ETV Bharat / state

স্বগোষ্ঠীয় নেতাইহে ঠগিছে চাহ জনগোষ্ঠীকঃ ৰাজু চাহুৰ বিস্ফোৰণ

author img

By

Published : Aug 22, 2020, 3:46 PM IST

বিজেপিয়ে ২০১৬ ৰ নিৰ্বাচনত চাহ জনগোষ্ঠীয় লোকৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰিলেই যথেষ্ঠ আছিল । কিন্তু বিজেপিত যোগ দিয়া এইসকল চাহ জনগোষ্ঠীয় নেতাই নিজৰ জাতিটোৰ বাবে সেয়াও নকৰিলে বা কৰিব নুখুজিলে । এতিয়া পুনৰ নিৰ্বাচনৰ সময় অহাত তেওঁলোকে পুৰণি কেছেটখনকে আকৌ বজোৱা আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ।

tea-tribe-leaders
স্বগোষ্ঠীয় নেতাইহে ঠগিছে চাহ জনগোষ্ঠীকঃ ৰাজু চাহুৰ বিস্ফোৰণ

গুৱাহাটী, ২২ আগষ্টঃ ৰাজ্যৰ ৭০ লক্ষাধিক চাহ জনগোষ্ঠীয় লোকক ঠগিছে স্বগোষ্ঠীয় ৰাজনৈতিক নেতাই । এই বিস্ফোৰক মন্তব্য আগশাৰীৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ । চাবুৱা সমষ্টিৰ এইগৰাকী প্ৰাক্তন বিধায়কে শনিবাৰে ই টিভি ভাৰতলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, আটছাৰ মঞ্চৰ পৰা বিজেপিলৈ যোৱা কোনো এজন নেতাইও নিজৰ জনগোষ্ঠীটোৰ বাবে যোৱা চাৰে চাৰিটা বছৰত এটাও কাম নকৰিলে । তেওঁ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাচা, পল্লৱলোচন দাস, ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিধায়ক তেৰছ গোৱালাক বিজেপিৰ ডম্বৰুত নচা পুতলা বুলি আখ্যা দিয়ে ।

বিজেপিয়ে ২০১৬ ৰ নিৰ্বাচনত চাহ জনগোষ্ঠীয় লোকৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰিলেই যথেষ্ঠ আছিল । কিন্তু বিজেপিত যোগ দিয়া এইসকল চাহ জনগোষ্ঠীয় নেতাই নিজৰ জাতিটোৰ বাবে সেয়াও নকৰিলে বা কৰিব নুখুজিলে । এতিয়া পুনৰ নিৰ্বাচনৰ সময় অহাত তেওঁলোকে পুৰণি কেছেটখনকে আকৌ বজোৱা আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে । তদুপৰি ৰাজু চাহুয়ে প্ৰশ্ন উত্থাপন কৰে যে, বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কেতিয়াকৈ চাহ শ্ৰমিকে লাভ কৰিব দৈনিক ৩৫১ টকা হাজিৰা ? কেতিয়াকৈ চাহ বাগিচাত স্থাপন হ'ব এশখন হাইস্কুল ?

লগতে পঢ়ক ; KMSS ৰ নতুন ৰাজনৈতিক দলঃ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.