গুৱাহাটী, 5 ছেপ্টেম্বৰ: ছাত্ৰ সমাজক উপযুক্ত আদৰ্শৰে গঢ়ি তোলাটো শিক্ষক সমাজৰ অন্যতম প্ৰধান চৰ্ত । কিন্তু সিমানখিনি ত্যাগৰ বিনিময়ত জানো আমি শিক্ষকসকলক তেওঁলোকৰ প্ৰাপ্যখিনি সঁচা অৰ্থত প্ৰদান কৰোঁ ? নিশ্চিতভাৱে আজিৰ এই দিনটোত এয়া এক চিন্তলায় বিষয় । কিয়নো শিক্ষক দিৱসৰ দিনটোত শিক্ষকসকলক লৈ আমি বিভিন্ন কাৰ্যসূচী পালন কৰি থকাৰ মাজতে একাংশ শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজিবলগা হৈছে । তেওঁলোকে ৰাজপথত নামিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে । আনকি শিক্ষক দিৱসত শিক্ষকৰ আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হৈছে ।
পবিত্ৰ শিক্ষক দিৱসৰ দিনাই ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্রতিচ্ছবি আগত লৈ প্ৰতিবাদত বহিল ৰাজ্যৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰী । গুৱাহাটী মহানগৰীৰ চচলৰ ধর্ণাস্থলীত সদৌ অসম প্ৰদেশীকৃত শিক্ষক আৰু কৰ্মচাৰী যৌথ মঞ্চৰ উদ্য়োগত (Teachers protest in Guwahati) সোমবাৰে পুৱা ১০ বজাৰ পৰা ৫ ঘন্টীয়া প্ৰতীকী অনশন (Symbolic hunger strike of teachers in Guwahati) কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষকসকলে ।
উক্ত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ন্য়ায্য় প্ৰাপ্তিৰ পৰা বঞ্চিত প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিয়ে । প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ক্ষুব্ধ শিক্ষকসকলে তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি দিয়াৰ বাবে চৰকাৰৰ বিৰূদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
এই প্ৰতীকী অনশনত অংশ গ্ৰহণ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক শিক্ষয়ত্ৰী সকলেটিউটৰ হিচাপে কৰ্মৰত হৈ থকা সকলক শিক্ষকলৈ উন্নীতকৰণ কৰা, Base স্কুলৰ সমস্যা সমাধানৰ কৰা, বিদ্যালয় প্ৰাদেশিকীকৰণৰ সমস্যা সমাধান আৰু Nonteaching employeesৰ সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায় ।
ইপিনে, সদৌ অসম অপ্ৰাদেশীক শিক্ষক কৰ্মচাৰী সন্থাৰ সম্পাদক হৰমোহন বৰাই যোৱা শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত মুখ্যমন্ত্ৰীক হাতযোৰ কৰি পেটৰ ভাতমুঠি নামাৰিবলৈ আহ্বান জনাইছিল । শিক্ষক দিৱসৰ দিনাই কাহি-বাতি লৈ অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই আন্দোলনৰ হুংকাৰ দিয়াৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে ।
অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই (Non Provincialized Teacher Employee Association) উল্লেখ কৰিছে যে অসম চৰকাৰৰ ২০১৭ আৰু ২০১৮ (সংশোধনী) শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইনখনৰ বিৰোধিতা কৰে সন্থাই ।
উক্ত আইনখনত থকা বহু অনমনীয় ধাৰা-উপধাৰা বাবে এতিয়াও প্ৰায় ২,৬৮৭ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি আছে (Non Provincialized school in Assam)। আনহাতে, শিক্ষক কৰ্মচাৰীৰ মহান ত্যাগক গুৰুত্ব নিদি কেৱল নীতি-নিয়মক গুৰুত্ব দি সন্নিবিষ্ট কিছুমান ধাৰা-উপধাৰাৰ বাবে ২০১৩ আৰু ২০২১ চনত বহু শিক্ষক কর্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই ।
লগতে পঢ়ক:কেবিনেট বৈঠকৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসন