ETV Bharat / state

মই হিমন্তক বেয়া কাম কৰিব কলে হিমন্তই কিয় কৰেঃ তৰুণ গগৈ

author img

By

Published : Mar 14, 2020, 8:47 PM IST

শনিবাৰে সংবাদমেল সম্বোধন কৰি এসময়ৰ সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উভতি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কংগ্ৰেছ চৰকাৰৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেয়া কাম কৰাৰ বাবে তৰুণ গগৈয়ে কোৱা সন্দৰ্ভত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

গুৱাহাটী
মই হিমন্তক বেয়া কাম কৰিব কলে হিমন্তই কিয় কৰেঃ তৰুণ গগৈ

গুৱাহাটী, 14 মাৰ্চঃ এসময়ৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাৰ লগত অব্যাহত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যুঁজ । কেতিয়াবা যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক, কেতিয়াবা আকৌ প্ৰভাৱশালী মন্ত্ৰীগৰাকীক তীব্ৰ আক্ৰমণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত কৰা এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শর্মাকলৈ দেখা গ'ল আক্ৰমণাত্মক ৰূপ । কংগ্ৰেছ চৰকাৰৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেয়া কাম কৰাৰ বাবে তৰুণ গগৈয়ে কৈছিল বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কয়, "মই হিমন্তক বেয়া কাম কৰিব কৈছিলো যদিও হিমন্তই কিয় বেয়া কাম কৰিলে । মই কোনোবা এজন প্ৰাৰ্থী জিকাৰ সম্ভাৱনা নেদেখি হিমন্তক যদি কৈছিলো এই প্ৰাৰ্থীজন জিকিব জানো, তেতিয়া হিমন্তই মোক কৈছিল আপুনি মোৰ ওপৰত এৰি দিয়ক । হিমন্তক কিবা এটা ক'লে তেওঁ বেছিকৈহে কৰিছিল । এটা সময়ত মোক হিমন্তই কৈছিল যে, তেওঁ মোৰ পৰা ভাল কাম শিকিছে, হিতেশ্বৰ শইকীয়াই হেনো তেওঁক বেয়া কাম শিকাইছিল । এতিয়া তেওঁ মোদী আৰু সৰ্বানন্দৰ গুণ গাই ফুৰে । মোক যেনেকৈ প্ৰতাৰণা কৰিলে সৰ্বানন্দকো কৰিব । হিমন্তই সাৰদা কেলেংকাৰী আৰু অন্যান্য কেলেংকাৰী মোক সুধি কৰিছিল নেকি বুলিও প্ৰশ্ন কৰে তৰুণ গগৈয়ে । গগৈয়ে এই কেলেংকাৰী সমূহৰ তদন্ত কৰাৰ বাবেও ৰাজ্যৰ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনায় ।

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী কংগ্ৰেছী নেতা বিজেপিত যোগদান কৰাৰ দাবীৰ সন্দৰ্ভত গগৈয়ে কয়, সকলো কংগ্ৰেছী নেতা কংগ্ৰেছত থাকিব, বিজেপিলৈ কোনো নাযায় । সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিস্ফোৰণ ঘটাই কয় যে, বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ কংগ্ৰেছত যোগদান কৰিবলৈ যোগাযোগ অব্যহত ৰাখিছে ।

আৰু পঢ়কঃ মৰ্মান্তিকঃ ওদালগুৰিত কইনা থ'বলৈ গৈ প্ৰাণ গ'ল ৫ জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.