ETV Bharat / state

আজিও জালুকবাৰীত অব্যাহত বি় ফাৰ্মৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ - আৰক্ষী আৰু বিশ্ববিদ্যাল

শুকুৰবাৰে নিশা বহু সময়লৈ প্ৰতিবাদ সাব্যস্ত কৰি থকা শিক্ষাৰ্থীসকলক বুজনি দি ঘৰলৈ পঠিয়াইঠিল আৰক্ষী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াত পুনৰ শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বি.ফাৰ্মৰ শিক্ষাৰ্থীসকলে।

আজিও জালুকবাৰীত অব্যাহত বি় ফাৰ্মৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : Dec 19, 2020, 8:08 PM IST

গুৱাহাটী,19 ডিচেম্বৰঃ শনিবাৰেও অব্যাহত আছে জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত বিশ্ববিদ্যালয়খনৰ অধীনস্থ NIPS, PIPS, GIPS, RIPSৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। বিশ্ববিদ্যালয়খনৰ হঠকাৰী সিন্ধান্তত ক্ষুব্ধ হৈ দ্বিতীয় দিনাও প্ৰতিবাদত বহে ছাত্র-ছাত্ৰীসকল ।

আজিও জালুকবাৰীত অব্যাহত বি় ফাৰ্মৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ

শুকুৰবাৰে নিশা বহু সময়লৈ প্ৰতিবাদ সাব্যস্ত কৰি থকা শিক্ষাৰ্থী সকলক বুজনি দি ঘৰলৈ পঠিয়াইঠিল আৰক্ষী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াত পুনৰ শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বি. ফাৰ্মৰ শিক্ষাৰ্থীসকলে।

ইফালে বৰ্তমান শিক্ষাৰ্থীৰ এটা প্ৰতিনিধিৰ দল,বিশ্ববিদ্যালয়ৰখনৰ অধীনস্থ ব্যক্তিগত খণ্ডৰ শিক্ষাপ্ৰতিষ্ঠান কেইখনৰ অধ্যক্ষ, শিক্ষক সকলে আলোচনাত মিলিত হৈছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ লগত। তদুপৰি প্ৰতিবাদ বন্ধ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত কৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অধিক মাছুল আদায়ৰ স্বাৰ্থত অনুষ্ঠিত কৰিবলৈ ওলাইছে এই পৰীক্ষা। উল্লেখযোগ্য যে প্ৰতিবাদী শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিদৰে আশ্বস্ত কৰে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব।

লগতে পঢ়কঃ নয়দাত অগ্নিকাণ্ডত মৃত্যু অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ সহ পত্নীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.