ETV Bharat / state

২৪ ঘণ্টাৰ ভিতৰত ওভতাই পালে হেৰুওৱা ৩৫ লাখ টকা

অপৰাধীৰ ৰম্যভূমি হিচাপে পৰিচিত গুৱাহাটী মহানগৰীৰ অংকুৰ হাজৰিকা নামৰ এগৰাকী ব্যক্তিৰ SBI একাউণ্টৰ পৰা হৰলুকি হৈছিল ৩৫ লাখ টকা ৷ CID ৰ হেল্পলাইন নম্বৰ ১৫৫২৬০ ৰ জৰিয়তে ব্যক্তিগৰাকীয়ে দাখিল কৰিছিল অভিযোগ ৷ আৰক্ষীৰ তৎপৰতাত ২৪ ঘণ্টাৰ পিছতে ভুক্তভোগী ড৹ হাজৰিকাই বেংক একাউণ্টত লাভ কৰে সমুদায় ধন ৷

author img

By

Published : Nov 3, 2021, 3:40 PM IST

২৪ ঘণ্টাৰ ভিতৰত পালে হেৰুওৱা ৩৫ লাখ টকা
২৪ ঘণ্টাৰ ভিতৰত পালে হেৰুওৱা ৩৫ লাখ টকা

গুৱাহাটী, 3 নৱেম্বৰ : অসম আৰক্ষীৰ সফল অভিযান ৷ অসম আৰক্ষীৰ তৎপৰতাত হেৰুওৱা ধন ঘূৰাই পালে ড৹ অংকুৰ হাজৰিকা নামৰ এজন লোকে ৷ উল্লেখ্য যে, অংকুৰ হাজৰিকাৰ SBI একাউণ্টৰ পৰা হৰলুকি হৈছিল ৩৫ লাখ টকা ৷ এই বিষয়ে হাজৰিকাই পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ ৷ তদুপৰি এই সন্দৰ্ভত তেওঁ CID ৰ হেল্পলাইন নম্বৰ ১৫৫২৬০ ৰ জৰিয়তেও দাখিল কৰিছিল অভিযোগ ৷

  • Based on the FIR at Panbazar PS and complaint at CID helpline no 155260 and with due intervention from CID, the complainant Dr. Ankur Hazarika got returned the entire amount of almost @35 lakhs fraudulently taken away from his SBI account within 24 hours.@DGPAssamPolice

    — CID Assam (@AssamCid) November 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযোগটোৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰি তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীৰ তৎপৰতাত ২৪ ঘণ্টাৰ পিছতে ভুক্তভোগী ড৹ হাজৰিকাই বেংক একাউণ্টত লাভ কৰে সমুদায় ধন ৷ উল্লেখ্য যে, বেংক একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ অভিযোগ দাখিল কৰিবলৈ আৰক্ষীয়ে পূৰ্বে মুকলি কৰিছিল চিআইডিৰ এটা হেল্পলাইন নম্বৰ ৷

একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত ১৫৫২৬০ হেল্পলাইন নম্বৰৰ জৰিয়তে অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল অসম আৰক্ষীয়ে ৷ ইতিমধ্যে এই হেল্পলাইন নম্বৰৰ যোগেদি অভিযোগ দি বহুলোকে হেৰুওৱা ধন পাবলৈ সক্ষম হৈছে ৷

লগতে চাওক: প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.