰতিবেদন সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কয়,"প্ৰতিবেদনত কি আছে আমি চাব নোৱাৰো ৷ বন্ধ খামত ছীল কৰি ৰখা হৈছে এই প্ৰতিবেদন । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰদান কৰিব প্ৰতিবেদনখন । গৃহমন্ত্ৰীয়েহে খুলিব পাৰিব এই বন্ধ খাম । ইয়াৰ পিছত প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব"৷

চূড়ান্ত প্ৰতিবেদন দাখিল

প্ৰতিবেদন সমিতিৰ অধ‍্যক্ষ বিপ্লৱ কুমাৰ শৰ্মায়ে অসমৰ সকলো অঞ্চলৰ প্ৰতিনিধিৰ সৈতে মতামত ব্যক্ত কৰাৰ লগতে পৰামৰ্শ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ এই প্ৰতিবেদনত সকলো শ্ৰেণীৰে প্ৰতিনিধিৰে পৰামৰ্শ পৰিস্ফুট আৰু এয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চূড়ান্ত ৰূপ দি খিলঞ্জীয়াৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰিব বুলি আশাবাদী বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে,সমিতিখনত আছুৰ তিনিজন প্ৰতিনিধি আছিল যদিয়ো প্ৰতিবেদন দাখিল কৰা সময়ত এজনো উপস্থিত নাছিল ৷

লগতে চাওকঃমন্ত্ৰীৰ নামলৈ চাকৰিৰ প্ৰলোভনেৰে ধন আত্মসাৎ

Last Updated : Feb 25, 2020, 7:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.