গুৱাহাটী, ১৯ আগষ্ট: মাত্ৰ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিবেশন এইবাৰ চলিব কটকটীয়া কৰ'ণা নীতিৰ মাজেৰে । চাৰিও দিনৰ কাৰ্যক্ৰমণিকাত বিধানসভাত ভাগ ল'ব পাৰিব ৫০ শতাংশ সদস্যইহে । ইতিমধ্যে বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে এই সন্দৰ্ভত গ্ৰহণ কৰিছে সিদ্ধান্ত ।
৫০ শতাংশ সদস্যৰে চলিব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন সেই অনুসৰি প্ৰতিটো ৰাজনৈতিক দলৰ দলপতিয়ে বাচনি কৰিব পাৰিব সদনৰ কোন দিনাৰ কাৰ্যসূচীত কোন কেইগৰাকী সদস্য উপস্থিত থাকিব । সদনত উপস্থিত থাকিব নোৱৰা সদস্য সকলে নিজা নিজা দলৰ লবীত বহিয়েই সময় কটাব লাগিব । শেহতীয়াকৈ গ্ৰহণ কৰা এনে সকলো সিদ্ধান্তৰ বিষয়ে ই টিভি ভাৰতৰ আগত অৱগত কৰিলে বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই । আনহাতে, অধিবশনৰ চাৰিদিনীয়া কাৰ্যসূচীত কৰ'ণাৰ নীতি মানি চলা হ'ব প্ৰেছ গেলেৰী আৰু অফিচাৰ্ছ গেলেৰীতো ।লগতে পঢ়ক: উন্নত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা