ETV Bharat / state

APSC Scam : এ পি এছ চি কেলেংকাৰীৰ 2014 বৰ্ষৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু তদন্ত আয়োগ - অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা

লোকসেৱা আয়োগৰ 2014 বৰ্ষৰ নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বত গঠন কৰা হৈছিল এজনীয়া আয়োগ । বিগত বৰ্ষৰ মে' মাহত গঠন কৰা তদন্ত আয়োগে 31 আগষ্টৰ পূৰ্বে চৰকাৰক তদন্তৰ চূড়ান্ত প্রতিবেদন দাখিল কৰাৰ বাবে সাজু হৈছে । প্রতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিৱিষ্ট হৈছে ৰাকেশ পাল বাহিনীৰ কেলেংকাৰীৰ তথ্য ।

APSC Scam
এ পি এছ চি কেলেংকাৰীৰ 2014 বৰ্ষৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু তদন্ত আয়োগ
author img

By

Published : Jul 25, 2023, 1:46 PM IST

গুৱাহাটী, 25 জুলাই : অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ দিনত সংঘটিত হোৱা বিয়াগোম নিযুক্তি কেলেংকাৰী সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু হৈছে আয়োগ । উল্লেখ্য যে, লোকসেৱা আয়োগৰ 2014 বৰ্ষত দিয়া নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বত এজনীয়া আয়োগ গঠন কৰি চৰকাৰে তদন্তৰ দায়িত্ব দিছিল । আয়োগে তদন্ত প্রায় সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তুত হৈছে । জানিব পৰা মতে আয়োগৰ তদন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

2014 চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ৰাকেশ পাল বাহিনীয়ে লাখ লাখ টকাৰ বিনিময়ত ইমানেই অনিয়মৰ আশ্ৰয় লৈছিল যে, ভুৱা পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছিল । আনকি এগৰাকী প্ৰাৰ্থীয়ে ভাৰাতীয়া পৰীক্ষাৰ্থীৰ জৰিয়তে পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজপত্ৰিত বিষয়া হোৱাৰ তথ্য পৰ্যন্ত তদন্ত আয়োগে লাভ কৰিছে । সেইদৰে এগৰাকী মহিলা পৰীক্ষাৰ্থীৰ ছখন কাকতৰ উত্তৰ বহীয়েই ভাৰাতীয়া পৰীক্ষাৰ্থীয়ে লিখিছিল বুলিও পোহৰলৈ আহিছে । এনেদৰে বহু প্রার্থীয়ে অনিয়মৰ আশ্ৰয় লোৱাৰ তথ্য-প্রমাণ লাভ কৰিছে তদন্ত আয়োগে ।

2013 বৰ্ষৰ দৰে 2014 বৰ্ষতো ৰাকেশ পাল বাহিনীয়ে ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্যৰে চূড়ান্ত প্রতিবেদন দাখিল কৰাৰ বাবে ন্যায়িক তদন্ত আয়োগ সাজু হোৱা বুলি জানিবলৈ পৰা গৈছে । জানিব পৰা মতে আয়োগে 31 আগষ্টৰ পূৰ্বে চৰকাৰক তদন্তৰ চূড়ান্ত প্রতিবেদন দাখিল কৰিব । তদন্ত আয়োগে প্রায় 410 পৃষ্ঠাৰ প্রতিবেদন দাখিলৰ বাবে সাজু হৈছে বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, প্রতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই ৰাকেশ পাল বাহিনীৰ কেলেংকাৰিৰ তথ্য সন্নিৱিষ্ট হৈছে ।

বক্ৰ পথেৰে ৰাজপত্ৰিত চাকৰি লোৱাই নহয়, ৰাকেশ পাল বাহিনীয়ে পদবী প্ৰদানৰ ক্ষেত্ৰতো ব্যাপক অনিয়মৰ আশ্ৰয় লৈছিল বুলি জানিবলৈ পৰা গৈছে । উল্লেখ কৰা প্ৰয়োজন যে, অসম লোকসেৱা আয়োগৰ অধীনত 2014 চনত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ ভিত্তিত বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ বিগত বৰ্ষৰ 20 মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল । পৰৱৰ্তী সময়ত 20 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আয়োগৰ কাৰ্যকাল পুনৰ 6 মাহলৈ বৃদ্ধি কৰা হৈছিল ।

আয়োগে 6 মাহ সম্পূর্ণ হোৱাৰ আগতে প্ৰতিবেদন দাখিল কৰিলে নাইবা প্ৰতিবেদন দাখিলৰ দিনা এই আয়োগৰ কাৰ্যকাল অন্ত পৰিব । উল্লেখ্য যে, অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ কাৰ্যকালত 2013 আৰু 2014 বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত 936/2016 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল । ইয়াৰে 2013 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পূৰ্বতে ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল । আয়োগে ইতিমধ্যে সেই কেলেংকাৰীৰ তদন্ত কৰি চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিছে ।

আনহাতে, 2014 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব পূৰ্বতে ন্যায়াধীশ শৰ্মা আয়োগক অৰ্পণ কৰা হোৱা নাছিল । যাৰ ফলস্বৰূপে ডিব্ৰুগড় থানাত একেটা গোচৰতে (936/2016) দুয়োটা বৰ্ষৰ কেলেংকাৰী সংযুক্ত হৈ থকা স্বত্বেও ন্যায়াধীশ শৰ্মা আয়োগে 2014 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু বিগত বৰ্ষৰ মে' মাহত 2014 বৰ্ষৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছিল ।

লক্ষণীয় বিষয় যে, 2014 চনৰ নিযুক্তি কেলেংকাৰীত পূৰ্বতেই 21 জনক দোষী সাব্যস্ত কৰা হৈছিল । আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পাচত কেলেংকাৰীৰ আৰু বহু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ইফালে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালে ইতিমধ্যে জামিনত মুক্তি লাভ কৰিছে । 6 বছৰ 4 মাহ কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই 28 মে'ত চৰ্ত সাপেক্ষে জামিন লাভ কৰিছিল অসম লোকসেৱা আয়োগক কলংকিত কৰা ৰাকেশ পালে ।

লগতে পঢ়ক : Golaghat tripple Murder: হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত গোলাঘাট; CID ৰ দল উপস্থিত গোলাঘাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.