ETV Bharat / state

বানৰ পাচত উৎকট গৰমে দহিছে ৰাজ্যবাসীক - বান

বৰ্ধিত তাপমাত্ৰাই অতিষ্ঠ কৰি তুলিছে ৰাজ্যবাসীক ৷ বিশেষকৈ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা অঞ্চলসমূহত অত্যাধিক গৰমৰ বাবে দেখা দিছে কিছুমান ৰোগে ৷ যাৰ ফলত এতিয়া আন এক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাজ্যৰ বানাক্ৰান্ত ৷

উৎকট গৰমে দহিছে ৰাজ্যবাসীক
উৎকট গৰমে দহিছে ৰাজ্যবাসীক
author img

By

Published : Aug 5, 2020, 5:21 PM IST

গুৱাহাটী, 5 আগষ্ট: যোৱা দুমাহ ধৰি ৰাজ্যৰ ৩৩ খন জিলাৰ 25 খনতকৈয়ো অধিক জিলাত বানে তাণ্ডৱ চলোৱাৰ পাচত এতিয়া, উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ বান প্ৰভাৱিত জিলা সমূহত পৰিস্থিতি স্বাভাৱিক হ'বলৈ ধৰিছে যদিও, গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত বানাক্ৰান্ত ৰাইজৰ আন কিছুমান জটিল সমস্যাই দেখা দিছে ৷ যোৱা চাৰি দিন ধৰি ৰাজ্যত বৃদ্ধি পোৱা গৰমৰ ফলত বান বিধ্বস্ত অঞ্চলসমূহত উকমুকনি দিছে ডায়েৰিয়া, বমি আৰু ভিন্ন ছালৰ ৰোগে ৷ উল্লেখ্য যে, বৰ্তমানেও ১৫ খন জিলাৰ ২৩ টাকৈ ৰাজহ চক্ৰৰ ৩০৮ খন গাঁও প্লাবিত হৈ আছে প্ৰলয়ংকাৰী বানত ৷

এনে ক্ষেত্ৰত বান প্ৰভাৱিত অঞ্চল সমূহৰ ৰাইজ অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন ৷ খোৱা-বোৱাৰ ক্ষেত্ৰত অধিক সতৰ্কতা মানি চলাৰো প্ৰয়োজন বানাক্ৰান্ত ৰাইজে ৷ মঙলবাৰে গুৱাহাটী মহানগৰীত তাপমাত্ৰাই অতিক্ৰম কৰিলে ৩৭ ডিগ্ৰী ৷ ইয়াৰোপৰি ৰাজ্যৰ আন আন স্থানসমূহতো প্ৰায় সম পৰ্যায়ৰ তাপমাত্ৰাই অতিষ্ঠ কৰি তুলিছে ৰাইজক ৷

লগতে পঢ়ক: বানত ক্ষতিগ্ৰস্ত বৰপেটাৰ মৰাপাট খেতিয়কসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.