ETV Bharat / state

বহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীৰ বাবে 'সুদক্ষ' আঁচনি মুকলি !

বহিঃৰাজ্যৰ পৰা অহা যুৱক যুৱতীৰ সুবিধাৰ্থে অসম চৰকাৰৰ বিশেষ পদক্ষেপ। 'সুদক্ষ' নামৰ আঁচনিখনৰ জৰিয়তে আত্মসংস্থাপনৰ বাট মোকলাই দিয়া হ'ব যুৱক-যুৱতীসকলক ৷

author img

By

Published : Jun 3, 2020, 2:43 AM IST

sudakshya scheme
sudakshya scheme

গুৱাহাটী, 2 জুন : ক'ভিড-১৯ৰ আতংক আৰু লক্ ডাউন পৰিস্থিতিৰ বাবে বহিঃৰাজ্যৰ পৰা অহা প্ৰায় ৫০ হাজাৰ যুৱক যুৱতীৰ সুবিধাৰ্থে অসম চৰকাৰৰ বিশেষ পদক্ষেপ। ১৮ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ এই যুৱক-যুৱতীসকলৰ বাবে দক্ষতা বিকাশ বিভাগৰ 'সুদক্ষ' নামৰ এখন আঁচনি মংগলবাৰে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কটাহবাৰীস্থিত ৰাজ্য চৰকাৰৰ অসম দক্ষতা বিকাশ অভিযানৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, এই আঁচনিখনৰ জৰিয়তে অসমৰ বহু যুৱক-যুৱতী উপকৃত হ'ব ৷ মুখ্যমন্ত্ৰী গ্ৰাম্য বিকাশ আঁচনিৰ জৰিয়তে ৰূপায়ন কৰা হ'ব এই বিশেষ আঁচনিখন ৷

বহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীৰ বাবে 'সুদক্ষ' আঁচনি মুকলি !

এই যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ বাবে কৃষি, খাদ্য প্ৰস্তুত, বয়ন তথা হস্ত-তাঁত বস্ত্ৰ শিল্পকে ধৰি প্ৰায় ১৭ টা ক্ষেত্ৰত এমহীয়া প্ৰশিক্ষণ দিয়া হ'ব ৷ ইয়াৰ দ্বাৰা আত্মসংস্থাপনৰ বাট মুকলি হোৱাৰ লগতে অসম অৰ্থনৈতিক ভাৱেও স্বাৱলম্বী হ'ব।

উক্ত সভাত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত , শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙকে ধৰি বহুকেইগৰাকী বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক : মুকলি আকাশৰ তললৈ আহিল বিধায়ক আমিনুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.