ETV Bharat / state

অৱশেষত বিধায়ক পদো এৰিলে সুশান্ত বৰগোঁহাইয়ে - থাওৰাৰ বিধায়ক

সুশান্ত বৰগোঁহাইয়ে (Sushant Borgohain) আনুষ্ঠানিকভাৱে বিজপিত যোগদান কৰিব বুলিও ইতিমধ্যে প্ৰকাশ কৰিছে । কংগ্ৰেছ দল ত্যাগ কৰিছে সেয়েহে তাৎক্ষণিকভাৱে তেওঁৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷

অৱশেষত বিধায়ক পদো এৰিলে সুশান্ত বৰগোহাঁইয়ে

author img

By

Published : Jul 31, 2021, 9:48 PM IST

গুৱাহাটী, ৩১ জুলাই: শুকুৰবাৰে কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ পিছত আজি অৰ্থাৎ শনিবাৰে বিধায়ক পদো ত্যাগ কৰে সুশান্ত বৰগোঁহাইয়ে (Sushant Borgohain) । আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত তেওঁ বিধায়ক পদৰ পৰা অব্যাহতি লৈ পদত্যাগ পত্ৰ দাখিল কৰা কথা আছিল । কিন্তু আজি পুৱাতেই অধ্যক্ষ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ (assam assambly) সৰ্বদলীয় প্ৰতিনিধিৰ দল এটা অসম-মিজোৰাম (Assam-Mizoram) সীমান্ত অভিমুখে ৰাওনা হোৱাত অধ্যক্ষক হাতে হাতে পদত্যাগ পত্ৰ অৰ্পণ কৰাটো থাওৰাৰ বিধায়কগৰাকীৰ বাবে সম্ভৱ হৈ নুঠিল । যাৰ বাবে বিয়লি তেওঁ পদত্যাগ পত্ৰ অধ্যক্ষগৰাকীলৈ প্ৰেৰণ কৰে ।

অৱশেষত বিধায়ক পদো এৰিলে সুশান্ত বৰগোহাঁইয়ে
অৱশেষত বিধায়ক পদো এৰিলে সুশান্ত বৰগোহাঁইয়ে

উল্লেখযোগ্য যে, কংগ্ৰেছ (congress) দল ইতিমধ্যে ত্যাগ কৰিছে সুশান্ত বৰগোঁহাইয়ে । তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলিও ইতিমধ্যে প্ৰকাশ কৰিছে । ইপিনে "হাত" এৰি থৈ হাতত পদুম তুলি ল'ব খোজা সুশান্ত বৰগোঁহাইক‌ লৈ এতিয়া কংগ্ৰেছ দল তল-ওপৰ ৷ শুকুৰবাৰে সুশান্ত বৰগোঁহাইয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত শনিবাৰে তেওঁৰ পদত্যাগ পত্ৰ গৃহীত কৰে প্ৰদেশ কংগ্ৰেছে ৷

আনহাতে একে সময়তে যিহেতু তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে সেয়েহে তাৎক্ষণিকভাৱে তেওঁৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ শুকুৰবাৰে ই-মেইলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা উজনি অসমৰ প্ৰভাৱশালী যুৱ নেতা সুশান্ত বৰগোঁহাইয়ে ৷

ইপিনে, সুশান্ত বৰগোহাঁইৰ অবৰ্তমানত থাওৰা সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক কাম-কাজৰ পৰা আৰম্ভ কৰি সকলো দিশ চোৱা-চিতাৰ বাবে শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (bhupen borah) গঠন কৰি দিয়ে সাতজনীয়া এখন বিশেষ সমিতি ৷ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনক অধ্যক্ষ হিচাপে লৈ গঠন কৰি দিয়া এই সমিতিখনৰ আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছে প্ৰজাপতি নন্দন বৰুৱাক । সমিতিখনৰ বাকীসকল সদস্য হ'ল ক্ৰমে- দেৱ কুমাৰ চেতিয়া, সুশীল পেগু, প্ৰাঞ্জল ঘাটোৱাৰ, কৰ্ম বাহাদুৰ চেত্ৰী, বিপুল গগৈ আৰু অনুজ বৰকটকী ৷

লগতে পঢ়ক: 500 বছৰে প্ৰজ্বলিত হৈ থকা এগছি বন্তি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.