ETV Bharat / state

দেশৰ অৰ্থনৈতিক অৱস্থাৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ হৈছে কেন্দ্ৰৰ মোডী চৰকাৰ: তৰুণ গগৈ - কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

দেশৰ অৰ্থনৈতিক অৱস্থাৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ হৈছে কেন্দ্ৰৰ মোডী চৰকাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থনীতিৰ চিকিৎসাৰ বাবে দায়িত্ব প্ৰদান কৰা চিকিৎসক গৰাকী অনুপযুক্ত । দেশৰ বর্তমানৰ অৰ্থনৈতিক অৱস্থাক লৈ মোডী চৰকাৰক এইদৰে আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।

tarun gogoi reaction
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Feb 3, 2020, 6:33 PM IST

গুৱাহাটী, 3 ফেব্ৰুৱাৰীঃ ১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰাৰ পিছত সোমবাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে । তৰুণ গগৈয়ে সংবাদমেল যোগে কয় যে, বৰ্তমান দেশৰ অৰ্থনৈতিক যি দুৰৱস্থা, এনে ক্ষেত্ৰত ৰাইজে এই বাজেটখনকলৈ বহু আশা কৰিছিল । ৰাইজে এই বাজেটখনৰ দ্বাৰা কিছু সকাহ পাব বুলি ভাবিছিল যদিও এই বাজেটখনকলৈ ৰাইজ অসন্তুষ্ট ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গগৈয়ে মোডী চৰকাৰক আক্ৰমণ কৰি কয় যে দেশৰ অৰ্থনীতিক লৈ নৰেন্দ্ৰ মোডী সম্পূৰ্ণ ব্যৰ্থ । বৰ্তমান দেশৰ অৰ্থনীতিত লগা বেমাৰৰ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম নহয় মোডী চৰকাৰ । বেমাৰৰ উপযুক্ত পৰীক্ষা নকৰাকৈ চিকিৎসা প্ৰদান কৰা হৈছে । উপযুক্ত চিকিৎসা নহ'লে এই বেমাৰ অধিক ভয়াৱহ হ'ব । মোডীয়ে দেশৰ অৰ্থনীতিৰ চিকিৎসা প্ৰদান কৰিবলৈ যিগৰাকী চিকিৎসকক দায়িত্ব প্ৰদান কৰিছে তেওঁ সম্পূৰ্ণ অনুপযুক্ত চিকিৎসক বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী আন্দোলন পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱা বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় ,আন্দোলন কিছু কমিছে যদিও অসমীয়া ৰাইজৰ মনত ক্ষোভ কিন্তু কমা নাই ৷ এই ক্ষোভৰ প্ৰভাৱ ২০২১ৰ বিধানসভা নিৰ্বাচনত পৰিলক্ষিত হ'ব বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ সমন্বয়ৰ অন্যন্য নিৰ্দশন শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী

Intro:দেশৰ অৰ্থনৈতিক অৱস্থাৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ হৈছে কেন্দ্ৰৰ মোদী চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনীতিৰ চিকিৎসাৰ বাবে দায়িত্ব প্ৰদান কৰা চিকিৎস্যক গৰাকী অনুপযুক্ত। দেশৰ বর্তমানৰ অৰ্থনৈতিক অৱস্থাকলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আক্ৰমণ মোদী চৰকাৰক।

Body:যোৱা ১ ফেব্ৰুৱাৰী তাৰিখে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ পথটো পূৰ্ণাংগ বাজেট দাখিল কৰাৰ পিছত সোমাবাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে। গগৈয়ে নিজৰ সাংবাদমেলত কয় যে বৰ্তমান দেশৰ অৰ্থনৈতিৰ যি দুৰৱস্থাৰ এনে ক্ষেত্ৰত ৰাইজে এই বাজেটখনকলৈ বহু আশা কৰিছিল। ৰাইজে এই বাজেটখনৰ দ্বাৰা কিছু সকাহ পাব বুলি ভাবিছিল যদিও এই বাজেটখনকলৈ ৰাইজ অসন্তুষ্ট। গগৈয়ে মোদী চৰকাৰক আক্ৰমন কৰি কয় যে দেশৰ অৰ্থনীতিকলৈ নৰেন্দ্ৰ মোদী সম্পূৰ্ণ ব্যৰ্থ। বৰ্তমান দেশৰ অৰ্থনীতিত লগা বেমাৰৰ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম নহয় মোদী চৰকাৰ। বেমাৰৰ উপযুক্ত পৰীক্ষা নকৰাকৈ চিকিৎসা প্ৰদান কৰা হৈছে। উপযুক্ত চিকিৎসা নহলে এই বেমাৰ অধিক ভয়াবহ হ'ব। মোদীয়ে দেশৰ অৰ্থনীতিৰ চিকিৎসা প্ৰদান কৰিবলৈ যিগৰাকী চিকিৎসাকক দায়িত্ব প্ৰদান কৰিছে তেওঁ সম্পূৰ্ণ আনুপযুক্ত চিকিৎসাক বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী আন্দোলন পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱা বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় আন্দোলন কিছু কমিছে যদিও অসমীয়া ৰাইজৰ মনত ক্ষোভ কিন্তু কম নাই। এই ক্ষোভৰ প্ৰভাৱ ২০২১ৰ বিধানসভা নিৰ্বাচনত পৰিলক্ষিত হ'ব বুলিও কয় গগৈয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.