ETV Bharat / state

One World TB Summit: যক্ষ্মা ৰোগীৰ সংখ্যা হ্ৰাসৰ বাবে দুই জিলালৈ ৰাষ্ট্ৰীয় বঁটা

author img

By

Published : Mar 25, 2023, 7:17 AM IST

ৰাজ্যৰ ২ জিলাত যক্ষ্মা ৰোগীৰ সংখ্যা হ্রাস । যক্ষ্মা ৰোগীৰ সংখ্যা হ্রাস হোৱা জিলা দুখন হৈছে বঙাইগাঁও জিলা আৰু কোকৰাঝাৰ জিলা । বঙাইগাঁও জিলাত যক্ষ্মা ৰোগীৰ সংখ্যা ৪ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে । আনহাতে, কোকৰাঝাৰ জিলাত যক্ষ্মা ৰোগীৰ সংখ্যা ২০ শতাংশলৈ হ্রাস হৈছে । যাৰ বাবে যক্ষ্মা নির্মূল অভিযানত বিশেষ সাফল্য প্ৰদৰ্শন কৰাৰ বাবে বঙাইগাঁও জিলা আৰু কোকৰাঝাৰ জিলা ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে (National TB Eradication Campaign award to Assam) ।

TB
TB

গুৱাহাটী, ২৫ মাৰ্চ : শুকুৰবাৰে যক্ষ্মা নির্মূল অভিযানত (National TB Eradication Campaign) বিশেষ সাফল্য প্ৰদৰ্শন কৰাৰ বাবে বঙাইগাঁও জিলা আৰু কোকৰাঝাৰ জিলাক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় (national awards to Bongaigaon and Kokrajhar Districts) । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে ‘ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূল কাৰ্যসূচী’ৰ (এনটিইপি) অধীনত ৰাজ্যখনত যক্ষ্মা ৰোগ দূৰীকৰণৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (ministry of Health and family welfare) প্ৰতিশ্ৰুতিক গুৰুত্ব প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসমে অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে ৰাজ্যখনৰ এই দুখন জিলাত যক্ষ্মা ৰোগীৰ সংখ্যা হ্রাস কৰিবলৈ সক্ষম হোৱাৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ।

উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত (one world TB Summit Varanasi) ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে (PM Nandra Modi) এই বঁটা প্ৰদান কৰে । সন্মিলনত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী, ডঃ মনসুখ মাণ্ডবিয়া, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্রবীণ পাৱাৰ, নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ডঃ ভি কে পল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্রজেশ পাঠক উপস্থিত থাকে ।

ইপিনে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্তই ভার্চুৱেল মাধ্যমৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণ কৰে । লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অবিনাশ যোশী, স্বাস্থ্য বিভাগৰ সচিব বর্ণালী শৰ্মা, অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ডঃ নীল মাধৱ দাসে দিছপুৰৰ জনতা ভৱনৰ পৰা ভার্চুৱেল মাধ্যমৰ জৰিয়তে উক্ত সন্মিলনত অংশগ্ৰহণ কৰে । বঙাইগাঁও জিলাত যক্ষ্মা ৰোগীৰ সংখ্যা ৪ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হোৱাৰ বাবে জিলাখনক ৰূপৰ পদক প্রদান কৰা হয় ।

আনহাতে, কোকৰাঝাৰ জিলাক ২০২৩ বৰ্ষৰ উপৰাষ্ট্ৰীয় প্ৰমাণ-পত্ৰ অনুসৰি যক্ষ্মা ৰোগীৰ সংখ্যা পর্যায়ক্রমে ২০ শতাংশলৈ হ্রাস কৰিবলৈ সক্ষম হোৱাৰ বাবে জিলাখনক ব্ৰঞ্জৰ পদক প্রদান কৰা হয় । বাৰাণসীত অনুষ্ঠিত উক্ত সন্মিলনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডঃ এম এছ লক্ষ্মীপ্রিয়া, যুটীয়া সঞ্চালক (টিবি) তথা অসম ৰাজ্যিক যক্ষ্মা বিষয়া, ডঃ অভিজিত বসু আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ ৰাজ্যিক অন্যান্য প্রতিনিধিসকলৰ সৈতে উপস্থিত থাকে । স্বাস্থ্য বিভাগৰ তথ্য মতে, ৰাজ্যত বিগত ২০২২ বৰ্ষত মুঠ ৪৭,৯২৬ গৰাকী যক্ষ্মা ৰোগীক চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক :Pollution free India : প্ৰদূষণ মুক্ত ভাৰত গঢ়া লক্ষ্যৰে দক্ষিণ ভাৰতৰ পৰা চাইকেলেৰে উপস্থিত লামডিঙত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.