ETV Bharat / state

বিত্তমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰাৰ পাছত কিমান আশাবাদী গো-পালক সকল? - stimulus economic package by GoI and its impact

দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দুগ্ধ ফাৰ্ম আৰু কৃষকলৈ 2 লাখ কোটি টকাৰ পেকেজ মুকলি কৰাৰ পাছত ইয়াকলৈ কিমান আশাবাদী গো-পালক সকল? কি কয় থলুৱা গো পালক সকলে? এই সন্দৰ্ভত ইটিভি ভাৰত অসমে যুগুত কৰিছে এক বিশেষ প্ৰতিবেদন ৷

stimulus economic package by GoI and its impact on the Assamese Dairy industry
বিত্তমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰাৰ পাছত কিমান আশাবাদী গো-পালক সকল?
author img

By

Published : May 16, 2020, 8:22 PM IST

গুৱাহাটী, 16 মে': দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দুগ্ধ ফাৰ্ম আৰু কৃষকলৈ 2 লাখ কোটি টকাৰ পেকেজ মুকলি কৰাৰ পাছত এইক্ষেত্ৰত কিমান আশাবাদী গো-পালক সকল? কি কয় থলুৱা গো পালক সকলে? এই সন্দৰ্ভত ইটিভি ভাৰতে যুগুত কৰিছে এক বিশেষ প্ৰতিবেদন ৷ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ মন্তব্য কৰে যে, " বিত্তমন্ত্ৰীৰ এই ঘোষণাৰ দ্বাৰা কৃষক বন্ধু সকল যথেষ্ট উপকৃত হ'ব লগতে আমি ইয়াৰ দ্বাৰা যথেষ্ট স্বাৱলম্বী হ'ব পাৰিম ৷ কিন্তু এই ক্ষেত্ৰত বিশেষ আশাবাদী নহয় গো- পালক সকল ৷ চৰকাৰৰ আঁচনিয়ে তেওঁলোকক ধুকি নাপাই বুলিহে মন্তব্য আগবঢ়ালে গো- পালক সকলে ৷ এইসন্দৰ্ভত গো-পালক এগৰাকীয়ে মন্তব্য কৰে যে, "আমি আমাৰ গো- ফাৰ্ম খন আৰু ডাঙৰ কৰিব বিচাৰিছো কিন্তু অৰ্থৰ অভাৱত আজিলৈকে কৰিব পৰা নাই ৷ চৰকাৰৰ ফালৰ পৰা আজি লৈকে কোনো ধৰণৰ লোণ পোৱা নাই আহিলেও সেয়া মধ্যভোগীয়ে আত্মসাৎ কৰে " ৷

বিত্তমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰাৰ পাছত কিমান আশাবাদী গো-পালক সকল?

উল্লেখযোগ্য যে বৰ্তমান অসমত প্ৰতিবছৰে দুগ্ধ উৎপাদন হয় 970 মিলিয়ন লিটাৰ কিন্তু ৰাজ্যত গাখীৰৰ প্ৰয়োজন 2 হাজাৰ 588 মিলিয়ন লিটাৰ ৷ ইয়াৰে চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ ভাগিদাৰী মাত্ৰ 5 শতাংশ কিন্তু ইয়াৰ বিপৰীতে 95 শতাংশ অপ্ৰতিষ্ঠিত ব্যৱসায়ী সকলে বিক্ৰী কৰি আহিছে বজাৰত ৷ মনকৰিবলগীয়া বিষয় যে অসমত 12 লাখ 61 হাজাৰ 680 জনী গাই গৰু (লোকেল)৷ ইয়াৰ বিপৰীতে গড়ে প্ৰতিজনী গাই গৰুৱে 1.07 লিটাৰ গাখীৰ উৎপাদন কৰে ৷ একেদৰে জাৰ্চী গাইৰ ক্ষেত্ৰত অসমত 16 লাখ 75 হাজাৰ 995 জনী গাই গৰু (জাৰ্চী) আছে ৷ য'ত গড়ে প্ৰতি 4.7 লিটাৰ প্ৰতিদিনে উৎপাদন কৰে ৷

লগতে পঢ়কঃ মৰিগাঁৱত পিতা-পুত্ৰ কাজিয়াৰ ফলত পিতৃৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.