বৰপেটা, 28 মাৰ্চ : বৰপেটা জিলাৰ নগাঁওস্থিত শিক্ষামন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত ছাত্ৰক নকল যোগান ধৰি থকাৰ অৱস্থাত আটক হ’ল এজন শিক্ষক (Teacher detain in HSLC Examination center at Barpeta) ৷ পৰীক্ষা গৃহত ছাত্ৰক নকল যোগানৰ অভিযোগত আটক হোৱা শিক্ষকজনৰ নাম খবিৰ ভূঞা বুলি জানিব পৰা গৈছে ৷ খবিৰ ভূঞা হৈছে গৰেমাৰী মিলন হাইস্কুলৰ আৰবী বিষয়ৰ শিক্ষক ৷ ইতিমধ্যে শিক্ষকজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমানৰ নকল জব্দ কৰিবলৈ সক্ষম হৈছে ৷
নকল যোগান ধৰা শিক্ষকজনক বিচাৰি আৰক্ষীয়ে পৰীক্ষা কেন্দ্ৰত অভিযান চলোৱাৰ সময়ত প্ৰস্ৰাৱগাৰৰ ভিতৰত আত্মগোপন কৰিছিল শিক্ষকগৰাকীয়ে ৷ অৱশেষত আত্মগোপন কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে শিক্ষকজনক ৷
ইপিনে পৰীক্ষাৰ্থীক নকল যোগানৰ বাবে নকলৰ ফটোষ্টেট কৰি থকা অৱস্থাত জেৰক্স চেন্টাৰত আন দুজন ব্যক্তিকো আটক কৰে আৰক্ষীয়ে ৷ বৰপেটাৰ পালহাজীৰ ছেমিম জেৰক্স চেন্টাৰত আৰক্ষীয়ে অভিযান চলাই নকলৰ ফটোষ্টেট কৰি থকা অৱস্থাত আটক হোৱা লোকদুজন হ’ল ক্ৰমে, পালহাজী গাঁৱৰ ইনামুল হ'ক আৰু দংৰা গাঁৱৰ ছহিদুল ইছলাম ৷
লগতে পঢ়ক : মহানগৰ আৰক্ষী জালত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰৱঞ্চক