গুৱাহাটী, ২ অক্টোবৰ: ভাৰতক আৱর্জনা মুক্ত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শ্ৰমদানসহ ১৫ দিনীয়া 'স্বচ্ছতাই সেৱা ২০২৩' শীর্ষক কাৰ্যসূচীৰ আহ্বান জনাইছিল ৷ মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত 'স্বচ্ছতাই সেৱা ২০২৩' শীর্ষক অনুষ্ঠানৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, লগতে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বহুকেইটা বিভাগৰ বিষয়া কৰ্মচাৰীসকল । আজিৰ সভাত শৌচালয় নির্মাণৰ বাবে ১ লাখ হিতাধিকাৰীক প্রত্যেককে ৯ হাজাৰ টকাকৈ DBT যোগে প্রথম কিস্তি প্রদান কৰা হয় ।
তদুপৰি, 'স্বচ্ছতাই সেৱা ২০২৩', SBM-G আৰু SBM-U কার্যক্রমত শ্রেষ্ঠ প্রদর্শনকাৰী জিলা তথা ULB সমূহক বঁটা প্ৰদান কৰে । এই অনুষ্ঠানতে 'সম্পূর্ণ স্বচ্ছতা' শীর্ষক গীতটো মুকলি কৰা হয় । লগতে, মুখ্যমন্ত্রীয়ে আজি চৰকাৰী চাকৰিয়াল তথা পেন্সনভোগীসকলৰ বাবে 'কেচলেছ' চিকিৎসা সেৱাৰ বাবে 'মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনা' শীৰ্ষক আই.টি. পর্টেল মুকলি কৰে ।
এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "এক লাখ শৌচাগাৰ নিৰ্মাণত ১২ হাজাৰকৈ অনুমোদন জনোৱা হৈছে । আজি ৯ হাজাৰকৈ মুকলি কৰি দিয়া হৈছে। এইক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কাৰ্য আগবঢ়াই নিছে । আমি হিতাধিকাৰীকসকলক কাৰিকৰী জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব লাগিব । যদি হিতাধিকাৰীসকলৰ কাৰিকৰী জ্ঞান নাথাকি ৯ হাজাৰ ধন খৰছ কৰে, তেন্তে অৰুণোদয়ৰ পৰা সেইধন কটা হ'ব । শৌচাগাৰ নিৰ্মাণৰ ধন অন্য কামত খৰচ কৰিলে পৰৱৰ্তী সময়ত শৌচাগাৰৰ পৰা বঞ্চিত হ'ব ।"
লগতে বিদ্যালয় পৰ্যায়ত চাফ চিকুণৰ জ্ঞান দিবৰ বাবে মেয়ৰক দায়িত্ব লৈ জন আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । "ভাল কামত ভগৱানে সহায় কৰে । আমি গছ ৰোপণ কৰোঁতে আমাক সকলোৱে সামাজিক মাধ্যমত সমালোচনা কৰিছিল । কিন্তু গছ পুলি ৰোৱাৰ পাচত বৰষুণে সহায় কৰিলে ।"
মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনা পৰ্টেলৰ বিষয়ে মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আগতে ৰঙা ফিটাৰ মেৰপেচত ৰৈ গৈছিল চৰকাৰী চাকৰিয়ালৰ স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰী সুবিধা । এতিয়াৰ পৰা পৰ্টেলত সকলোৱে নাম পঞ্জীয়ন কৰিব লাগিব । নিজৰ লগতে পিতৃ মাতৃৰ নাম পঞ্জীয়ন কৰিব লাগিব । ভাৰত চৰকাৰে যিমান টকাৰ সুবিধা দিয়ে সিমানেই দিব অসম চৰকাৰেও। পৰ্টেলত সকলো Update থাকিব । যদি আগতীয়াকৈ প্ৰয়োজন হয়, পোনে পোনে Part Payment চৰকাৰী চিকিৎসালয়ত কৰিব পাৰিব ৷
যদিহে চিকিৎসা সম্পূৰ্ণ কৰি চিকিৎসালয়ৰ পৰা কৰ্মচাৰীজন ওলাই আহে তেন্তে Payment দিয়া হ'ব কৰ্মচাৰী জনৰ বেংক Account ত। চৰকাৰী চিকিৎসালয়ত Cashless হ'ব এই সুবিধা । নিৰ্বাচিত চিকিৎসালয়তো হ'ব Cashless ব্যৱস্থা । অহা বছৰ ২ অক্টোবৰলৈ পূৰ্ণাংগ ৰূপত ৰূপায়িত কৰিবলৈ প্ৰয়াস হ'ব । এই সুবিধাৰ বাবে দৰমহাৰ সামান্য এটা অংশ কটা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰকীয়ে জানিবলৈ দিয়ে ।