ETV Bharat / state

মামাৰ স্কুটী বিতৰণত বিসংগতি: কনভয় আগচি ক্ষুব্ধ ভাগিনীৰ প্ৰতিবাদ - হিমন্ত বিশ্ব শৰ্মাৰ কনভয়

হিমন্ত বিশ্ব শৰ্মাৰ স্কুটী বিতৰণ অনুষ্ঠানত অথন্তৰ ৷ 70-80 শতাংশ নম্বৰ লাভ কৰিও প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ একাংশ ছাত্ৰীৰ ৷ GMCH প্ৰেক্ষাগৃহৰ বাহিৰত ভাগিনীয়ে আগচি ধৰিলে মামা হিমন্ত বিশ্ব শৰ্মাৰ কনভয় ৷ মন্ত্ৰী ভৱেশ কলিতাৰ সৈতেও তৰ্ক যুদ্ধত লিপ্ত স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰী সকল ৷

as_ghy_01_students_protest_vis_AS10028
students protest over alleged anomalies in providing scooty to hs passed female students
author img

By

Published : Feb 17, 2021, 8:24 PM IST

Updated : Feb 17, 2021, 10:01 PM IST

গুৱাহাটী, 17 ফেব্ৰুৱাৰী: প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত অসম চৰকাৰে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক একোখনকৈ স্কুটী প্ৰদান কৰাৰ উদ্দেশ্যে বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰি থকাৰ মাজতে উক্ত প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি ৰাজ্যৰ ভিন্ন প্ৰান্তত স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰী সকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে ৷

মামাৰ স্কুটী বিতৰণত বিসংগতি: কনভয় আগচি ক্ষুব্ধ ভাগিনীৰ প্ৰতিবাদ

ৰাজ্যৰ ভিন্ন প্ৰান্তত স্কুটী লাভৰ পৰা বঞ্চিত ছাত্ৰী সকলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনকে আদি কৰি বিভিন্ন হুংকাৰ দিয়াৰ মাজতে বুধবাৰে GMCH প্ৰেক্ষাগৃহৰ বাহিৰতো একাংশ ক্ষুদ্ধ ছাত্ৰীয়ে পৰিৱেশ উত্তাল কৰা দেখিবলৈ পোৱা গ'ল ৷ মূলতঃ স্কুটি প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰকাশিত হিতাধিকাৰীৰ তালিকাত নানা বিসংগতিৰ অভিযোগ উত্থাপন কৰি ছাত্ৰী সকলে মন্ত্ৰী ভৱেশ কলিতাক বিভিন্ন প্ৰশ্নেৰে আগুৰি ধৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় আগচি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদী ছাত্ৰী সকলৰ অভিযোগ অনুসৰি উচ্চতৰ মাধ্যমিকত 70 -80 শতাংশ নম্বৰ লাভ কৰাৰ পাছতো তেওঁলোকৰ নাম সমূহ তালিকাত অহা নায় ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে হিতাধিকাৰীৰ তালিকাত ছাত্ৰী সকলৰ পৰিৱৰ্তে ছাত্ৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে 2013 বৰ্ষতে উত্তীৰ্ণ ছাত্ৰীৰো নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলিছে ছাত্ৰী সকলে ৷

বুধবাৰে GMCH প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান আৰু উক্ত অনুষ্ঠানতে প্ৰায় 15 হাজাৰ 160 গৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰা হয় ৷ কিন্তু, এফালে অনুষ্ঠান চলি থকাৰ মাজতে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি একাংশ ক্ষুব্ধ ছাত্ৰীয়ে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় আগছি ধৰাৰ লগতে মন্ত্ৰী ভৱেশ কলিতাৰ সৈতেও তৰ্কত লিপ্ত হৈ পৰে ৷

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ লাভ কৰা ছাত্ৰী সকললৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰি থকা হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেধাৱী ছাত্ৰী সকলে এই বঁটা লাভ কৰিছে যদিও একাংশ বঞ্চিত ছাত্ৰীৰ অভিযোগ তথা প্ৰতিবাদৰ পাছত এই বিসংগতি আঁতৰ কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: শিৱসাগৰত স্কুটী লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ

Last Updated : Feb 17, 2021, 10:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.