ETV Bharat / state

Raunak Ali Hazarika: এবছৰৰ পিছত জামিন পালে নিলম্বিত DIG ৰৌণক আলী হাজৰিকাই

author img

By

Published : Oct 15, 2022, 8:47 PM IST

জামিন লাভ কৰিলে ৰৌণক আলী হাজৰিকাই । আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত কাৰাবন্দী হৈ আছিল ৰৌণক। উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে ৰৌণক হাজৰিকাক । ১০ লাখ টকাৰ আমানতৰ ধনৰ বিনিময়ত জামিন লাভ নিলম্বিত DIG ৰৌণকক।

suspended-dig-raunak-ali-hazarika-granted-bail
এবছৰৰ পিছত জামিন পালে নিলম্বিত DIG ৰৌণক আলী হাজৰিকাই

গুৱাহাটী, ১৫ অক্টোবৰ: জামিন লাভ কৰিলে অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাই (DIG Raunak Ali Hazarika granted bail) । উচ্চতম ন্যায়ালয়ে আজি জামিন প্ৰদান কৰিলে ৰৌণক আলী হাজৰিকাক । আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত কাৰাবন্দী হৈ আছিল ৰৌণক । ১০ লাখ টকাৰ আমানতৰ ধনৰ বিনিময়ত জামিন লাভ কৰিলে নিলম্বিত DIG ৰৌণকে । তদন্তকাৰী আৰক্ষীক আদালতত পাছপৰ্ট জমা দিয়াৰ নিৰ্দেশ ৰৌণকক ।

উল্লেখ্য যে, বহুতকে জেলৰ ভাত খুৱাই নিজেই কাৰাবন্দী থাকিবলগীয়া হৈছিল অসম আৰক্ষীৰ জি আই জি ৰৌণক আলী হাজৰিকা ৷ হাজৰিকাৰ টকা পইচাৰ লেনদেনৰ তথ্য খুচৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চকু কপালত উঠিছিল ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বহু বিস্ফোৰক তথ্য লাভ কৰিছিল ৰৌণকৰ বিৰুদ্ধে ৷ চৰকাৰৰ অনুমতি নোলোৱাকৈয়ে বহুকেইখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল আৰু ইয়াৰে বেছিভাগেই আছিল ইছলামিক ৰাষ্ট্ৰ (Raunak Ali Hazarika relation with terrorist) ৷

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযানত নিজে কৰা আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী আছিল হাজৰিকা ৷ ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিঃভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ । মুঠ সম্পত্তিৰ মূল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা । তদুপৰি বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত বিগত বৰ্ষৰ ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল (CM Special vigilance cell against Raunak Ali Hazarika)।

2021 বৰ্ষৰ 5 অক্টোবৰত হেঙেৰাবাৰী বাসগৃহৰ পৰা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে (Suspended DIG Raunak Ali Hazarika) । অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছিল ন ন তথ্য ৷

লগতে পঢ়ক: মৌলবাদী সংগঠনৰে কি সম্পর্ক নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.