ETV Bharat / state

Suspended OC Utpal Bora Arrested: আয়তকৈ অধিক সম্পত্তি ; নিলম্বিত আৰক্ষী বিষয়া উৎপল বৰাসহ পত্নীক গ্ৰেপ্তাৰ - উৎপল বৰা

ধূলা থানাৰ নিলম্বিত আৰক্ষী বিষয়া উৎপল বৰাক পত্নীসহ গ্ৰেপ্তাৰ ৷ আয়তকৈ অধিক সম্পত্তি থকাৰ বাবে CIDয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে উৎপল বৰা আৰু তেওঁৰ পত্নী প্ৰতিভা ৰেখা ডেকাক ৷ ধূলাৰ এগৰাকী কিশোৰী হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত আছিল উৎপল বৰা (OC Utpal Bora Arrested) ৷

Suspended OC Utpal Bora Arrested
আয়তকৈ অধিক সম্পত্তি ; নিলম্বিত আৰক্ষী বিষয়া উৎপল বৰাসহ পত্নীক গ্ৰেপ্তাৰ
author img

By

Published : Mar 3, 2023, 10:39 PM IST

গুৱাহাটী, 3 মাৰ্চ: আয়তকৈ অধিক সম্পত্তি আহৰণ কৰাৰ অভিযোগত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা ধূলাৰ কিশোৰী হত্যাকাণ্ডৰে জড়িত তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পত্নীসহ শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে CID য়ে ৷ বিয়লি উৎপল বৰাক গুৱাহাটীৰ নিজা আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উৎপল বৰা ধূলাৰ এগৰাকী কিশোৰী হত্যাকাণ্ডৰ CID ৰ গোচৰত গ্ৰেপ্তাৰ হৈ ন্যায়িক জিম্মাত কটাই জামিনত ওলাই আহিছিল ৷ CID ৰ তদন্তৰ সময়তে বৰাৰ আয়তকৈ অধিক সম্পত্তিৰ তথ্য পোহৰলৈ আহিছিল ৷ কেবাটাও বেংকত স্থায়ী জমা, বিলাসী বাহন, গুৱাহাটীত মাটি-সম্পত্তিৰ তালিকা দেখি তদন্তকাৰী বিষয়াৰ চকু কপালত উঠিছিল ।

উল্লেখ্য যে, ধূলাকাণ্ডৰ গোচৰত উৎপল বৰা গ্ৰেপ্তাৰ হোৱাৰ লগতে বিগত বৰ্ষৰ নবেম্বৰ মাহত সেই গোচৰত CID ৰ তদন্তত দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, দলগাঁৱৰ ৰাজহ চক্ৰ বিষয়াসহ তিনিগৰাকী চিকিৎসক আৰু ধূলা থানাত কৰ্মৰত উৎপল বৰাৰ গাড়ীচালকসহ মুঠ 8 জনকৈ বিষয়া গ্ৰেপ্তাৰ হৈ জে’লত দিন অতিবাহিত কৰিব লগা হৈছিল (Suspended OC Utpal Bora) ।

সেই গোচৰত দীঘলীয়া সময় জে’লত কটাই জামিনত নিজ গৃহলৈ উভতিছিল যদিও এইবাৰ উৎপল বৰা পত্নী প্ৰতিভা ৰেখা ডেকাসহ গ্ৰেপ্তাৰ হ’ব লগা হৈছে একমাত্ৰ আয়তকৈ অধিক সম্পত্তি আহৰণৰ তদন্তৰ বাবে । লক্ষ্যনীয় যে, বিগত বৰ্ষৰ 11 মে’ৰ দিনা ধূলা থানাৰ সমীপত হুগ্ৰাজুলিৰ এগৰাকী কিশোৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছিল তেজপুৰৰ এছ এছ বি জোৱান কৃষ্ণ কমল বৰুৱাই (Dhula Minor Murder Case) ।

ঘটনাটো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CIDৰ তদন্ত ঘোষণা কৰাৰ পাচত সমগ্ৰ বিষয় পোহৰলৈ আহে । তদন্ত আৰম্ভ হোৱাৰ লগে লগে গ্ৰেপ্তাৰ হয় ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা গাপ দিয়াত জড়িতসকল । ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাসহ দৰঙৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন নিলম্বিত হয় । পাছলৈ এই তিনিগৰাকী আৰক্ষীৰ উপৰিও সুৰক্ষা বাহিনীৰ জোৱান কৃষ্ণ কমল বৰুৱা, মৰণোত্তৰ প্ৰতিবেদনৰ সূত্ৰ ধৰি তিনি চিকিৎসকসহ ইনকেচ ৰিপৰ্টত স্বাক্ষৰ কৰা কাৰ্যবাহী দণ্ডাধীশ গ্ৰেপ্তাৰ হয় (Dhula Murder Case update) ।

আনকি ধনৰ লেনদেনত জড়িত গাড়ীচালককো গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছিল । CIDৰ তদন্তৰ সময়তে বৰাৰ গুৱাহাটীৰ মাটি ঘৰ, বেংকৰ জমা ধন আৰু বিলাসী বাহন তথা বিদেশ ভ্ৰমণৰ তথ্য পোহৰলৈ আহে । প্ৰথম পৰ্যায়ৰ তদন্তত সম্পত্তি আয়তকৈ অধিক অৰ্জনৰ তদন্ত চলা নাছিল যদিও এইবাৰ সম্পত্তিৰ তদন্তত পুনৰ সপত্নীক আটক হ’ব লগা হৈছে । আয় বৰ্হিভূত সম্পত্তিৰ বাবে গ্ৰেপ্তাৰ হোৱা উৎপল বৰা আৰু তেওঁৰ পত্নীক আজি আদালতত হাজিৰ কৰোৱা হয় । আদালতে দুয়োকে পাঁচদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Ajit Chetia murder case: ডকাইতে হত্যা কৰিছিল অজিত চেতিয়াক; জালত পৰিল চাৰি হত্যাকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.