ETV Bharat / state

শৈক্ষিক প্ৰতিষ্ঠানত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনৰ বিৰোধিতা ছাত্ৰ সমাজৰ

author img

By

Published : May 9, 2020, 8:51 PM IST

চৰকাৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্তৰ বিৰোধিতা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ বাবে শিক্ষাৰ্থীক মানসিক চাপ নিদিবলৈ আহ্বান চৰকাৰ তথা শিক্ষানুষ্ঠান কৰ্তৃপক্ষক ।

Students demanded not to establish quarantine centre in education campus guwahati kamrup assam etv bharat news
কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনৰ বিৰোধিতা

গুৱাহাটী,9 মে’ঃ তেজপুৰ বিশ্ববিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ । শৈক্ষিক প্ৰতিষ্ঠানত এনে কেন্দ্ৰ স্থাপন নকৰিবলৈ চৰকাৰক দাবী জনাইছে ছাত্ৰ সমাজৰ । ইতিমধ্যে এই কাৰ্যৰ বিৰোধিতা কৰিছে বিভিন্নজনে । চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে কয়, শিক্ষানুষ্ঠানসমূহত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাবে ৰাজহুৱা খেলপথাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান চৰকাৰক ।

কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনৰ বিৰোধিতা

উল্লেখ্য যে,পলিটেকনিকৰ বিভিন্ন শিক্ষানুষ্ঠানৰ জুন মাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব । ইতিমধ্যে অনলাইন পঞ্জীয়নৰ বাবে শিক্ষাৰ্থীসকলক নিৰ্দেশ দিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তই বিপদ মাতিছে বহু শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতলৈ । অতি কমেও দুমাহ পাঠদানৰ অন্ততহে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ কৰ’ণাৰ ভয়াৱহতাৰ বাবে শিক্ষাৰ্থীক মানসিক চাপ নিদিবলৈ আহ্বান চৰকাৰ তথা শিক্ষানুষ্ঠান কৰ্তৃপক্ষক ।

লগতে চাওকঃ Covid 19 ৰ বিৰুদ্ধে সষ্টম গোৱালপাৰাৰ স্বাস্থ্য বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.