ETV Bharat / state

মোদীৰ ৬ বছৰত অসমে কি পালেঃ তৰুণ গগৈ

সংবাদমেল সম্বোধন কৰি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ মোদীৰ সভাত পশ্চিম বংগ,ভূটান,নেপালৰ পৰাও মানুহ আনিছে বিজিপিয়ে ৷ নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ কৰিম বুলি কোৱা কথাই প্ৰমাণ কৰিছে অসমৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ দায়বদ্ধতাৰ কথা ৷

bbfbgfvbgfb
মোদীৰ সভাত পশ্চিম বংগ , ভূটান, নেপালৰ পৰাও মানু আনিছে বিজিপিয়ে : তৰুণ গগৈ
author img

By

Published : Feb 9, 2020, 3:13 AM IST

গুৱাহাটী, 9 ফেব্ৰুৱাৰী : শনিবাৰে এক সংবাদমেল সম্বোধন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ কোকৰাঝাৰত উপস্থিত হৈয়ে মোদীয়ে অসমত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিম বুলি যি মন্তব্য কৰিছিল সেইটোৱে প্ৰমাণিত কৰিলে যে অসমৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ দায়বদ্ধতা নাই । প্রধানমন্ত্ৰীয়ে কেৱল ঘৰিয়ালৰ চকু পানী হে টুকে । উত্তৰ-পূৱলৈ শান্তি আৰু প্ৰগতি আহিছে বুলি মোদীয়ে কোৱা কথাটোও মিছা বুলি সংবাদমেলত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

নাগৰিকত্ব সংশোধনী আইন আনি বিজেপি চৰকাৰে অসমলৈ অশান্তি আনিছে আৰু বিজিপিয়ে আন্দোলনকাৰীক দেশদ্ৰোহী বুলি ক'ব বিচাৰিছে ৷ অসমৰ জুই কুৰা নুমোৱাৰ পৰিৱৰ্তে, অসমৰ জনমতক সন্মান জনোৱাৰ পৰিৱৰ্তে অসমত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিম বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত ক’লে বুলি উল্লেখ কৰে গগৈয়ে ।

মোদীৰ সভাত পশ্চিম বংগ , ভূটান, নেপালৰ পৰাও মানু আনিছে বিজিপিয়ে : তৰুণ গগৈ

‘কা’ ৰ দ্বাৰা বিজেপিয়ে ১৯৭১ চনৰ ২৪ মাৰ্চৰ অসম চুক্তিক উলংঘা কৰিছে ৷ অগপৰ দিনত সন্ত্ৰাসবাদ অধিক হৈছিল । অৰ্থনীতি বেয়া আছিল । উন্নয়ন বন্ধ হৈ আছিল । শান্তি উন্নয়নৰ প্ৰক্ৰিয়া কংগ্ৰেছৰ দিনত ঘূৰি আহিছিল । আমি ১০ টা বছৰে যি উন্নয়ন কৰিলো, তাৰ পাছত মোদী চৰকাৰৰ ৬ টা বছৰত অসমে কি পালে । মোদী চৰকাৰৰ দিনত কি পালে বুলি প্ৰশ্ন তৰুণ গগৈৰ ৷

গগৈয়ে লগতে কয়, দুটা কাগজ কল বন্ধ হ’ল, ব্ৰহ্মপুত্ৰ খনন নকৰিলে, যোৱা ৫ বছৰত ৩ লাখ কোটি টকা উত্তৰ পূৱলৈ দিয়া হ’ব বুলি ক’লে যিটো একেবাৰে মিছা কথা । তেওঁ পূৰ্বতে ২,৬৩,৫৯৬ কোটি টকা ধাৰ্য্য কৰিছিল, মুকিলি কৰি দিলে ২,৩০,৬৪৬ কোটি টকা । বাকী প্রায় ৩২ হাজাৰ কোটি টকা কমাই দিলে । ধার্য্য কৰা দেখুৱাই হে কিন্তু মুকলি কমকৈ কৰে ।

প্রধানমন্ত্ৰীয়ে বড়োলেণ্ডত ১০০০ কোটি টকা দিম বুলি আগতে ঘোষণা কৰিছিল, এতিয়া কিমান পালে ? ২০০৩ চনত হোৱা চুক্তিৰ পাছত মোদীৰ মতে বড়োলেণ্ডত শান্তি নাছিল, এই চুক্তি কৰাৰ পাছতহে বড়োলেণ্ডত শান্তি আহিছে বুলি বুজাব বিচাৰিছে বুলি তীব্ৰ কটাক্ষ কৰে গগৈয়ে ।

এই চুক্তিৰ ৮০% কাম আমাৰ দিনতে হৈছিল । এতিয়া কেৱল বিজেপিয়ে টিনপাত, লিপষ্টিকটোহে লগাইছে । যদি বেছি সংখ্যক লোকেই চুক্তিখন বিৰোধিতা কৰিলে বড়োলেণ্ডলৈ শান্তি আহিব নেকি ? মোদীয়ে ভাষণেৰে শান্তি আনিব পাৰিব নিকি ? ‘কা’ খন উঠাই দিলেহে অসমলৈ শান্তি আহিব, অসমত শান্তি নহ’লে বড়োলেণ্ডত কেনেকৈ শান্তি আহিব ? যি সময়ত হিন্দু মুছলমানৰ সংঘাত হৈছিল তেতিয়া জৱাহৰলাল নেহেৰুৱে নাগৰিকত্ব আইনৰ সমৰ্থন কৰিছিল । এতিয়া সেইটো পৰিৱেশ হোৱা নাই ।

ইপিনে হাগ্ৰামা মহিলাৰী, হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি গগৈয়ে কয়, হাগ্ৰামা কোন দিনা কাৰ লগত যায় ঠিকনা নাই । হিমন্ত বিশ্ব শৰ্মাও একে । যেতিয়া লৈকে ক্ষমতা থাকিব তেতিয়ালৈকেহে তেওঁলোক লগত থাকিব ৷

দিল্লীৰ নিৰ্বাচনত কি হ’ব সেয়ে সময়ত হে দেখা যাব । কিন্তু মোদীৰ সভাত দিনক দিনে মানুহ কমিবলৈ ধৰিছে । যাৰ বাবে বিজিপিয়ে পশ্চিম বংগ, ভূটান, নেপালৰ পৰাও মানুহ আনিবলগীয়া হৈছে বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Intro:মোদীৰ সভাত পশ্চিম বংগ , ভূটান, নেপালৰ পৰাও মানু আনিছে বিজিপিয়ে : তৰুণ গগৈ

Body:অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শনিবাৰে দিছপুৰস্থিত নিউ মিনিষ্টাৰ কলনীৰ চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি বহু মন্তব্য আগবঢ়াই কয় যে মোদীয়ে কালি যি ঘোষণা কৰিলে, যাৰ দ্বাৰাপ্ৰমানিত হল অসম প্ৰতি নৰেন্দ্ৰ মোদীৰ দায়বদ্ধতা নাই। প্রধানমন্ত্ৰীয়ে কেৱল ঘৰিয়ালৰ চকু পানী টুকিলে। উত্তৰ পূবলৈ শান্তি আৰু প্ৰগতি আহিছে বুলি মোদীয়ে কোৱা কথাটো গোকাত মিছা কথা। নাগৰিকত্ব সংশোধনী আইন আনি বিজিপি চৰকাৰে অসম অশান্তি আনিছে। আজি বিজিপিয়ে আন্দোলনকাৰীক দেশদ্ৰোহী বুলি কব বিচাৰে। অসমৰ জুই কুৰা নুমোৱাৰ পৰিবৰ্তে অসমৰ জনমতত সন্মান জনোৱাৰ পৰিবৰ্তে নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ কৰিম বুলি প্ৰধানমন্ত্ৰী কালি ভাষণত কলে। কা ৰ দ্বাৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ কথাটো উলংঘা কৰিছে। ১৯৭১ৰ ২৪ মার্চৰ পাছত অহা সকলক খেদি ক্ষেত্ৰত আমি সকলো একমত। প্ৰধানমন্ত্ৰীয়ে এনেদৰে অপ প্ৰচাৰ কৰাটো শেভা নাপায়। অগপৰ দিনত সন্ত্ৰাসবাদ অধিক হৈছিল। অৰ্থনীতি বেয়া আছিল। উন্নয়ন বন্ধ হৈ আছিল। শান্তি উন্নয়নৰ প্ৰক্ৰিয়া কংগ্ৰেছৰ দিনত ঘূৰি আহিছিল। আমি ১০ টা বছৰে যি উন্নয়ন কৰিলোঁ , তাৰ পাছত মোদীৰ ৬ বছৰত অসমে কি পালে। মোদী চৰকাৰৰ দিনত কি পালে? দুটা কাগজ কল বন্ধ হল, ব্ৰহ্মপুত্ৰ খনন নকৰিলে, যোৱা ৫ বছৰত ৩ লাখ কোটি টকা উত্তৰ পূৰ্বলৈ দিয়া বুলি কৈছে যিটো একেবাৰে সঁছা নহয়। তেওঁ ২,৬৩,৫৯৬ কোটি টকা ধার্য্য কৰিছিল, মুকিলি কৰি দিলে ২,৩০,৬৪৬ কোটি টকা । বাকী প্রায় ৩২ হাজাৰ কোটি টকা কমাই দিলে। ধার্য্য কৰা দেখুৱাই কিন্তু মুকলি কমকৈ কৰি দিয়ে। প্রধানমন্ত্ৰীয়ে আহি বড়োলেণ্ডত ১০০০ কোটি দিম বুলি আগতে ঘোষণা কৰিছিল, এতিয়া কিমান পালে ? ২০০৩ চনত হোৱা চুক্তিৰ পাছত মোদীৰ মতে বড়োলেণ্ডত শান্তি নাছিল, এই চুক্তি কৰাৰ পাছতহে বড়োলেণ্ডত shanti আহিছিল বুলি তেওঁ বুজাব বিচাৰিছে। এই চুক্তিৰ ৮০% কাম আমাৰ দিনত হৈছিল। এতিয়া টিনপাত লিপষ্টিকটাহে বিজিপিয়ে লগাইছে। যদি বেছি সংখ্যক লোকেই চুক্তিখন বিৰোধিতা কৰিলে বড়োলেণ্ডলৈ শান্তি আহিব নেকি ? মোদীয়ে ভাষনেৰে শান্তি আনিব পাৰিব নিকি ? কা খন উঠাই দিলেহে অসমলৈ শান্তি আহিব, অসমত শান্তি নহলে বড়োলেণ্ডত কোনোকৈ শান্তি আহিব ? যি সময়ত হিন্দু মুছলমানৰ সংঘাত হৈছিল তেতিয়া জৱাহৰলাল নেহেৰুৱে নাগৰিকত্ব আইনৰ সমৰ্থন কৰিছিল। অতিয়াটো সেইটো হোৱা নাই। হাগ্ৰাম কোনদিনা কাৰ লগত যায় ঠিকনা নাই। হিমন্ত বিশ্ব শৰ্মাও একে । যেয়ে ক্ষমতাত থাকিব তেওঁলোকে লগতে থাকিম বুলি তেওঁ কয়। দিল্লীৰ নিৰ্বাচনত কি হব সেয়ে সময়ত দেখা যাব। মোদীৰ সভাত দিনক দিনে মানুহ কমি আহিছে। কালিৰ মিটিংত পশ্চিম বংগ , ভূটান, নেপালৰ পৰাও মানু আনিছে বিজিপিয়ে।

Conclusion:ভূপেন হাজৰিকাক গুজৰাটী জোঁৱাই বুলি কয়। তেওঁলোকৰ গুজৰাটী বোৱাৰীয়ে কি ব্যৱহাৰ কৰিলে ? হাজৰিকাৰ শাহুৰেকৰ ঘৰৰ মানুহে কিমান খবৰ ললে ? মোদীৰ এই কথা বোৰ স্ক্ৰীপ্ট হিমন্তই ইয়াৰ পৰা লিখি দিয়ে। তেওঁ দিল্লীত পঢ়ি আহি ইয়াতে গীত গাই দিছেহে। সকলো মুখস্থ বিদ্যা। মনমোহন সিঙে কথা কম কয় কাম বেছি কৰে। মোদীয়ে কথা বেছি কয় কাম কম কৰে

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.