ETV Bharat / state

বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনে সংকট কঢ়িয়াছে অসমৰ চাহ উদ্যোগলৈ - নৰ্থ ইষ্টাৰ্ণ টি এছছিয়েছন

বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনে ভয়াৱহ সংকট কঢ়িয়াই আনিছে অসমৰ চাহ উদ্যোগলৈ। বিগত জানুৱাৰী মাহৰ‌ পৰা‌ চলিত মে’ মাহ পৰ্যন্ত হ'ব লগীয়া চাহৰ উৎপাদন স্বাভাবিক পৰিমাণতকৈ ষাঠি নিযুত কিল’গ্ৰাম কমকৈ উৎপাদন হৈছে। শেহতীয়া অধ্যয়নৰ তথ্য দাঙি ধৰি বিষয়টোক লৈ শংকা প্ৰকাশ কৰিছে নৰ্থ ইষ্টাৰ্ণ টি এছছিয়েছনে।

tea_industry_in_loss
বতৰৰ অস্বাভাৱিক পৰিবৰ্তনে সংকট কঢ়িয়াছে অসমৰ চাহ উদ্যোগলৈ
author img

By

Published : May 19, 2021, 10:47 PM IST

গুৱাহাটী, ১৯ মে: চলিত বৰ্ষটো অসমৰ চাহ উদ্যোগৰ বাবে আৰু বিশেষকৈ চাহ উৎপাদনৰ ক্ষেত্ৰত এক অস্বাভাৱিক বৰ্ষ হিচাপে পৰিগণিত হৈছে বুলি এক তথ্যযোগে বুধবাৰে, পূৰ্ণ বিবৃতিৰে আঙুলিয়াই দিছে নৰ্থ ইষ্টাৰ্ণ টি এছছিয়েছনে ।

চলিত বৰ্ষত দীৰ্ঘদিনীয়া খৰাংজনিত পৰিস্থিতৰ ফলত চাহ উৎপাদন অস্বাভাৱিকভাৱে হ্ৰাস পোৱা সন্দৰ্ভত এক অধ্যয়ন চলোৱাৰ কথা অৱগত কৰিছে নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে।

আনহাতে, বিবৃতিটোত নেটাৰ অধ্যক্ষ সুনীল জালানে কয় যে বিগত বৰ্ষত ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত ৰাজ্যৰ চাহ উদ্যোগ এক গভীৰ সংকটত পৰা দেখা গৈছিল, এইবাৰ আকৌ বৰষুণৰ অভাৱত চাহ উৎপাদন অস্বাভাৱিক ভাৱে হ্ৰাস হোৱা ঘটনাই পুনৰবাৰ উদ্যোগটোক সংকটাপন্ন কৰি তুলিছে ।

ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ নলীন খেমানিৰ মতে চলিত বৰ্ষৰ মে' মাহলৈকে অতি কম পৰিমাণৰ চাহ উৎপাদনে অসমৰ চাহ উদ্যোগক যথেষ্ট পৰিমাণৰ ৰাজহ ঘাটি তথা বিত্তীয় সংকটৰ দিশে ঠেলি দিছে ।

বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, উষ্ণতা তথা বৰষুণৰ সঘন হ্ৰাস-বৃদ্ধিৰ ফলত চাহ উদ্যোগত যথেষ্ট ক্ষতিকাৰক প্ৰভাৱ পৰা দেখা গৈছে। উষ্ণতা ৩৪ ডিগ্ৰী চেলচিয়াচৰ পৰা হঠাৎ অৱনমিত হৈ ১৯ ডিগ্ৰী চেলচিয়াচ হোৱাৰ দৰে যোৱা এসপ্তাহ ধৰি হৈ থকা বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনে চাহ উৎপাদনত যথেষ্ট পৰিমাণে বিৰূপ প্ৰভাৱ পেলাইছে ।

ভাৰতীয় চাহ পৰিষদৰ উপদেষ্টা মৃগেন্দ্ৰ জালানৰ মতে বতৰৰ এই অস্বাভাৱিক পৰিবৰ্তন অতি লক্ষনীয আৰু চাহ উৎপাদনৰ প্ৰতি ভাবুকিস্বৰূপ । আনহাতে, নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ প্ৰাক্তন অধ্যক্ষ মনোজ জালানে কয় যে, যোৱা ত্ৰিশ বছৰত চাহ উদ্যোগৰ এনে দুৰৱস্থা কোনেও দেখা পোৱা নাছিল।

বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত চাহ উৎপাদনৰ আৰম্ভণি সময় পিছুৱাই অহাত চাহ বাগিচাত সাৰ ‌প্ৰয়োগৰ সময়ৰ ক্ষেত্ৰতো পলম হ'ল যাৰ পৰিপ্ৰেক্ষিতত আগন্তুক মাহসমূহত চাহ উৎপাদনৰ ভৰপক সময়ছোৱাত কেৱল লোকচানৰ সন্মুখীন হোৱাহে দেখা যাব উদ্যোগটোত ।

নেটাৰ এই অধ্যয়নত পোৱা গৈছে যে, ২০১৯ বৰ্ষৰ তুলনাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মে' মাহলৈকে ৬০ মিলিয়ন কিল'গ্ৰাম পৰ্যন্ত চাহৰ উৎপাদন হ্ৰাস পাইছে ।

বিগত বৰ্ষত অথাৎ ২০২০ বৰ্ষত লকডাউনৰ ফলত হোৱা এই হ্ৰাসৰ পৰিমাণ আছিল ৭৮ মিলিয়ন কিল'গ্ৰাম । শতাংশ হিচাপত ২০১৯ বৰ্ষৰ তুলনাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মে' মাহলৈকে চাহৰ উৎপাদনৰ হাৰ ৪০ শতাংশ হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে বিদ্যানন্দ বৰকাকতিয়ে।

ইফালে, বৰষুণৰ পৰিমাণ বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৪৫ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাত গোলাঘাটৰ পৰা তিনিচুকীয়া জিলালৈকে ৰাজ্যৰ ভিতৰত অধিক চাহ উৎপাদন হোৱা জিলাকেইখনত চাহৰ উৎপাদন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

মনকৰিবলগীয়া কথা যে, চাহ উৎপাদনৰ এই অস্বাভাৱিক সংকটক লৈ ব্যাপক চৰ্চা হৈছে যদিও অসম কিম্বা কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।‌

লগতে পঢ়ক :কি এই ব্লেক ফাংগাছ ? কৰিবলগীয়া আৰু নকৰিবলগীয়...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.