গুৱাহাটী, ৩০ নৱেম্বৰঃ জননেতা ভীমবৰ দেউৰীৰ ৭৩তম মৃত্যু তিথিত সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত দেউৰী পিপুল জাষ্টিছ ফৰামৰ উদ্যোগত ভীমবৰ দেউৰী ২০২০ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সসংগীত শিল্পী তথা যুৱনেতা অজয় ফুকন আৰু সমাজকৰ্মী ৰাম বড়োয়ে জননেতাগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পন কৰে।
সোমবাৰৰ অনুষ্ঠানতে সংগঠনটোৱে মৰণোত্তৰভাৱে সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰদান কৰে ভীমবৰ দেউৰী বঁটা, ২০২০। পৰিয়ালৰ হৈ এই বঁটা গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। একেটা অনুষ্ঠানতে ৰিপুন বৰা আৰু যুৱনেতা অজয় ফুকনক প্ৰদান কৰা হয় বিশেষ সম্বৰ্ধনা।
আনহাতে, উক্ত অনুষ্ঠানতে চিত্ৰশিল্পী বৰপেটাৰ নিজু দাসে জুইৰ শিখাৰে তৰুণ গগৈৰ ছবি আঁকি ৰিপুন বৰাক সেই ছবি প্ৰদান কৰাৰ লগতে উপস্থিত অতিথিসকলক মুগ্ধ কৰে ৷ গীত-মাতৰ অনুষ্ঠানো সমাপন হয় ৷ অনুষ্ঠানৰ শেষত সভাপতি সঞ্জীৱ চিৰাম আৰু সম্পাদক হৰিপ্ৰসাদ দেউৰীয়ে আটাইকে শলাগৰ শৰাই আগবঢ়ায় ।
লগতে পঢ়ক: তিতাবৰত প্ৰয়াত তৰুণ গগৈয়ে ৰোপন কৰা এডাল বকুল