ETV Bharat / state

এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই সোনা উল্লাহৰ বিৰুদ্ধে ক্ষড়যন্ত্ৰ ৰচা লোক : তৰুণ গগৈ

author img

By

Published : Jun 8, 2019, 7:50 PM IST

সোনা উল্লাহ প্ৰসংগত ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। এগৰাকী সেনা বিষয়াক বিদেশী বুলি ঘোষণা কৰি ডিটেনচন কেম্পত ৰখা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ৷

এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই সোনা উল্লাহৰ বিৰুদ্ধে ক্ষড়যন্ত্ৰ ৰচা লোক : তৰুণ গগৈ

গুৱাহাটী, 8 জুন : অৱশেষত মুক্ত আকাশৰ তললৈ ওলাই আহিল গোৱালপাৰা ডিটেনচন কেম্পত বিদেশী সাজি বন্দী কৰি ৰখা প্ৰাক্তন সেনা বিষয়া সোনা উল্লাহ৷ প্ৰাক্তন সেনা বিষয়াগৰাকীৰ মুক্তিৰ পাচতেই এই প্ৰসংগত ৰাজ্য চৰকাৰক আক্ৰমণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷

সেনা বিষয়াজনক ডিটেনচন কেম্পত ৰখা কাৰ্যৰ গৰিহণা প্ৰদান কৰি শনিবাৰে এক সংবাদ মেলযোগে ৰাজ্য চৰকাৰক সমালোচনা কৰে তৰুণ গগৈয়ে৷ সোনা উল্লাহৰ মুক্তিৰ বাবে কৰণীয় কাৰ্যত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলিও সংবাদমেলত উল্লেখ কৰে গগৈয়ে ৷ প্ৰাক্তন সেনা বিষয়াজনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা লোকক চৰকাৰে গ্ৰেপ্তাৰ নকৰা বাবে ক্ষোভ উজাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷

Intro:ছানাউল্লাহ প্ৰসংগত ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। এগৰাকী সেনা বিষয়ৰ বিদেশী বুলি ঘোষিত হৈ এইদৰে ডিটেনচন কেম্পত থকাটো দুৰ্ভাগ্যজনক।

Body:অৱশেষত মুক্ত আকাশৰ তলত বিদেশী বুলি ঘোষিত হৈ গোৱালপাৰা ডিটেনচন কেম্পত বন্দী হৈ থকা সেনা বিষয়া ছানাউল্লাহ। মুক্তি লগে লগে ছানাউল্লাহ প্ৰসংগত মুখ খুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্য চৰকাৰ আক্ৰমণ কৰিলে। এক সংবাদমেলত এগৰাকী সেনা বিষয়া বিদেশী বুলি ঘোষিত হৈ ডিটেনচন কেম্পত বন্দী হৈ থকা বিষয়াত ৰাজ্য চৰকাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ছানাউল্লাহক মুক্ত কৰিবলৈ চৰকাৰে যিখিনি কৰিব লাগিছে সেইখিনি নকৰাৰ অভিযোগ উত্থাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্য চৰকাৰক তীব্ৰ সামলোচনা কৰে। গগৈয়ে এন আৰ চি প্ৰসংগত প্ৰশ্ন উত্থাপন কৰি কয় এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হৈছে। এন আৰ চিখন পেলনীয়া কাগজৰ বাহিৰে একো নহয় বুলিও মন্তব্য প্ৰকাশ কৰে তৰুণ গগৈয়ে। গগৈয়ে ছানাউল্লাহৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা ব্যক্তি জনক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিদেশী ন্যায়াধিকৰণৰ ওপৰত এতিয়া ৰাইজে আস্থা হেৰুৱাইছে বুলিও ক্ষোভ প্ৰকাশ কৰে। ন্যায়ধীশৰ যোগ্যতা সম্পৰ্কেও উচ্চতম ন্যায়ালয়েক পৰীক্ষা কৰাৰ দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:উল্লেখযোগ্য যে সেনা বিষয়া ছানাউল্লাহক বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোৱালপাৰা ডিটেনচন কেম্পত আটক কৰি ৰাখিছিল। ছানাউল্লাহ বিদেশী বুলি ঘোষিত হোৱাত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.