ETV Bharat / state

New York Fashion Week : অসমক গৌৰৱান্বিত কৰি নিউয়ৰ্ক ফেশ্বন উইকত অসমৰ শিক্ষাৰ্থীৰ কৃতিত্ব

অসমক গৌৰৱান্বিত কৰি নিউয়ৰ্ক ফেশ্বন উইকত গুৱাহাটী আইএনআইএফডিৰ শিক্ষাৰ্থীসকলৰ ডিজাইন প্ৰদৰ্শন ৷ নীহাৰিকা কাকতিৰ নেতৃত্ব আৰু পৰামৰ্শৰে অংশগ্ৰহণ কৰে শিক্ষাৰ্থীসকলে ৷

Students of INIFD design showcase at New York Fashion Week
নিউয়ৰ্ক ফেশ্বন উইকত অসমৰ শিক্ষাৰ্থীৰ কৃতিত্ব
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:31 AM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰ: নিউয়ৰ্ক ফেশ্বন উইকত অসমীয়াৰ কৃতিত্ব ৷ শেহতীয়াকৈ নিউয়ৰ্ক ফেশ্বন উইকত অনুষ্ঠিত হোৱা “ইণ্ডিয়ান ফেশ্বন ট্ৰাংক”ত নীহাৰিকা কাকতিৰ নেতৃত্ব আৰু পৰামৰ্শৰে আইএনআইএফডি গুৱাহাটীৰ ছাত্ৰী অপৰাজিতা হাছাম, দৃষ্টি আগৰৱালা, গজল পাটনী, হিমাংশী গৌৰ, নন্দিনী লাহতী, নিধি পাটনী, ৰিম্পা মণ্ডল, সঞ্জনা ৰাথী আৰু ছেজল ডালমিয়াই নিজে প্ৰস্তুত কৰি উলিওৱা ডিজাইন প্ৰদৰ্শন কৰি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে । International Institute of Fashion Design (INIFD) আৰু লণ্ডন স্কুল অফ ট্ৰেণ্ডছ (LST)য়ে এয়া অষ্টমবাৰৰ বাবে নিউয়ৰ্ক ফেশ্বন উইকৰ সময়ত "ইণ্ডিয়ান ফেশ্বন ট্ৰাংক"ৰ আয়োজন কৰে ।

অভিনৱ চিন্তাধাৰাৰে পুনঃব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা অসমীয়া জাপিৰ সৈতে অসমৰ বহনক্ষম মুগা ৰেচমৰ পৰা প্ৰস্তুত কৰা পোছাকত অসমীয়া কাৰু-কাৰ্য, পৰম্পৰা আৰু পৰিৱেশ-চেতনাৰ এক সুসংগত সমন্বয় প্ৰতিধ্বনিত হয় । পুনঃব্যৱহৃত প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা প্ৰখ্যাত অসমীয়া জাপিৰ সৈতে মিল ৰাখি সচেতনভাৱে প্ৰস্তুত কৰা কাপোৰবিধৰ বাহু অংশ পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক হিচাপে উজলি উঠিছে ।

Students of INIFD design showcase at New York Fashion Week
নিউয়ৰ্ক ফেশ্বন উইকত অসমৰ শিক্ষাৰ্থীৰ কৃতিত্ব

পৰম্পৰাগত শিল্পকলা আৰু উন্নতমানৰ সূতাৰ সংমিশ্ৰণেৰে এনে এখন কাপোৰ প্ৰস্তুত কৰি উলিওৱা হৈছে যিয়ে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ লগে লগে মুগা ৰেচমৰ কালজয়ী সৌন্দৰ্যকো প্ৰদৰ্শন কৰি ইয়াক এক প্ৰকৃত শিল্প আৰু শৈলীৰ কাম হিচাপে উজ্জ্বীৱিত কৰি তোলাৰ লগতে পাৰিপাৰ্শ্বিকভাৱে দায়বদ্ধ ফেশ্বনৰ তাৎপৰ্যৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰে ।

আইএনআইএফডি গুৱাহাটী কেন্দ্ৰৰ সঞ্চালিকা চিঙ্কি আগৰৱালাই কয়, "আমাৰ ডিজাইনাৰ শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰমেৰে বিখ্যাত ফেশ্বন সপ্তাহ 'এনৱাইএফডব্লিউ'ত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰি দেশলৈ সুনাম কঢ়িয়াই অনাটো আমাৰ আপোন ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয় । আমাৰ ডিজাইনাৰসকলে সৃষ্টিশীল ডিজাইনৰ ওপৰত কাম কৰাৰ সময়ত যিকোনো সাজ-পোছাক ডিজাইন আৰু উৎপাদন কৰাৰ ক্ষেত্ৰত সংযোজিত হৈ থকা বাণিজ্যিক দিশটোৰ বিবেচনাৰ প্ৰতিও সজাগ হৈ থাকে ।”

লগতে পঢ়ক : Cyber Crime: বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কৰ্মকাণ্ডত খৰ্গহস্ত একাংশ ছাত্ৰ-ছাত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.