গুৱাহাটী, ডিচেম্বৰ 03ঃ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা ৷ সংবাদমেলত এই ঘোষণা মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰৰ ৷ মঙলবাৰে বিধানসভাৰ চৌহদত ব্লেডেৰে হাত কাটি তেজেৰে প্ৰতিবাদী শ্ল'গান লিখিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ইয়াৰ পাচতেই পদ্ম হাজৰিকাকে ধৰি একাংশ বিধায়কে নিৰাপত্তাৰ প্ৰশ্ন উত্থাপন কৰে বিধানসভাত ৷ এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷
সংবাদমেলখনত আৰক্ষী আয়ুক্তগৰাকীয়ে অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰা তিনিটা বিশেষ সফলতাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে৷ একেদিনাই তিনিওটা অভিযানত সফল হৈছে আৰক্ষী ৷ আৰক্ষীয়ে প্ৰথম সফলতা লাভ কৰে দিছপুৰত ৷ দিছপুৰ লাষ্টগেটৰ সমীপত থকা এটা ল'ডজৰ পৰা আৰক্ষীয়ে আটক কৰে হাৰিয়ানাৰ মহম্মদ ছামিম আৰু মহম্মদ ফক্কৰুদ্দিন নামৰ দুজন লোকক ৷ দুয়োজন জড়িত আছিল এ টি এম চুৰিৰ ঘটনাত ৷ আনহাতে, ছয়মাইলৰ পৰা এখন বাইক চুৰি কৰি নি থাকোতেই জালুকবাৰী আৰক্ষীয়ে আটক কৰে দুটা বাইক চোৰক ৷ ধৃত চোৰ দুটা মুকালমুৱাৰ চাহজাহান আলী আৰু কলগাছিয়াৰ মহৰুদ্দিন আলী ৷ জব্দকৃত বাইকখনৰ নম্বৰ AS-01-DU-6332 ৷ আৰক্ষী আযুক্তগৰাকীয়ে জনোৱা মতে, আৰক্ষীয়ে চুৰিৰ ক্ষেত্ৰত লাভ কৰিছে আন এক সফলতা ৷ এখন পাণ দোকানত চুৰি কৰি থকা অৱস্থাতে আৰক্ষীয়ে তৎপৰতাৰে আটক কৰে আন দুটা চোৰক ৷
তাৰোপৰি, উজান বজাৰত উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ উপযুক্ত প্ৰমাণ দি লৈ যাব পাৰিব মূৰ্তি সমূহ ৷ অৱশ্যে এই মূৰ্তি সমূহ ক'ৰ পৰা কেনেকৈ আহিল সেই সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ অপৰাধ ৰোধৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে দেখুওৱা তৎপৰতাক শলাগ লয় আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ ইয়াৰ বাবে বিশেষ পুৰষ্কাৰ ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷