ETV Bharat / state

2021 বৰ্ষৰ পিচৰ পৰা ভংগ হ'ব ৰাজ্যিক মাদ্ৰাছা ব'ৰ্ড : হিমন্ত বিশ্ব শৰ্মা - কুমাৰ ভাস্কৰ বাৰ্মা বিশ্ববিদ্যালয়

সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত 2021 বৰ্ষৰ পৰীক্ষাৰ পিচৰ পৰাই ৰাজ্যিক মাদ্ৰাছা ব'ৰ্ড ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আনহাতে, সংস্কৃত টোলসমূহৰ ক্ষেত্ৰতো বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

the-decision-to-close-the-state-madrasa-board-was-taken-by-the-state-government
2021 বৰ্ষৰ পিচৰে পৰা ভংগ হ'ব ৰাজ্যিক মাদ্ৰাছা ব'ৰ্ড: হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Dec 14, 2020, 7:53 PM IST

গুৱাহাটী, 14 ডিচেম্বৰ : 2022 চনৰ পৰা নাথাকিব হাই মাদ্ৰাছা পৰীক্ষা । 2021 বৰ্ষৰ পৰীক্ষাৰ পিচতেই ৰাজ্য চৰকাৰে ভংগ কৰিব ৰাজ্যিক মাদ্ৰাছা ব'ৰ্ড । সোমবাৰে দিছপুৰ জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে, ৰাজ্যিক কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনাইছে । শিক্ষামন্ত্ৰী গৰাকীয়ে আৰু কয় যে, ৰাজ্যিক মাদ্ৰাছা ব'ৰ্ডৰ অধীনত 582 খন মাদ্ৰাছা আছে আৰু এই মাদ্ৰাছা কেইখন মাধ্যমিক শিক্ষা বিভাগৰ অধীনলৈ যাব । লগতে, এই সকলোবোৰ মাদ্ৰাছা হাইস্কুললৈ ৰূপান্তৰিত কৰা হ'ব ।

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

লগতে পঢ়ক : শিল্পী মনোজ বড়াৰ অগপত যোগদান

আনহাতে, 189 খন হাই মাদ্ৰাছাৰ নামো সলনি কৰা হ'ব । একেদৰে সকলো আৰৱীক কলেজ উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ কৰা হ'ব । আনহাতে, সংস্কৃত টোলসমূহ ভাৰতীয় সংস্কৃতি অধ্যয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ'ব । লগতে, এই অধ্যয়ন কেন্দ্ৰসমূহ পৰিচালনাৰ দায়িত্বত থাকিব কুমাৰ ভাস্কৰ বাৰ্মা বিশ্ববিদ্যালয় ।

আগন্তুক বিধানসভা অধিবেশনত এই সম্পৰ্কীয় বিধেয়কত অনুমোদন জনোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে । উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই ব্যৱস্থাৰ জৰিয়তে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমৰ শিক্ষা ব্যৱস্থাক ধৰ্মনিৰপেক্ষ কৰা হ'ব বুলি জানিব দিয়ে ।

লগতে পঢ়ক : শিৱসাগৰত অসম জাতীয় পৰিষদৰ অভিৱৰ্তনৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.