ETV Bharat / state

সৰ্বানন্দ সোণোৱাল জাতীয় শত্ৰু তৰুণ গগৈ

author img

By

Published : Jan 3, 2020, 11:24 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলত সৰ্বানন্দ সোণোৱালক জাতীয় শত্ৰু আখ্যা তৰুণ গগৈৰ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসক প্ৰত্যাহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

Tarun gogoi and Assam pradesh congress pressmeet
সৰ্বানন্দ সোণোৱাল জাতীয় শত্ৰুঃ তৰুণ গগৈ

গুৱাহাটী, 3 ডিচেম্বৰঃ শুকুৰবাৰে মহানগৰীৰ লাষ্টগেটস্থিত হোটেল ৰিভাইৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল সম্বোধন ৷ উক্ত সংবাদমেলত কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিধায়ক ৰকিবুল হুছেইন তথা অজন্তা নেওগ উপস্থিত থাকে । সৰ্বানন্দ সোণোৱালক জাতীয় শত্ৰু আখ্যা তৰুণ গগৈৰ ৷ ৰাইজৰ কথা নুশুনি একনায়কত্ববাদ চলাই আছে বুলি কটাক্ষ কৰে গগৈয়ে ৷

আনহাতে, চৰকাৰ গঠন হোৱাৰ পূৰ্বে বিদেশী খেদিম বুলি কোৱা ভাৰতীয় জনতা পাৰ্টিয়ে বিদেশীক এতিয়া ৰঙা দলিচা পাৰি দিছে । 1971 ৰ পিচত অহা সকলো বিদেশীক চিনাক্ত কৰি অসমৰ পৰা বহিস্কাৰ কৰিব লাগে আৰু বিজেপিয়ে সদায় দুমুখীয়া স্থিতি লৈছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

সৰ্বানন্দ সোণোৱাল জাতীয় শত্ৰুঃ তৰুণ গগৈ

তাৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰত্যাহ্বান জনাই কয় যে সাহস আছে যদি 2021 চনত নিজ সমষ্টিৰ পৰা ৰঞ্জিৎ দাস জিকি আহক । আনহাতে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত গগৈয়ে কয় যে হিমন্ত পুনৰ মোৰ কাষলৈ নাহে বুলি নকওঁ । হিমন্তই কেতিয়া কি কৰে ঠিক নাই ৷ লগতে 2021ত ৰাজ্যত কংগ্ৰেছে চৰকাৰ গঠন কৰিবই বুলি প্ৰকাশ কৰে তৰুণ গগৈয়ে ।

আৰু পঢ়কঃ গৰিয়া-মৰিয়া,দেশীসকলৰ লোকপিয়লৰ বাবে চৰকাৰক আহ্বান বিজেপি নেতা মমিনুল আৱালৰ

Intro:১৯৭১ৰ পাছত অহা সকলো বিদেশীক চেনাক্ত কৰি অসমৰ পৰা বহিস্কাৰ কৰিব লাগে : তৰুণ গগৈ

Body:শুকুৰবাৰে মহানগৰীৰ লাষ্টগেটস্থিত হোটেল ৰিভাইএৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল অনুষ্ঠিত কৰা হয়। উক্ত সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিধায়ক ৰকিবুল হুছেইন, আজনত নেওগ উপস্থিত থাকে। উক্ত সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কয় চৰকাৰ গঠন হোৱাৰ পূৰ্বে বিদেশী খেদিম বুলি কোৱা ভাৰতীয় জনতা পাৰ্টিয়ে বিদেশীক এতিয়া মাটি আছে। ১৯৭১ৰ পাছত অহা সকলো বিদেশীক চেনাক্ত কৰি অসমৰ পৰা বহিস্কাৰ কৰিব লাগে। বিজিপিয়ে সদায় দুমুখীয়া স্থিতি লৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কয় অসমৰ জনতাৰ বাবে ৰাজ্যেৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল জাতীয় নায়ক নহয় এতিয়া জাতীয় শত্ৰু। সৰ্বানন্দ সোনোৱাল কাৰো কথা নাশুনি এতিয়া দিকটাৰশ্বীপ ৰাজ চলাই আছে। বিজিপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰত্যাহবান জনাই কয় সহস আছে জদি ২০২১ত নিজ সমষ্টি পৰা ৰঞ্জিত দাস জিকি আহক। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কয় যে হিমন্ত পুনৰ মোৰ কাষলৈ নাহে বুলি নকওঁ। হিমন্ত এজন প্রফেচনেল ছিংগাৰ কেতীয়া কি কৰে ঠিক নাই। ২০২১ত ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠন কৰিবই। উক্ত সংবাদমেলত ৰিপুন বৰাই কয় য়ে অসমৰ সুৰক্ষাৰ স্বাৰ্থত নাগৰিক সংশোধনী আইন বিৰোধী শক্তি একত্ৰিত হোৱা বহু দৰকাৰ। অসমত পৰিস্থিতি সাপেক্ষে বিকল্প ৰাজনৈতিক দল যদি গঠন হয় কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব বিচাৰিলে আমাৰ কোনো আপত্তি নাই। অখিল গগৈ, শৃংখল চলিহা, জিতেন দত্তক ৰাজ্য চৰকাৰ গ্ৰেপ্তাৰ কৰিলে কিন্তু মৃনাল শইকীয়াক উচটানিমূলক মন্তব্য কৰাৰ পাছতো গ্ৰেপ্তাৰ নকৰিলে কিয় এই প্ৰশ্ন উত্থাপন কৰে ৰিপুন বৰাই। লগতে বৰাই ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক অনুৰোধ জনাই সমগ্ৰ ঘটনাৰ ওপৰত এক ন্যায়িক তদন্ত কৰি হিংসাত্মক ঘটনাৰ লগত কংগ্ৰেছ জড়িত থকা প্ৰমাণ দিয়ক বুলি কয়।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.