ETV Bharat / state

স্বস্তিৰ নিশ্বাসঃ বোমা নহয় ফটকা - গুৱাহাটী ৰেল ষ্টেচন

পল্টন বজাৰস্থিত গুৱাহাটী ৰে'ল ষ্টেচনত আজি পুৱাৰ ভাগত এখন পৰিত্যক্ত বেগক লৈ আতংকৰ সৃষ্টি হয়। বেগখনৰ ভিতৰত বোমা থকাৰ সন্দেহত সৃষ্টি হয় এই পৰিবেশৰ।

গুৱাহাটী ৰেল ষ্টেচনত বোমাতংক !
author img

By

Published : Aug 22, 2019, 11:12 AM IST

Updated : Aug 22, 2019, 3:33 PM IST

গুৱাহাটী, 22 আগষ্টঃ বৃহস্পতিবাৰে অৰ্থাৎ আজি পুৱা ৰে'ল সুৰক্ষা বিভাগে গুৱাহাটী ৰে'ল ষ্টেচনত তালাচী চলাই থকা অৱস্থাত 9 নম্বৰ প্লেটফৰ্মৰ সমীপত পৰিত্যক্ত অৱস্থাত এটা বেগ উদ্ধাৰ কৰে ৷ বেগটোৰ ভিতৰত বোমা জাতীয় সামগ্ৰী থাকিব পাৰে বুলি ৰে'ল সুৰক্ষা বাহিনীৰ জোৱানে সন্দেহ প্ৰকাশ কৰে ।

স্বস্তিৰ নিশ্বাসঃ বোমা নহয় ফটকা

ৰে'ল ষ্টেচনত পৰিত্যক্ত অৱস্থাত বেগ উদ্ধাৰ হোৱাত প্ৰায় তিনি ঘণ্টা সময় ৰে'ল ষ্টেচনত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষী আৰু সুৰক্ষা কৰ্মীয়ে আৱৰি ধৰে সমগ্ৰ ৰে'ল ষ্টেচন। পৰৱৰ্তী সময়ত ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান সকলে এই সন্দৰ্ভত ৰে'ল আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলক খবৰ দিয়ে। আৰু তেওঁলোকৰ খবৰৰ ভিত্তিতে ৰেল আৰক্ষী আৰু অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। ইপিনে ঘটনাস্থলীত বোমা বিশেষজ্ঞৰ দল উপস্থিত বেগটোৰ ভিতৰত কোনো ধৰণৰ বিস্ফোৰক জাতীয় সামগ্ৰী নাই বুলি নিশ্চিত কৰে । বেগটোৰ পৰা ফটকাৰ দুটা পেকেট আৰু তাঁৰ উদ্ধাৰ হয়। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ হোৱা সামগ্ৰীখিনি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Intro:Body:

GUWAHTI STATION BOMB TENSE

গুৱাহাটী ৰেল ষ্টেচনত পৰিত্যক্ত বেগ উদ্ধাৰ। 

বেগ খনকলৈ বোমাতংক। 

ৰেল বিভাগৰ উচ্চ পদস্ত বিষয়া উপস্হিত ঘটনা লস্থলীত

Conclusion:
Last Updated : Aug 22, 2019, 3:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.