ETV Bharat / state

Assam suicidal statistics: বিগত সাত বছৰত ৰাজ্যত ঘটিছে ১৮, ৭৬৪ আত্মহননৰ ঘটনা - বিগত ৭ বছৰত আত্মহত্যাৰ ঘটনা

বিগত কিছু বছৰ ধৰি এটা কথা বৰকৈ আলোচনা হৈ আহিছে যে, ৰাজ্যত আত্মহননৰ সংখ্যা দিনক দিনে বাঢ়িছে ৷ আত্মহননৰ বৰ্দ্ধিত হাৰে চিন্তিত কৰি তুলিছে সচেতন মহলক ৷ মাত্ৰাধিক হতাশাই আত্মহননৰ মূল কাৰণ বুলি বহু সময়ত বহুজনে কৈ আহিছে (seven years suicide figures of assam) ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা আত্মহননৰ সমীক্ষাই ভবাই তুলিব আপোনাকো !

Assam suicidal figures in last seven years
আত্মহননৰ ভয়াৱহ তথ্য
author img

By

Published : Apr 19, 2023, 10:54 PM IST

গুৱাহাটী, ১৯ এপ্ৰিল : আমি যদি মন কৰো এটা কথা খুব সহজভাৱে সকলোৰে দৃষ্টিগোচৰ হয় যে, আজিকালিৰ যুৱচাম অধিক হতাশাজনিত কাৰণত ভোগে ৷ বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰীৰে ঘেৰ খাই থকা এই যুৱ-প্ৰজন্মৰ হাতত নাই নিজৰ বাবে সময় ৷ পঢ়া-শুনা, চাকৰি-বাকৰি, ব্যৱসায় বা নিজৰ পেচাগত কাম কৰাৰ বাহিৰে তেওঁলোকৰ হাতত নাই নিজক চৰ্চা কৰাৰ সময় ৷ দেখা যায় যে তেওঁলোক খুব মানসিক চাপত ভোগে ৷

এজন মানুহৰ জীৱনত চাপ বিভিন্ন প্ৰকাৰৰ থাকিব পাৰে ৷ কিন্তু বেছিভাগ ক্ষেত্ৰতে মানুহে নিজক চম্ভালিব নোৱাৰা হয় মানসিক চাপত পৰি ৷ মানসিক চাপৰে সৈতে অন্তৰ্দ্বন্দত ভুগি বহু মানুহে শেষত বাছি লয়গৈ জীৱনৰ চৰম সিদ্ধান্ত ৷ শেহতীয়াকৈ এক সমীক্ষা পোহৰলৈ আহিছে যি সমাজৰ এক ভয়াৱহ প্ৰতিচ্ছবি দাঙি ধৰিছে ৷ দিনে দিনে ৰাজ্যত আত্মহননৰ ঘটনা বৃদ্ধি পাইছে । ৰাজ্যত বিগত ৭ বছৰত ১৮,৭৬৪ টা আত্মহননৰ ঘটনা সংঘটিত হৈছে (seven years suicide figures of Assam) ৷

চৰম হতাশাত ভুগি আত্মহননেই হৈ পৰে বহুতৰ বাবে মুক্তি পোৱাৰ একমাত্ৰ উপায় ৷ কিন্তু যি হাৰত এই প্ৰৱণতা বৃদ্ধি পাইছে ই সমাজৰ বাবে কঢ়িয়াইছে এক অশুভ বাৰ্তা ৷ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল ৷ ৰাজ্যত বিগত ৭ বছৰত ১৮, ৭৬৪ টা আত্মহননৰ ঘটনা সংঘটিত হৈছে । বিধানসভাত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যত চলিত বৰ্ষত ২৮ ফেব্ৰুৱাৰীলৈ ২১১ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ।

২০১৬ চনত ৩০২৩ টা, ২০১৭ চনত ২২৭৬ টা, ২০১৮ চনত ২৩৭৯ টা, ২০১৯ চনত ২৩৭০ টা, ২০২০ চনত ৩২৪৩ টা, ২০২১ চনত ৩২৬২ টা আৰু ২০২২ চনত ২০০০ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । এই সময়ছোৱাত গুৱাহাটী মহানগৰীত ২৫২৭ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । মহানগৰীত চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ দুটা মাহত ৬৪ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে (Assam suicidal figures in last seven years)।

জানি আচৰিত হ’ব যে, ২০১৬ চনত ২৫৯ টা, ২০১৭ চনত ৩৪২ টা, ২০১৮ চনত ৩৫৭ টা, ২০১৯ চনত ৩৫৬ টা, ২০২০ চনত ৩৬৯, ২০২১ চনত ৩৮৪ টা আৰু ২০২২ চনত ৩৯৬ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে মহানগৰীত । তথ্য অনুসৰি গুৱাহাটী মহানগৰীত আত্মহননৰ ঘটনা দিনে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে (suicidal figures of Assam in last seven years) । উল্লেখ্য যে, আত্মহনন দৰে চৰম পন্থা কিশোৰ-কিশোৰীৰ মাজত বেছি হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Theft figures in Assam: বিগত আঠ বছৰত ৰাজ্যত ঘটিছে অভিলেখ সংখ্যক চুৰি ডকাইতিৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.