ETV Bharat / state

ৰাজ্যৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ’ব লাভলীনা বৰগোঁহাই - প্ৰাক্তন ছাত্ৰ-ছাত্ৰী

কলাক্ষেত্ৰ শিক্ষক দিৱসৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । লাভলীনা বৰগোঁহাইক ৰাজ্যৰ সমগ্ৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি । ৩৬ গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা। আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থাৰ সৌজন্যত প্ৰয়াত শিক্ষাবিদ, সাহিত্যিক, অধ্যাপক টাবুৰাম টাইদলৈ ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা।

teacher-day-govt-program-at-kalakhatra
৯ ছেপ্টেম্বৰৰ পৰা ২৩ হাজাৰ শিক্ষক নিযুক্তিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন
author img

By

Published : Sep 5, 2021, 6:48 PM IST

গুৱাহাটী, ৫ ছেপ্তেম্বৰ : শিক্ষক দিৱসৰ দিনটোতে টকিঅ' অলিম্পিকত পদক লাভ কৰা লাভলীনা বৰগোঁহাইক ৰাজ্যৰ সমগ্ৰ শিক্ষা বিভাগ তথা শিক্ষা অভিযানৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । অসম চৰকাৰৰ শিক্ষা বিভাগৰ সৌজন্যত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা শিক্ষক দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰে ।

teacher day govt program at kalakhatra
৯ ছেপ্টেম্বৰৰ পৰা ২৩ হাজাৰ শিক্ষক নিযুক্তিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন

ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে উল্লেখ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰতিটো শিক্ষানুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্থা কৰাৰ পোষকতা কৰে । আনহাতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৯ ছেপ্টেম্বৰৰ পৰা ২৩ হাজাৰ শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি সদৰি কৰে । এইবাৰ বাজেটত প্ৰায় ২০ হাজাৰ কোটি টকা শিক্ষা বিভাগৰ উন্নয়নৰ বাবে আৱণ্টন দিয়াৰ কথা তেওঁ জানিবলৈ দিয়ে ।

শিক্ষক নিযুক্তি, আন্তঃ গাঁঠনি উন্নয়ন আৰু মান বিশিষ্ট শিক্ষাৰ জৰিয়তে দেশৰ ভিতৰতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্য ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে বুলি জনাই শিক্ষামন্ত্ৰী গৰাকীয়ে । ৰাজ্যৰ শিক্ষা বিভাগত বহু পদ খালী হৈ থকাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

খালী পদ পূৰণৰ বাবে বহু প্ৰতিবন্ধকতাও আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই প্ৰতিবন্ধকতা সমূহ দূৰ কৰি এটা এটা শিক্ষকৰ পদ পূৰ্ণ কৰা হ’ব । তেওঁ লগতে কয় যে, আন্তঃগাঁঠনিৰ যি সমস্যা আছে, সেই সমস্যা দূৰ কৰিবৰ বাবে ৰিজাৰ্ভ বেংকৰ গাইড লাইন অনুসৰি নাবাৰ্ডৰ পৰা ঋণ লোৱা হৈছে ।

লগতে পঢ়কঃ কিয় আৰক্ষীয়ে দুটা গুলী মাৰিছিল বিশাল চৌধুৰীলৈ; ডিচিপিৰ বৰ্ণনা

ভাষণ প্ৰসংগত তেওঁ কয় যে, যিসমূহ বিদ্যালয়ে মহান মনিষীৰ সৃষ্টি কৰাৰ লগতে ৭৫ বছৰ অতিক্ৰম কৰিলে তেনে ২০৯ খন বিদ্যালয়লৈ আন্তঃ গাঁঠনি উন্নয়নৰ বাবে ৩ কোটিকৈ ধন আগবঢ়াব শিক্ষা বিভাগে । এইবাৰৰ শিক্ষক দিৱসত ৩৬ গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা আগবঢ়োৱা হৈছে ।

আজিৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে চাৰি গৰাকী শিক্ষকক বঁটা আগবঢ়োৱা হয়। অনুষ্ঠানত মনোনীত কৃতি শিক্ষাগুৰুসকললৈ ৰাজ্যিক বঁটা প্ৰদানৰ লগতে আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থাৰ সৌজন্যত প্ৰয়াত শিক্ষাবিদ, সাহিত্যিক, অধ্যাপক টাবুৰাম টাইডলৈ ইতিপূৰ্বে ঘোষিত ২০১৮ চনৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ।

বঁটা গ্ৰহণ কৰে টাবু ৰাম টাইডৰ সহধৰ্মিণী বাসন্তী টাইডে । আনন্দৰাম বৰুৱা বঁটাত আছে ১ লাখ টকা আৰু সংস্কৃত ভাষাত লিখা এখন মানপত্ৰ । অনুষ্ঠানত দুখন স্মৰণিকা 'শিক্ষাজ্যোতি' আৰু 'কামৰূপায়ন' উন্মোচন কৰা হয় । অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্তৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু শিক্ষাগুৰু উপস্থিত আছিল ।

উল্লেখযোগ্য যে, আজি শিক্ষক দিৱসৰ অনুষ্ঠানতে ক্ষোভিত হৈ পৰে একাংশ শিক্ষক । বঁটা প্ৰদান কৰা অনুষ্ঠানটোত বঁটা লাভ কৰা শিক্ষক সকলক মঞ্চত শিক্ষা মন্ত্ৰীয়ে বঁটা প্ৰদান নকৰা বিষয়ক লৈয়ে ক্ষোভিত হৈ পৰে শিক্ষকসকল । যাৰ বাবে আনকি ক্ষমা খুজিব লগা হয় শিক্ষা বিভাগৰ উপদেষ্টাগৰাকীয়ে ।

অৱশ্যে পিছত ক্ষুব্ধ শিক্ষকসকলক মঞ্চত বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানৰ শেষত এই অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয় । ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিছতে সমাপ্ত হৈছিল শিক্ষক দিৱসৰ কাৰ্যসূচী । কিন্তু তাৰ পিছতো কৃতি শিক্ষকক বঁটা প্ৰদান নকৰাক লৈ ক্ষোভিত হৈ পৰিছিল শিক্ষকসকল । পাছত শিক্ষকসকলক বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়কঃ বিলাসী জাহাজ প্ৰদানৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.