ETV Bharat / state

Raunak Ali Hazarika IPS Latest News: লাহে লাহে নেগুৰ পেলাইছে অখণ্ড প্ৰতাপী ৰৌনকে - অবৈধভাৱে অলেখবাৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ ৰৌনক আলি হাজৰিকাৰ

বিশাল সম্পত্তিৰ মালিক নিলম্বিত ডি আই জি ৰৌনক আলি হাজৰিকা (Suspended Assam police officer Raunak Ali Hazarika )ই অৱশেত সেও মানিবলৈ বাধ্য হৈছে অনুসন্ধানকাৰী সংস্থা চি আই ডিৰ ৷ চি আই ডিৰ জেৰাত মুখ খুলিছে অভিযুক্ত ৰৌনক আলি হাজৰিকাই ৷

Raunak Ali Hazarika IPS Latest News
লাহে লাহে নেগুৰ পেলাইছে অখণ্ড প্ৰতাপী ৰৌনকে
author img

By

Published : Nov 27, 2021, 10:32 PM IST

Updated : Nov 27, 2021, 10:59 PM IST

গুৱাহাটী, ২৭ নৱেম্বৰ : অজ্ঞাত উৎসৰ পৰা ৰৌনক আলি হাজৰিকাৰ বেংক একাউন্টলৈ আহিছিল প্ৰায় তিনি কোটি টকা ৷ আনকি চৰকাৰৰ অনুমতি নোলোৱাকৈয়ে অলেখবাৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ গোপনে ভ্ৰমণ কৰিছিল (Raunak Ali Hazarika visited Islamic nations several times illegally) অভিযুক্ত নিলম্বিত ডি আই জি ৰৌনক আলি হাজৰিকাই ৷ এই বিষয়টোক কেন্দ্ৰ কৰিয়েই এতিয়া মূলতঃ জেৰা চলাই থকা হৈছে ৰৌনক আলি হাজৰিকাক । ইতিমধ্য এই সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্যও পোহৰলৈ আহিছে ৷

নিজৰ আয়ৰ সৈতে সামঞ্জস্য নথকাকৈ সা-সম্পত্তি গোটোৱাকে ধৰি আন কেইবাটাও অভিযোগত অভিযুক্ত হৈ হাতকেৰেয়া পিন্ধিবলগীয়া হোৱা ডি আই জি ৰৌনক আলি হাজৰিকা (Raunak Ali Hazarika IPS Suspended)ৰ পৰা লাহে লাহে বিভিন্ন তথ্য উলিয়াবলৈ সক্ষম হৈছে অনুসন্ধানকাৰী সংস্থা চি আই ডিয়ে । গ্ৰেপ্তাৰৰ পিছৰে পৰাই পুলিচি মেজাজ দেখুৱাই তদন্তত কোনো ধৰণে সহযোগ কৰা নাছিল ডি আই জি ৰৌনক আলি হাজৰিকাই । আনকি তদন্তৰ সময়ত তেওঁক সোধা বিভিন্ন প্ৰশ্নৰো যথাযথ উত্তৰ দিয়া নাছিল আৰক্ষী বিষয়া গৰাকীয়ে ।

কিন্তু অসম আৰক্ষীৰ এক সূত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে, বিগত বৃহস্পতিবাৰৰ পৰা লাহে ৰৌনক আলি হাজৰিকাৰ পুলিচি মেজাজ ঠাণ্ডা হোৱাটো পৰিলক্ষিত হৈছে ৷ তদন্তকাৰী বিষয়াৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে । সম্প্ৰতি কাৰাগাৰৰ ভিতৰতে চি আই ডিৰ বিশেষজ্ঞ দলে ধৃত আৰক্ষী বিষয়াজনক জেৰা চলাই আছে(Team of CID is interrogating IPS Raunak Ali Hazarika) ।

অজ্ঞাত উৎসৰ পৰা ৰৌনক আলি হাজৰিকাৰ বেংক একাউন্টলৈ লক্ষাধিক টকা অহা আৰু চৰকাৰৰ বিনা অনুমতিত অলেখবাৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ কৰা ইত্যাদি এই সম্পৰ্কীয় প্ৰশ্ন সমূহৰ উত্তৰ‌ দিয়াৰ পৰা তেওঁ বিৰত আছিল যদিও, শেহতীয়াকৈ চি আই ডিৰ বিশেষজ্ঞৰ দলে কাৰাগাৰৰ ভিতৰতে চলাই থকা জেৰাত ভালেখিনি গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ।

লগতে পঢ়ক : ৩ কোটি আৰু ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ : নতুন মোৰ লৈছে ৰৌণক কাণ্ডই

Last Updated : Nov 27, 2021, 10:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.