ETV Bharat / state

২০২১-২২ বৰ্ষৰ বাজেটত উন্নয়নমুখী অসমৰ ৰূপৰেখা প্রতিফলিত হৈছে: ৰাজ্যিক বিজেপি - ৰাজ্যিক বিজেপি

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা (Himanta Biswa Sarma) নেতৃত্বাধীন তথা বিজেপি চৰকাৰৰ (BJP GOVERNMENT) দ্বিতীয়টো কার্যকালৰ প্ৰথমখন বাজেটক ৰাজ্যিক বিজেপিয়ে আদৰণি জনোৱাৰ লগতে বাজেটখনত উন্নয়নমুখী অসমৰ ৰূপৰেখা প্রতিফলিত হৈছে বুলি অভিহিত কৰিছে ।

the-budget-for-2021-22-reflects-the-outline-of-development-of-assam
২০২১-২২ বৰ্ষৰ বাজেটত উন্নয়নুমখী অসমৰ ৰূপৰেখা প্রতিফলিত হৈছে: ৰাজ্যিক বিজেপি
author img

By

Published : Jul 17, 2021, 10:04 PM IST

গুৱাহাটী, ১৭ জুলাই: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা (Himanta Biswa Sarma) নেতৃত্বাধীন তথা বিজেপি চৰকাৰৰ (BJP GOVERNMENT) দ্বিতীয়টো কার্যকালৰ প্ৰথমখন বাজেটক ৰাজ্যিক বিজেপিয়ে আদৰণি জনোৱাৰ লগতে বাজেটখনত (Budget) উন্নয়নমুখী অসমৰ ৰূপৰেখা প্রতিফলিত হৈছে বুলি অভিহিত কৰিছে । শনিবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত দলৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে (RUPAM GOSWAMI) এক সংবাদমেল সম্বোধন কৰি কয় যে, বিজেপি অসম প্রদেশৰ সভাপতি ভৱেশ কলিতাৰ (bhabesh kalita) লগতে ৪২ লাখ কার্যকর্তাই অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্রী অজন্তা (AJANTA NEOG) নেওগে সদনত দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটখনক আদৰণি জনাইছে । অসমৰ সাংস্কৃতিক, প্রশাসনিক, সামাজিক, অর্থনৈতিক, শৈক্ষিক, কৃষি, স্বাস্থ্য আদি সকলো দিশ সাঙুৰ খাই থকা বাজেটখনে নিশ্চিতকৈ অসমবাসীক উপকৃত কৰিব । মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে কয় যে, ভাৰতীয় জনতা পার্টীয়ে ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূর্বে অসমবাসী ৰাইজৰ আগত যি, প্রতিশ্রুতি প্রদান কৰিছিল সেইসমূহ বাজেটত পূর্ণ প্রতিফলন ঘটিছে ।

প্রসংগক্রমে গোস্বামীয়ে নির্বাচনী ইস্তাহাৰত উল্লিখিত থকা মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাই, নিবনুৱাক সংস্থাপন প্রদান, কৃষিৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন, অসমৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ, ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উত্তৰণৰ প্ৰসংগ দাঙি ধৰে ৷ একেদৰে আন্তঃগাঁথনি উন্নয়ন, সেউজ অসম নির্মাণ আৰু বন্যপ্রাণী সংৰক্ষণ, অসম আৰক্ষীক শক্তিশালীকৰণ, দক্ষতা বিকাশ, পশুপালন আৰু মীন পালন, শৈক্ষিক খণ্ড উত্তৰণ, অৰুণোদয় আঁচনিৰ ধন পর্যায়ক্রমে বৃদ্ধি, অংগনবাদী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নীতকৰণ, মহিলা সবলীকৰণ আদিৰ কথা উনুকিয়াই কয় যে এই সকলোবোৰ দিশ ২০২১-২২ বৰ্ষৰ বাজেটত সন্নিৱিষ্ট আছে । বিজেপিৰ মুখ্য মুখপাত্রগৰাকীয়ে লগতে কয় যে, বিশেষকৈ কৃষিৰ ক্ষেত্ৰত “কৃষি আয়োগ” গঠন তথা ইয়াক ৰূপায়ণৰ দ্বাৰা অসমৰ কৃষি ক্ষেত্ৰখনক এক নতুন ৰূপত প্রতিষ্ঠিত কৰাই নহয়, অসমৰ নৱ প্ৰজন্মসকলক কৃষি ক্ষেত্ৰখনলৈ আকর্ষিত কৰি তুলিব ।

একেদৰে সুনীল বিপ্লৱৰ জৰিয়তে অসমৰ মীন খণ্ডক পূর্বতকৈ অধিক সম্প্রসাৰণ কৰিবলৈ সক্ষম হ‘ব আৰু ইয়াৰ ফলত ১ লাখৰ অধিক লোকে নিয়োগৰ পথ সূচল হৈ পৰিব ।

২০২১-২২ বৰ্ষৰ বাজেটত উন্নয়নুমখী অসমৰ ৰূপৰেখা প্রতিফলিত হৈছে: ৰাজ্যিক বিজেপি

মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত গ্ৰহণ কৰা “Assam Micro Finance Incentive and Relief Scheme" আঁচনিৰ ফলত ঋণৰ বোজাত থকা ২৬ লাখ মহিলাক সকাহ দিবলৈ সমৰ্থ হ'ব । ইয়াৰোপৰি বাজেটত সন্নিৱিষ্ট ১ লাখ নিবনুৱাক নিযুক্তি প্রদান, বান ৰোধৰ বিশেষ পদক্ষেপ হিচাপে ১০০০ কোটি ব্যয়ৰে ৰাজ্যৰ ১০০০ হাজাৰ কিল’মিটাৰ মথাউৰি পথ নির্মাণ, ৮০৫ খন চাহ বাগিচাৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে খোৱাপানী যোগান, অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধিৰ লগতে হস্ততাঁত প্রশিক্ষণ কেন্দ্ৰৰ জৰিয়তে শিপিনীসকলৰ দক্ষতা বিকাশ, অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালক ৫ লাখ আৰু গুলীত আহত সকললৈ ২ লাখ টকাৰ এককালীন সাহায্য প্রদান, ৰাজ্যত এহাজাৰ অংগনবাদী মডেল নির্মাণ, ৫ খন নতুন চিকিৎসা মহাবিদ্যালয় নির্মাণ, বড়োলেণ্ড কল্যাণ বিভাগ গঠন আদি ২০২১-২২ বাজেটৰ অন্যতম উল্লেখনীয় দিশ হিচাপে মুখ্য মুখপাত্রগৰাকীয়ে অভিহিত কৰিছে । শেহতীয়াকৈ অতিমাৰী ক‘ৰণাই সমগ্ৰ বিশ্বৰ লগতে অসমকো বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰাই নহয় অসমৰ বহু জন-ধন হানি কৰিছে ।

এই দিশৰ প্রতি লক্ষ্য ৰাখি কৰ’ণাত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক ১ লাখ টকাৰ সাহায্য প্রদান, ক’ভিড-১৯ অতিমাৰীত ঘাট-মাউৰা হোৱা ল'ৰা-ছোৱালীৰ বাবে “মুখ্যমন্ত্রী শিশু সেৱা আঁচনিৰ জৰিয়তে ধনৰ আৱণ্টন, ক‘ভিডত আক্রান্ত হৈ স্বামীৰ মৃত্যু হোৱা বিধৱাৰ বাবে “মুখ্যমন্ত্রী ক‘ভিড-১৯ বিধৱা সাহায্য” আঁচনিৰ বাবে ২১.৮৫ কোটি টকা প্রদানৰ লগতে স্বাস্থ্যখণ্ডক বিশেষ গুৰুত্ব প্রদান আদিয়ে বাজেটখনৰ সময় উপযোগী চৰিত্রক প্রতিফলিত কৰি তুলিছে । ২০২১-২২ বৰ্ষৰ বাজেটক সামগ্রিকভাৱে এখন বাস্তৱসন্মত আৰু দূৰদৰ্শী বাজেট বুলি অভিহিত কৰি মুখ্য মুখপাত্রগৰাকীয়ে কয় বাজেটে অসমৰ গ্ৰাম্য অর্থনীতি ক্ষেত্ৰখনত এক পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হ'ব ৷ অনাগত দিনত অসমৰ সর্বাংগীণ উন্নয়ন যে খৰতকীয়া হ'ব তাৰ এক আভাস এই বাজেটত পৰিলক্ষিত হৈছে । অসমবাসীক এখন সময় উপযোগী আৰু অতিৰিক্ত কৰবিহীন বাজেটৰ উপহাৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিত্তমন্ত্রী অজন্তা নেওগক পুনৰাই ধন্যবাদ জনাই ৰূপম গোস্ৱামীয়ে ৷

লগতে পঢ়কঃ সৰিয়হৰ ডুলিত ভূত: সচিবালয়ৰ পৰা চোৰে নিলে বিধায়কৰ বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.