ETV Bharat / state

মহানগৰীৰ চচলত প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ - প্ৰতিবাদী

সদ্য প্ৰকাশিত শিক্ষক নিযুক্তি তালিকাত নাম নথকা বাবে ২০১৯ বৰ্ষত টেট উত্তীৰ্ণ সকলে দুদিনীয়াকৈ পালন কৰিছে ধৰ্মঘট কাৰ্যসূচী ৷ গুৱাহাটী মহানগৰীৰ চচলত ৰূপায়ন কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী ৷

tet candidate protest in guwahati
মহানগৰীৰ চচলত প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ
author img

By

Published : Feb 3, 2021, 9:01 PM IST

গুৱাহাটী, 3 ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ চচলত বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শতাধিক শিক্ষক পদৰ প্ৰাৰ্থীয়ে ৷ প্ৰতিবাদকাৰীয়ে জানিবলৈ দিয়া অনুসৰি সদ্য প্ৰকাশিত শিক্ষক নিযুক্তি তালিকাত নাম নথকা বাবে ২০১৯ বৰ্ষত টেট উত্তীৰ্ণ সকলে দুদিনীয়াকৈ পালন কৰিছে ধৰ্মঘট কাৰ্যসূচী ৷

বুধবাৰৰ ১১ বজাৰ পৰা বৃহস্পতিবাৰ বিয়লি ৩ বজালৈ এই ধৰ্মঘট কাৰ্যসূচী চলিব বুলি সাংবাদিকক জানিবলৈ দিছে প্ৰতিবাদকাৰীয়ে । টেটত উত্তীৰ্ণ সকলৰ অভিযোগ অনুসৰি ৫ ফেব্ৰুৱাৰীত যিসকল লোকক শিক্ষক পদত নিযুক্তি দিবলৈ গৈ আছে সেয়া কেতিয়াও বৃহৎ নিযুক্তি হ'ব নোৱাৰে ।

মহানগৰীৰ চচলত প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ

কিয়নো মাধ্যমিক খণ্ডৰ (DSE) চূড়ান্ত মেধাৰ তালিকাত যি সকল প্ৰাৰ্থী বাচনি হৈছে তাৰ বহু সংখ্যকে প্ৰাথমিক নিয়মীয়া খণ্ড (DEE)ৰ পদৰ মেধাৰ তালিকাতো বাছনি হৈছে ৷ তাৰ পিছত সেইকেইজন প্ৰাৰ্থীয়ে দুয়োটা খণ্ডত বাচনি হোৱাত বহু সংখ্যক টেট উত্তীৰ্ণ যুৱক-যুৱতী বঞ্চিত হ'ব বুলি অভিযোগ উত্থাপন কৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে । গতিকে শিক্ষা বিভাগে এই সমূহ বিসংগতি দূৰ কৰি নিযুক্তি দিবলৈ দাবী জনাইছে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ৷

লগতে পঢ়ক: প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.