ETV Bharat / state

প্ৰণৱ গগৈক অন্তিম শ্ৰদ্ধাঞ্জলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

author img

By

Published : Feb 4, 2020, 3:09 PM IST

একালৰ সতীৰ্থক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদাই দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ ৰাজীৱ ভৱনত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা জেষ্ঠ্য কংগ্ৰেছ নেতা-বিধায়ক প্ৰণৱ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কংগ্ৰেছ নেতা-কৰ্মীৰ ৷

প্ৰণৱ গগৈক অন্তিম শ্ৰদ্ধাঞ্জলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
প্ৰণৱ গগৈক অন্তিম শ্ৰদ্ধাঞ্জলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

গুৱাহাটী, 4 ফেব্ৰুৱাৰীঃ সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰা কংগেছী বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ নশ্বৰ দেহ মঙলবাৰে লৈ অনা হয় কংগ্ৰেছৰ মূখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ ৷ ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে উপস্থিত থাকে আন জেষ্ঠ্য কংগ্ৰেছী নেতা সকল ৷ প্ৰাক্তন মূখ্যমন্ত্ৰীৰ লগতে আন আন নেতা সকলে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে একালৰ সতীৰ্থগৰাকীক ৷ বৰ্ষীয়ান কংগ্ৰেছী নেতাগৰাকীক হেৰুৱাই আবেগিক হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

১৯৩৬ চনত ডিব্ৰুগড় জিলাত জন্ম লাভ কৰা প্ৰণৱ গগৈ শিৱসাগৰ বিধানসভা সমিষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । ২০০৬ চনৰ পৰা ২০১১ চনলৈ তৰুণ গগৈ চৰকাৰৰ অইন মন্ত্ৰীও আছিল প্ৰণৱ গগৈ । ইয়াৰ পিছতে 2011 চনৰ পৰা 2016 চনৰলৈ অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল ৷

লগতে পঢ়কঃ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ দেহাৱসান

যোৱা কিছুদিনৰ পৰা অসুস্থ হৈ থকা প্ৰণৱ গগৈক সোমবাৰে দুপৰীয়াৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা ১০.৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছী নেতা গৰাকীয়ে । মৃত্যুৰ সময়ত প্ৰণৱ গগৈয়ে পত্নী মোহিনী গগৈৰ লগতে তিনি পুত্ৰ আৰু বহু আত্মীয় এৰি থৈ যায় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰ সম্পন্ন কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰিছে ।

Intro:একালৰ সতীৰ্থক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদাই দিলে প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাজীৱ ভৱনত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা জেষ্ট্য কংগ্ৰেছ নেতা প্ৰণৱ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কংগ্ৰেছ নেতা-কৰ্মীৰ।

Body:অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ, জেষ্ট্য কংগ্ৰেছী নেতা, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক প্ৰণৱ গগৈ সোমবাৰে নিশা ১০.৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। মহানগৰীৰ এখন ব্যক্তিগত হাস্পাতালত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকী তথা তৰুণ গগৈ চৰকাৰৰ আইন মন্ত্ৰী গৰাকীয়ে ৮৩ বছৰ বয়সত নিশ্বাস ত্যাগ কৰে। মাংলবাৰে পুৱাৰ ভাগত জেষ্ট্য কংগ্ৰেছী নেতা গৰাকীৰ নশ্বৰ দেহা অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ মূখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ অনা হয়। ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে কেইবাগৰাকী কংগ্ৰেছী নেতা-কৰ্মীয়ে অন্তিম বিদাই জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীক। একালৰ সতীৰ্থক হেৰুৱাই আবেগিক হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ১৯৩৬ চনত ডিব্ৰুগড় জিলাত জন্ম লাভ কৰা প্ৰণৱ গগৈ শিৱসাগৰ বিধানসভা সমিষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০০৬ চনৰ পৰা ২০১১ চনলৈ তৰুণ গগৈ চৰকাৰৰ অইন মন্ত্ৰী আছিল প্ৰণৱ গগৈ।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:যোৱা কিছুদিনৰ পৰা অসুস্থ হৈ থকা প্ৰণৱ গগৈক সোমবাৰে দুপৰীয়াৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা ১০.৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছী নেতা গৰাকী। মৃত্যুৰ সময়ত প্ৰণৱ গগৈয়ে পত্নী মোহিনী গগৈৰ লগতে তিনি পুত্ৰ আৰু বহু আত্মীয় এৰি থৈ গৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰ সম্পন্ন কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.