ETV Bharat / state

Kamrup metro DC meeting: ডিচেম্বৰৰ ভিতৰত কামৰূপ মহানগৰত সৰুআই আৰু ৰুবেলা নিৰ্মূলৰ লক্ষ্য জিলা প্ৰশাসনৰ

author img

By

Published : May 31, 2023, 8:23 PM IST

ডিচেম্বৰ মাহৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ পৰা মিজেল্‌ছ (Measles) বা সৰুআই আৰু ৰুবেলা (Rubella) ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে (Target to eradicate measles and rubella in December) । ইতিমধ্যেই জিলা টাস্ক ফ'ৰ্চ গঠন কৰি গ্ৰহণ কৰিছে পদক্ষেপ । বুধবাৰে এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় এখনি আলোচনা চক্ৰ ।

Target to eradicate measles and rubella in December
ডিচেম্বৰৰ ভিতৰত সৰুআই আৰু ৰুবেলা ৰোগ নিৰ্মূলৰ লক্ষ্য

গুৱাহাটী,৩১ মে': কামৰূপ (মহানগৰ) জিলাত ডিচেম্বৰৰ ভিতৰত মিজেল্‌ছ (Measles) বা সৰুআই আৰু ৰুবেলা (Rubella) ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে (Target to eradicate measles and rubella in December) । জিলাখনত ডিচেম্বৰৰ ভিতৰত মিজেল্‌ছ (Measles) বা সৰুআই আৰু ৰুবেলা (Rubella) ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যত উপনীত হ'বলৈ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে জিলা টাস্ক ফ'ৰ্চ গঠন কৰিছে (Kamrup Metropolitan District Administration) ।

এই লক্ষ্যত উপনীত হ'বলৈ কামৰূপ (মহানগৰ) জিলাত ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় এখনি আলোচনা চক্ৰ (Kamrup metro DC meeting) ৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰুআই আৰু ৰুবেলা সম্পৰ্কীয় জিলা টাস্ক ফ'ৰ্চৰ বৈঠকত ৰোগ দুবিধৰ নিৰ্মূলকৰণৰ বাবে প্ৰতিষেধক প্ৰদানকে ধৰি গ্ৰহণ কৰা আৰু কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় ৷

বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাৰ কলচাল্টেন্ট চিকিৎসক (Consultant doctor of WHO) ডাঃ অৰূপ ডেকাই মিজেল্‌ছ (Measles) বা সৰুআই আৰু ৰুবেলা (Rubella)ৰ ভয়াৱহতাৰ কথা ব্যাখ্যা কৰে ৷ তেওঁ জনায় যে সৰুআই আৰু ৰুবেলা ৰোগৰ প্ৰতিষেধকৰ প্ৰথম পালি শিশুৰ জন্মৰ ৯ মাহৰ পৰা ১২ মাহৰ ভিতৰত আৰু দ্বিতীয় পালি ১৬ মাহৰ পৰা ২৪ মাহত দিব লাগে ৷ কামৰূপ মহানগৰ জিলাত ২০২২-২৩ বৰ্ষত সৰুআই আৰু ৰুবেলা প্ৰতিষেধকৰ দ্বিতীয় পালি ৮৬ শতাংশক দিয়া হৈছে ৷ ৰাজ্যিক পৰ্যায়ত এই হাৰ হৈছে ৮৪ শতাংশ ৷ কামৰূপ মহানগৰ জিলাত এতিয়ালৈকে সৰুআই আৰু ৰুবেলা ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা নাই বুলি সদৰী কৰে ডাঃ ডেকাই ৷

ইপিনে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কামৰূপ মহানগৰ জিলাৰ প্ৰতিটো শিশুৱে যাতে সময়ত সৰুআই আৰু ৰুবেলাৰ প্ৰতিষেধক লাভ কৰে তাক নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ প্ৰদান কৰে ৷ তেওঁ প্ৰতিষেধকৰ প্ৰথম পালি লাভ কৰা প্ৰতিটো শিশুৱে যাতে দ্বিতীয় পালি লাভ কৰে তাৰ বাবে মিছন মোডত কাম কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷ অংগনবাড়ী কেন্দ্ৰলৈ অহা কোনো শিশু এই প্ৰতিষেধকৰ পৰা বঞ্চিত হৈছে নেকি সেই সন্দৰ্ভত জিলা সমাজ কল্যাণ বিষয়াক এখন প্ৰতিবেদন জমা দিবলৈ আহ্বান জনাই উপায়ুক্তগৰাকীয়ে ৷

বৈঠকত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ঝৰ্ণা পাটগিৰি, সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস প্ৰমুখ্য স্বাস্থ্য বিভাগৰ আৰু আন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷ উল্লেখ্য যে ভাৰত চৰকাৰে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ পৰা সৰুআই আৰু ৰুবেলা ৰোগ নিৰ্মূলকৰণৰ বাবে লোৱা লক্ষ্যত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক: AEC students death: অসম অভিযান্ত্রিক মহাবিদ্যালয়ত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.